সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানৰ ক্ষেত্ৰত গুপ্তসকলৰ অৱদানঃ

এখন ৰাষ্ট্ৰৰ উন্নতি তথা গৌৰৱৰ প্ৰতিফলন ঘটে সেই ৰাষ্ট্ৰৰ সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানৰ বিকাশ সাধনৰ যোগেদি। ইয়াৰ বাবে লাগিব শান্তিৰ পৰিৱেশ, ৰাজকীয়া পৃষ্ঠপোষকতা আৰু শ্ৰম। গুপ্ত ৰজাসকলে সাহত্য-সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপােষকতা আগবঢ়াইছিল। ৰাজপৃষ্ঠপােষকতা লাভ কৰা ভাষা-সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবােধ বিকাশত সহায় কৰিছিল। সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মর্যাদা লাভ কৰিছিল। এই সময়ত ৰচনা কৰা সাহিত্যসমূহ মূলতঃ সংস্কৃত ভাষাত লিখা হৈছিল। 'প্রাকৃত’সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখাদত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আন এগৰাকী পণ্ডিত হৰিসেনে এই যুগতে এলাহাবাদ স্তম্ভলিপিৰ যােগেদি এক প্রশস্তি লিখি উলিয়াইছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্রন্থসমূহ এই যুগত পুনৰ মুদ্রিত হৈছিল। দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্ব কালত নগৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল, যাক নৱত্ন বুলি কোৱা হৈছিল।

সাহিত্য- সংস্কৃতিৰ দৰেই বিজ্ঞান, জ্যোর্তিবিদ্যা আৰু অংক শাস্ত্রই এই যুগত প্ৰসাৰতা লাভ কৰিছিল। জ্যোর্তিবিদ্যাৰ কেতবােৰ সিদ্ধান্তই বিশ্ববাসীক চমকৃত কৰিছিল। এই যুগৰ প্রখ্যাত জ্যোর্তিবিদ আর্যভট্টই আর্যভট্টীয়’নামৰ পুথিখন ৰচনা কৰিছিল। পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাঁতাে চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্রগ্রহণ হয়— এই দুটা বৈজ্ঞানিক ব্যাখ্যা আর্যভট্টই গুপ্ত যুগতেই উদ্ভাৱন কৰিছিল। ইয়াৰ উপৰি, এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি, শূণ্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্বসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোর্তিশাস্ত্রবিদ বৰাহমিহিৰে বৃহৎসংহিতা' নামৰ উল্লেখযােগ্য পুথি ৰচনা কৰিছিল। 'চৰক’ আৰু 'সুশ্রুত’ এই যুগৰ দুজন উল্লেখযােগ্য চিকিৎসা শাস্ত্রবিদ আছিল।

শিল্প-ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদান ঃ

শিল্প-ভাস্কৰ্যলৈ উত্তৰণে গুপ্ত যুগক আৰু এখোপা উচ্চ শিখৰলৈ তুলি নিছিল। এই যুগৰ স্থাপত্য-ভাস্কৰ্য আৰু চিত্ৰ-কলাই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। এই যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাত ব্ৰহ্মা, বিষ্ণ আৰু শিৱৰ বাহিৰেও অন্যান্য দেৱ-দেৱীৰ মূৰ্তি প্ৰতিফলিত হৈছিল। দেৱ-দেৱীৰ মূৰ্তিসমূহ ইটা আৰু শিলেৰে নিৰ্মাণকৰা হৈছিল। বৌদ্ধ ভিক্ষুসকলৰ বাবে পাহাৰ কাটি নিৰ্মাণ কৰা মন্দিৰ আৰু শিল, ইটাৰে নিৰ্মিত মন্দিৰসমূহ গুপ্ত যুগৰ ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন। এই মন্দিৰসমূহৰ শিল্প আছিল বিদেশী প্ৰভাৱ মুক্ত গুপ্ত যুগৰ স্থাপত্যৰ কেতবোৰ নিদৰ্শন হ'ল সাঁচীৰ বিষ্ণ মন্দিৰ,দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যান মগ্ন বুদ্ধ, মথুৰাৰ থিয় দি থকা বুদ্ধ মুৰ্তি ইত্যাদি। দিল্লীৰ ওচৰৰ মেহৰুলিৰ লৌহস্তম্ভও বোধকৰো এই যুগৰ অৱদান। গুপ্ত যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাৰ প্ৰভাৱ অসমতো পৰা দেখা গৈছিল। উদাহৰণস্বৰূপে, তেজপুৰৰ দ' পৰ্বতীয়াত থকা শিলৰ তোৰণখনৰ কথা উনুকিয়াব পাৰি। এই তোৰণখনত থকা গংগা আৰু যমুনাৰ মূৰ্তিত গুপ্ত ভাস্কৰ্যৰ স্পষ্ট নিৰ্দশন পোৱা যায়। ইয়াৰ আগলৈকে অসমত শিলত দেৱ-দেৱীৰ মূৰ্তি খোদিত কৰাৰ নিদৰ্শন পোৱা নাযায়। ইয়াৰ পৰিৱৰ্তে অসমৰ ভাস্কৰ্যসমূহত মাটি আৰু কাঠহে ব্যৱহাৰ কৰা হৈছিল। দ' পৰ্বতীয়াৰ উপৰি মিকিৰ আতী (নগাঁও), বৰগংগা (নগাঁও), কামাখ্যা (গুৱাহাটী), বৰমেধী পাৰা (দুধনৈ)ত পোৱা ভাস্কৰ্যবোৰতো গুপ্ত ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।

চিত্ৰকলাৰ ক্ষেত্ৰতো গুপ্তযুগ গৌৰৱৰ উচ্চ শিখৰত উপনীত হৈছিলগৈ। শিল্পী আৰু চিত্ৰৰসকলে বিভিন্ন গুহা আৰু মন্দিৰসমূহত অপূর্ব চিত্র অংকন কৰিছিল। অজয়া, ইলােৰা, বাঘগুহা আদিৰ চিত্রাঙ্কণসমূহে গুপ্তযুগৰ গৰিমা আজিও আমাক সোঁৱৰাই দিয়ে। গুপ্তযুগৰ সাহিত্য-সংস্কৃতি, বিজ্ঞান, স্থাপত্য-ভাস্কর্য আৰু চিত্রকলাৰ বিকাশৰ পৰা এই যুগক নিঃসন্দেহে ভাৰতৰ ইতিহাসৰ 'স্বর্ণযুগ' বুলিব পাৰি ৷ কিন্তু বহুতাে ইতিহাসবিদে গুপ্তযুগক স্বর্ণযুগ বােলা কথাষাৰ মানি ল'ব নােখােজে। কাৰণ, গুপ্তযুগত এক শ্রেণী লােকৰ আর্থিক অৱস্থা টনকিয়াল হ'লেও সাধাৰণ শ্ৰেণীৰ লােক আছিল অতি দৰিদ্র। দ্বিতীয়তে গুপ্তযুগত স্বর্ণ আৰু ৰূপৰ মুদ্ৰাৰ আগতে কড়িৰ প্ৰচলন হােৱাৰ বাবে ব্যৱসায় বাণিজ্যৰ যথেষ্ট ক্ষতি হৈছিল। ফাহিয়ানৰ টোকামতে পাটলিপুত্ৰ নগৰৰ বাহিৰে অন্যান্য নগৰসমূহৰ অৱস্থা সিমান ভাল নাছিল। তৃতীয়তে, গুপ্তযুগত চিত্রশিল্প, ভাস্কর্যই উচ্চ শিখৰত আৰহণ কৰিছিল সঁচা, কিন্তু এনেবােৰ সৃষ্টি অভিজাত শ্ৰেণীৰ বিনােদন আৰু মনোৰঞ্জনৰ মাজতহে সীমাবদ্ধ আছিল। চতুৰ্থতে, গুপ্তযুগত সংস্কৃত-সাহিত্যৰ বহুল বিকাশ ঘটিলেও সৰ্বসাধাৰণ লোকৰ  ভাষা আছিল প্ৰাকৃতহে সেয়েহ, সংস্কৃত ভাষাৰ পৃষ্ঠপোষকতা কৰা সম্ৰাটসকলে কেৱল অভিজাত আৰু ধনী শ্ৰেণীৰ প্ৰতিহে অধিক গুৰুত্ব দিছিল। এনেবোৰ কাৰণতে, আধুনিক ইতিহাসবিদসকলে গুপ্ত যুগক 'স্বৰ্ণযুগ' বুলি মানি ল'ব নোখোজে।