পদৰ ব্যাপ্ততা

তৰ্কবিজ্ঞানসন্মত বচনসমূহৰ ক্ষেত্ৰত উদ্দেশ্য, বিধেয়, সংযোজক আদি অংশসমূহ সদায় স্পষ্ট আৰু ক্ৰমিক ৰূপত প্ৰকাশ কৰিব লাগে। A, E, I আৰু O এই চাৰি প্ৰকাৰ বচনত ব্যৱহাৰ হোৱা এই উদ্দেশ্য আৰু বিধেয় পদসমূহৰ পৰিমাণগত দিশৰ আলোচনাই হ'ল 'পদৰ ব্যাপ্যতাৈৰ আলোচনা বিষয়। যেতিয়া এটা পদে ইয়াৰ সমগ্ৰ বাচ্যাৰ্থ বা পৰিমাণ বুজায় তেতিয়া সেই পদটোত ব্যাপ্ত পদ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে 'সকলো মানুহ হয় মৰণশীল'। ইয়াত উদ্দেশ্য পদ 'মানুহ' 'সকলো' পৰিমাণকেৰে চিহ্নিত হৈছে আৰু ই সমগ্ৰ বাচ্যাৰ্থ সীচাইছে। গতিকে এই ক্ষেত্ৰত উদ্দেশ্য পদক ব্যাপ্ত বুলিব পাৰি।

    আনহাতে, উদ্দেশ্য বা বিধেয় কোনো এটা পদে যেতিয়া আংশিক বাচ্যাৰ্থ বা পৰিমাণ সূচায় তেতিয়া পদটোক অব্যাপ্ত বুলি কোৱা হয়। উদাহৰণ স্বৰূপে 'কিছুমান বৃক্ষ হয় চিৰ সেউজীয়া'। এই বচনটোত উদ্দেশ্য পদ "বৃক্ষ'ই আংশিক বাচ্যাৰ্থ সূচাইছে। গতিকে ই অব্যাপ্ত।

তলত তৰ্কবিজ্ঞানসন্মত A. E, I, আৰু O বচনত কোনটো পদ ব্যাপ্ত আৰু কোনটো অব্যাপ্ত তাক আলোচনা কৰা হ'ল।

1. সামান্য সদৰ্থক বা A বচনত পদৰ ব্যাপ্তিঃ

এটা সামান্য সদৰ্থক বা A বচনত উদ্দেশ্য পদে সমগ্ৰ বাচ্যাৰ্থ সামৰি লয়। সেইবাবে A বচনৰ ক্ষেত্ৰত উদ্দেশ্য পদ ব্যাপ্ত বুলি স্বীকৃত হয়। আনহাতে, A বচন এটাৰ বিধেয় পদটো কেৱল উদ্দেশ্য পদটোৰ বাহিৰৰ অংশৰ ক্ষেত্ৰত নহয়। গতিতে বিধেয় পদটোৱে স্বতন্ত্ৰভাৱে যিমান পৰিমাণ সামৰি ল'ব পাৰিলেহেঁতেন, সেই পৰিমাণ কেৱল উদ্দেশ্য পদটো সম্পৰ্কে স্বীকৃত হোৱাৰ লগে লগে কমি যায়। উদাৈহৰণ স্বৰূপে 'সকলো জন্তু হয় মৰণশীল'। এই বচনটোত 'জন্তু' উদ্দেশ্য পদ ব্যাপ্ত, কাৰণ ই 'সকলো' জন্তু' সামৰি লৈছে। আনহাতে, 'মৰণশীল' বিধেয় অব্যাপ্ত। কাৰণ ইয়াক কেৱল 'জন্তু'ৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হৈছে, বাকীবোৰ জীৱ বা উদ্ভিদৰ ক্ষেত্ৰত নহয়। গতিকে ই অব্যাপ্ত। অৰ্থাৎ সাধাৰণ 'A' বচনৰ ক্ষেত্ৰত উদ্দেশ্য ব্যাপ্ত আৰু বিধেয় অব্যাপ্ত। এই সাধাৰণ A বচনসমূহক বাদ দি আন কিছুমান বচন A বচনৰ অন্তৰ্ভুক্ত হয়। সেই বচনসমূহ হৈছে- (i) কোনো বস্তু বা প্ৰাণী সম্বন্ধীয় সংজ্ঞাঃ A- সকলো চতুৰ্ভুজ হয় চাৰিটা বাহুৰে আগুৰা ক্ষেত্ৰ।ছ (ii) সমব্যাপক উদ্দেশ্য আৰু বিধেয় সংযুক্ত অথবা উদ্দেশ্য বিধেয় নিৰ্দিষ্ট বিশিষ্ট পদযুক্তঃ A- এভাৰেষ্ট হয় পৃথিৱাৰ সৰ্বোচ্চ শৃংগ। 

(iii) পুনৰুক্তিমূলকঃ A- সকলো মানুহ হয় মনুষ্য জাতীয় প্ৰাণী।

    এনেবোৰ A বচনৰ ক্ষেত্ৰত উদ্দেশ্য আৰু বিধেয় দুয়োটা পদৰেই পৰিমাণ সমান। সেয়েহে এনে ক্ষেত্ৰত দুয়োটা পদকেই ব্যাপ্ত বুলি ধৰা হয়।

2. সামান্য নঞৰ্থক বা E বচনত পদৰ ব্যাপ্তিঃ

    সামান্য নঞৰ্থক বা E বচনৰ ক্ষেত্ৰত উদ্দেশ্য পদটো সমগ্ৰ বাচ্যাৰ্থৰ অৰ্থত গ্ৰহণ কৰা হয়। সেইবাবে ই ব্যাপ্ত। আনহাতে, বিধেয় পদটো নঞৰ্থক বচনৰ বিধেয় বাবে ই উদ্দেশযৰ অন্তৰ্ভুক্ত নহয়। উদাহৰণ স্বৰূপে 'কোনো মানুহ নহয় অমৰ'। এই বচনটোত উদ্দেশ্য 'মানুহ' আৰু বিধেয় 'অমৰ' দুয়োটা পদেই ব্যাপ্ত হৈছে। উদ্দেশ্য 'মানুহ' সমগ্ৰ বাচ্যাৰ্থৰ ক্ষেত্ৰত গ্ৰহণ কৰা বাবে ব্যাপ্ত হৈছে। আনহাতে, বিধেয় 'অমৰ' উদ্দেশ্য পদৰ পৰা সম্পূৰ্ণ বহিৰ্ভূত হৈ থথাকি সমগ্ৰ জগতৰ মানুহক বুজাইছে। গতিকে বিধেয় ব্যাপ্ত হৈ পৰিছে।

    ইয়াৰ পৰা দেখা যায় যে E বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটা পদেই ব্যাপ্ত।

3. বিশেষ সদৰ্থক বা I বচনত পদৰ ব্যাপ্তিঃ

    এটা I বচনৰ উদাহৰণ হ'ল- 'কিছুমান মানুহ হয় জ্ঞানী'। এই বচনটোৰ উদ্দেশ্য পদ 'মানুহ' অব্যাপ্ত কাৰণ ই 'কিছুমান' পৰিমাণকেৰে নিৰ্দেশিত হৈ আংশিক বাচ্যাৰ্থ সূচাইছে। আনহাতে, বিধেয় পদ 'জ্ঞানী' কিছুমানৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। অৰ্থাৎ বচনটো বিশ্লেষণ কৰিলে এনে হ'ব- 'কিছুমান মানুহ হয় কিছুমান জ্ঞানী জীৱ'। গতিকে ইয়াত বিধেয় পদো অব্যাপ্ত। অৰ্থাৎ I বচনত উদ্দেশ্য আৰু বিধেয় উভয়েই অব্যাপ্ত।

4. বিশেষ নঞৰ্থক বা O বচনত পদৰ ব্যাপ্তিঃ

    এটা O বচনৰ উদাহৰণ হ'ল- 'কিছুমান মানুহ নহয় সাধু'। এই বচনটোৰ উদ্দেশ্য পদ 'মানুহ' 'কিছুমান' পৰিমাণকেৰে নিৰ্দেশিত হৈ অব্যাপ্ত হৈছে। আনহাতে, নঞৰ্থক বচনটো বিধেয় পদ 'সাধু' উদ্দেশ্য পদৰ বহিভুৰ্ত হৈ থাকি সমগ্ৰ বাচ্যাৰ্থক সূচাইছে। গতিকে ই ব্যাপ্ত হৈ পৰিছে। এতেকে O বচনৰ ক্ষেত্ৰত উদ্দেশ্য লঅব্যাপ্ত। আনহাতে, বিধেয় ব্যাপ্ত।

    প্ৰদত্ত আলোচনাৰ পৰা আমি কিছুমান শিদ্ভান্ত গ্ৰহণ কৰিব পাৰো। সেইকেইটা হ'ল-

(i) সামান্য সদৰ্থক বা A বচনত উদ্দেশ্য ব্যাপ্ত বিধেয় অব্যাপ্ত।

(ii) সামান্য নঞৰ্থক বা E বচনত উদ্দেশ্য বিধেয় এটাও ব্যাপ্ত।

(iii) বিশেষ সদৰ্থক বা I বচমত উদ্দেশ্য বিধেয় এটাও ব্যাপ্ত নহয়।

(iv) বিশেষ নঞৰ্থক বা O বচনত উদ্দেশ্য অব্যাপ্ত, আনহাতে বিধেয় ব্যাপ্ত।

    প্ৰদত্ত সিদ্ধান্তসমূহকক বুজাব পৰা অন্য ৰূপ এনেধৰণৰ হ'বঃ

(i) সামান্য বচনত উদ্দেশ্য পদ ব্যাপ্ত।

(ii) নঞৰ্থক বতনত বিধেয় পদ ব্যাপ্ত।

    'বচনত পদৰ ব্যাপ্ততা' এই ধাৰণাটো আমি চিত্ৰৰ সহায়ত এনেদৰে প্ৰকাশ কৰিব পাৰোঃ

(i) A বচন 








সকলো মানুহ হয় মৰণশীল

(ii) E বচন


 





কোনো মানুহ নহয় অমৰ

(iii) I বচন







কিছুমান মানুহ হয় জ্ঞানী

(iv) O বচন







কিছুমান মানুহ নহয় সাধু

    প্ৰদত্ত চিত্ৰসমূহৰ প্ৰথম চিত্ৰত উদ্দেশ্য 'সকলো মানুহে' মৰণশীলতাৰ এটা অংশ দখল কৰিছে। গতিকে উদ্দেশ্য ব্যাপ্ত বিধেয় অব্যাপ্ত। দ্বিতীয় চিত্ৰত 'মানুহ' আৰু 'অমৰ' দুয়োটাই প্ৰত্যেকৰ পৰা বহিৰ্ভূত, গতিকে ইয়াত দুয়োটাৰে পৰিমাণ সমান হৈ আছে, গতিকে দুয়োটা ব্যাপ্ত। তৃতীয় চিত্ৰত 'মানুহ' আৰু 'জ্ঞানী'দুয়োটাৰে নিৰ্দিষ্ট অংশহে এটাই আনটোক অন্তৰ্ভুক্ত কৰিছে, গতিকে ইয়াত উদ্দেশ্য আৰু বিধেয় এটাও সম্পূৰ্ণ বাচ্যাৰ্থ প্ৰকাশ নকৰি অব্যাপ্ত হৈ ৰৈছে। চতুৰ্থ চিত্ৰত 'মানুহ' উদ্দেশ্য পদৰ এটা অংশ 'সাধু' বিধেয় পদৰ অন্তৰ্ভুক্ত হৈ আছে। অৰ্থাৎ 'মানুহ' উদ্দেশ্যৰ এটা অংশ সমগ্ৰ 'সাধু'
 শ্ৰেণীৰ পৰা বাহিৰত আছে। অৰ্থাৎ ইয়াত উদ্দেশ্য অব্যাপ্ত আৰু বিধেয় ব্যাপ্ত।

পাঠৰ মূলকথাঃ

(i) তৰ্কবিজ্ঞানসন্মত A, E, I আৰু O বচনৰ উদ্দেশ্য আৰু বিধেয় পদৰ পৰিমাণ বা বাচ্যাৰ্থৰ আলোচনাই পদৰ বিস্তৃতিকৰণৰ মূল বিষয়।

(ii) এটা ব্যাপ্ত পদে ইয়াৰ সম্পূৰ্ম বাচ্যাৰ্থ সামৰি লয়।

(iii) এটা অব্যাপ্ত পদে ইয়াৰ আংশিক বাচ্যাৰ্থহে সূচায়।

(iv) সামান্য সদৰ্থক বা A বচনত উদ্দেশ্য ব্যাপ্ত বিধেয় অব্যাপ্ত। অৱশ্যে, নিৰ্দিষ্ট, বিশিষ্ট, সংজ্ঞামূলক আদি A বচনৰ ক্ষেত্ৰত দুয়োটা পদেই ব্যাপ্ত হয়।

(v) সামান্য নঞৰ্থক বা E বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটাই ব্যাপ্ত।

(vi) বিশেষ সদৰ্থক বা I বচনত এটাও পদ ব্যাপ্ত নহয়।

(vii) বিশেষ নঞৰ্থক বা O বচনত বিধেয় ব্যাপ্ত। 

(viii) সামান্য বচনৰ উদ্দেশ্য পদ ব্যাপ্ত হয়। 

(ix) এটা বচনৰ উদ্দেশ্য পদৰ পৰিমাণকৰ দ্বাৰা নিৰ্দেশিত হয়।

(x) সদৰ্থক বচন এটাৰ বিধেয় পদ সদায় অব্যাপ্ত হয়।

(ix) নঞৰ্থক বচন এটাৰ বিধেয় পদ সদায় ব্যাপ্ত হয়।

Type Himanku Bora