ভাৰতৰ নিৰ্বাচন পদ্ধতি

ওপৰত তুমি হয়তো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন পদ্ধতি সম্পৰ্ক লক্ষ্য কৰিছা । সেই বিষয়ে তুমি হয়তো চিন্তাও কৰিছা  তুমি হয়তো নিৰ্বাচনী প্ৰচাৰ বা নিৰ্বাচনী অভিযানৰ বিভিন্ন পদ্ধতি দেখিছা বা পঢ়িছা ।  কিন্তু নিৰ্বাচনৰ বিভিন্ন পদ্ধতি সমূহৰ কি কি ? নিৰ্বাচন অনুষ্ঠিত কৰাৰ এটা নিৰ্দ্দিষ্ট পদ্ধতি থাকে । কি কৰিব লাগে আৰু কি কৰি নালাগে সেই বিষয়ে কৰ্তৃপক্ষ আৰু আইন থাকে । নিৰ্বাচন মানে কেৱল সেয়ে নে ? তুমি ছাগে ভাবি আচৰিত হৈছা যে ভোট গণনা আৰু প্ৰতিনিধি নিৰ্বাচিত কিদৰে কৰা হয় সেই বিষয়ে সংবিধানত থকাটো কিয় প্ৰয়োজন ?সি খুবেই স্পষ্ট  নহয়নে? জনসাধাৰণে ভোট দিয়ে। যিজন প্ৰৰ্থীয়ে সবাতোকৈ বেছি ভোট পায় তেৱেঁই নিৰ্বাচিত হয় । সমগ্ৰ বিশ্বতে নিৰ্বাচনে তাকে সূচায়। 

তেন্তে আমি এই বিষয়ে কিয় চিন্তা কৰিব লাগে?

    ইয়াৰ প্ৰয়োজন আছে, কাৰণ দেখাত ই যিমান সহজ আচলতে ই তেনে নহয়। আমি আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া লগত ইমান অভ্যস্ত হৈ পৰিছো যে তাতকৈ ই বেলেগ হব পাৰে বুলি আমি ভাবিব  নোৱাৰো ।  গণতান্ত্ৰিক নিৰ্বাচনত জনসাধাৰণে ভোট দিয়ে আৰু তেওলোকৰ পছন্দ মতে প্ৰাৰ্থী নিৰ্বাচিত হয়। কিন্তু জনসাধাৰণে  পছন্দ আৰু আনতকৈ উপযুক্ত বুলি ভবা কথাটো নিৰ্ণয় কৰাৰ বেলেগ পদ্ধতিও হব পাৰে । খেলৰ এই সুকীয়া নিয়মসমূহে খেলৰ বিজেতা নিৰ্ণয়ত নিৰ্ণায়ক ভূমিকা লব পাৰে। কিছুমান আইনে ডাঙৰ দলসমূহক সহায় কৰিব পাৰে। কিছুমানে আকৌ সৰু খেলুৱৈ (দল) বোৰক সহায় কৰিব পাৰে। কিছুমান নিয়মে সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক সহায় কৰিব পাৰে। কিছুমানে সংখ্যালঘুসকলক সুৰাক্ষা দিব পাৰে । ই কেনেকৈ সম্ভৱ তাৰ এটা নাটকীয় উহদাহৰণ আমি পৰীক্ষা কৰো আহা। প্ৰথম জনেই বিজেতা পদ্ধতি (First Past The Post System) বাতৰি কাকতৰ খবৰ টুকুৰা (Clipping )টোলৈ চোৱা ই ভাৰতীয় গণতন্ত্ৰৰ এটা ঐতিহাসিক মূহুৰ্ত্তৰ কথা কৈছে। ভিতৰত চনৰ লোক সভা নিৰ্বাচন কংগ্ৰেছ দলে ৫৪৩ খন আসনৰ ভিতৰত ৪১৫ খন ( যিটো ৮০ শতাংশতকৈও বেছি আছিল।  ) আসন লাভ কৰিছিল। ইয়াৰ আগতে লোকসভাৰত কোনো দলেই এনে বিজয় লাভ কৰা নাছিল। এই নিৰ্বাচন কি প্ৰতিফলিত কৰিছিল ?

    কংগ্ৰেছ দলে মুঠ  আসনৰ এক পঞ্চমাংশ আসন লাভ কৰিছিল। ই এইটো বুজায় নেকি য প্ৰতি ৫ জন ভাৰতীয় ভোটদাতাৰ ভিতৰত ৪ জনেই কংগ্ৰেছ  দলৰ সপক্ষে  ভোট দিছিল ? প্ৰকৃততে সি নহয় । সন্নিবিষ্ট তালিকাখনত চকু ফুৰোৱা । কংগ্ৰেছ দলে ৪৮ শতাংশ  ভোট লাভ কৰিছিল। ইয়াৰ অৰ্থ হল ভোটদাতা সকলৰ ভিতৰত কেৱল ৪৮ শতাংশই কংগ্ৰেছ  দলৰ প্ৰাৰ্থীক ভোট দিছিল, কিন্তু তথাপিও সেই দলে লোকসভাৰ  ৮০ শতাংশতকৈও অধিক আসন লাভ কৰিছিল। আন দলসমূহৰ প্ৰদৰ্শনলৈ চোৱা। বিজেপি দলে ৭.৪ শতাংশ ভোট লাভ কৰিছিল কিন্তু আসনৰ সংখ্যা ১ শতাংশতকৈও কম আছিল। সেইটো কেনেকৈ সম্ভৱ হল?

১৯৮৪ চনৰ লোক সভাৰ নিৰ্বাচনত কেইটামান প্ৰধান দলে লাভ কৰা ভোট আৰু আসনৰ সংখ্য়া

 দল

ভোটাৰ শতকৰা হিচাব

 আসনৰ সংখ্যা 

 কংগ্ৰেছ

বিজেপি

জনতা

লোক দল

চি. পি আই.(এম)

তেলেগু দেশম

ডি. এম. কে.

এ আইএ ডি এম কে

আকালি দল

অসম গণ পৰিষদ

 ৪৮.০

৭.৪

৬.৭

৫.৭

৫.৭

৪.১

২.৩

১.৬

১.০

১.০

 ৪১৫

১০ 

২২

৩০

১২

 এয়া এই বাবেই সম্ভৱ হ'ল কাৰণ আমাৰ দেশত আমি এক বিশেষ ধৰণৰ নির্বাচন পদ্ধতি অৱলম্বন কৰাে । এই পদ্ধতি এনেকুৱা , 

*সমগ্ৰ দেশখন ৫৪৩ টা সমষ্টিত ভাগ কৰি লােৱা হয় ।

 *প্রতিটো সমষ্টিৰে পৰা এজনকৈ প্রতিনিধি নির্বাচন কৰা হয় , আৰু 

*এটা সমষ্টিত সর্বাধিক ভােট লাভ কৰা জনক নির্বাচিত বুলি ঘােষণা কৰা হয় । 

    এই কথা দ্রষ্টব্য যে এই পদ্ধতিত যিজন প্রার্থীয়ে আন সকলতকৈ বেছি ভােট পায় , তেওঁকেই নির্বাচিত বুলি ঘােষণা কৰা হয় । জয়লাভ কৰা প্রার্থীজনে সংখ্যাগৰিষ্ঠ ভােট পাব লাগিব বুলি কোনাে কথা নাই । এই পদ্ধতিটোক প্রথমজনেই বিজেতা ( First Past the Post ) ( FPTP ) পদ্ধতি বুলি কোৱা হয় । নির্বাচনী দৌৰত যিজন প্রার্থী আনতকৈ আগবাঢ়ি থাকে , যিজনে পােন প্রথমে জয়ৰ খুটা অতিক্রম কৰে তেৱেঁই জয়ী হয় । এই পদ্ধতিটোক বহুত্ব প্রথা ( Plurality System ) বুলিও কোৱা হয় । সংবিধানত নির্বাচনৰ এই পদ্ধতিটোক গ্ৰহণ কৰা হৈছে । এতিয়া আমি আমাৰ উদাহৰণটোলৈ উভতি যাওঁ আহা । ' The Cong party won greater share of seats than its share of votes because in many of the constituencies in which its candidates won , they secured less than 50 % of the votes কংগ্ৰেছ দলে ইয়াৰ ভােটৰ অংশতকৈ বেছিসংখ্যক আসন লাভ কৰাৰ কাৰণ হ'ল , এই দলৰ প্রার্থীয়ে জয়লাভ কৰা বহু সমষ্টিত তেওঁলােকে ৫০ % শতাংশতকৈ কম ভােট পাইছিল । 

    যদি প্রার্থী কেবাজনাে থাকে জয়লাভ কৰা প্রার্থীজনে প্রায়ে ৫০ % শতাংশতকৈ যথেষ্ট কম ভােট পােৱা দেখা যায় । পৰাজয় বৰণ কৰা প্রার্থী সকলে পােৱা ভােটবােৰ অপচয় ( Waste ) হয় কিয়নাে দল বা প্রার্থী সকলে সেই ভােটৰ দ্বাৰা কোনাে আসন লাভ নকৰে । ধৰি লােৱা কোনাে এটা দলে প্রত্যেক সমষ্টিতে মাত্র ২৫ শতাংশ ভােটহে লাভ কৰিছে , কিন্তু আন সকলােৱে তাতােকৈ কম ভােট পাইছে । সেই ক্ষেত্ৰত দলটোৱে মাত্র ২৫ শতাংশ বা তাতােকৈ কম ভােটেৰে সকলাে আসন লাভ কৰিব ।

Type Sumit Patar

Class 11 Political Science