পল্লৱসকল ঃ



এই পাঠৰ (১২.১) মানচিত্ৰখনলৈ চোৱা। এতিয়া কাষৰ (১২.৩) মানচিত্ৰখনৰ লগত তুলনা কৰা। ওপৰে ওপৰে চালে দুয়োখন মানচিত্ৰ একেই যেন লাগিলেও দুয়োখন মানচিত্ৰ কিছু পাৰ্থক্য দেখিবা। পাৰ্থক্যবোৰ মন কৰাচোন? কাঞ্চী নামৰ ঠাইখন নিশ্চয় দেখিছা। দক্ষিণ ভাৰতৰ পূব উপকূলত অৱস্থিত এই খনেই পল্লৱসকলৰ ৰাজ্য। শিল্পকলা, সাহিত্য-সংস্কৃতিলৈ এই পল্লৱসকলৰ অৱদান উল্লেখনীয়া। খ্ৰীঃ তৃতীয় আৰু চতুৰ্থ শতিকাত এই পল্লৱসকলে দশিণ ভাৰতত এখন শক্তিশালী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কাঞ্চীপুৰম পল্লৱসকলৰ ৰাজ ধানী আছিল। সেই যুগৰ লিখনিবোৰত পল্লৱসকলৰ ৩৬ জন ৰজাৰ নাম পোৱা যায়। নৰসিংহ বৰ্মণ এই বংশৰ শ্ৰেষ্ঠ ৰজা।

তোমালোকে কেতিয়াবা দক্ষিণ ভাৰতত থকা মন্দিৰসমূহ দৰ্শন কৰিছানে? তালৈ গ'লে সপ্তম শতিকাতে পল্লৱসকলে নিৰ্মাণ কৰা মন্দিৰসমূহ দেখিবলৈ পাবা। মহাৱলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। মনত ৰাখিবা পল্লৱসকলে শিল্প-ভাস্কৰ্য বিকাশৰ ক্ষেত্ৰত দ্ৰাবিড় শিল্পকলা নামৰ এটি নতুন শিল্পৰীতিৰ প্ৰচলন কৰে। পল্লৱসকলৰ অতি ধাৰ্মিক আছিল। তেওঁলোকে বহুতো হিন্দুমন্দিৰ, বৌদ্ধবিহাৰ নিৰ্মাণ কৰিছিল। 

পল্লৱসকলৰ আন দুটা অৱদান হ'ল一  সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ। অষ্টম শতিকাৰ ধৰ্ম সংস্কাৰ আন্দোলনৰ ভেটি এই পল্লৱসকলৰ দিনতেই গঢ়ি উঠিছিল। কাঞ্চী বিশ্ববিদ্যালয় সেই সময়ত দাক্ষিণাত্যৰ শিক্ষা কেন্দ্ৰত পৰিণত হৈছিল। সামুদ্ৰিক শক্তি হিচাপেও পল্লৱসকলৰ বিখ্যাত আছিল। তৰ্কশাস্ত্ৰবিদ ন্যায় ভাষ্য প্ৰণেতা বাৎসায়ন সম্ভৱত কাঞ্চী বিশ্ববিদ্যালয়ৰ পণ্ডিত আছিল।


Class 7 Social Science 

Type: Nayan  Moni Deka