উত্তৰ-পূব ভাৰতৰ জনসংখ্যা

উত্তৰ - পূব ভাৰতৰ জনগাঁথনি সম্পর্কে জানিবলৈ হ'লে আমি অতীজৰে পৰা এই অঞ্চললৈ হােৱা জন প্ৰব্ৰজন সম্পর্কে জনাটো প্রয়ােজন। অনুমান কৰা হৈছে যে, উত্তৰ- পূব ভাৰতলৈ অষ্ট্র’ এছিয়সকলেই প্রথমে দক্ষিণ পূর্ব এছিয়াৰ পৰা আহিছিল। তেওঁলােক বর্তমানৰ মেঘালয়ৰ খাছীসকল আৰু মধ্য ভাৰতৰ পৰা অহা মুণ্ডা, হাে, চাৱৰা, ওৰাং, গােণ্ড আদি চাহ জনগােষ্ঠীৰ লােকসকল। দ্বিতীয়তে , তিবতীয় চীনা ভাষীক গােষ্ঠীৰ লােকসকল এই অঞ্চলত প্ৰৱেশ কৰে । বর্তমান অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু অসমত বসবাস কৰা মংগােলীয় প্রজাতিৰ লােকসকল ইয়াৰ উদাহৰণ । এওঁলােক ক্রমে মিচিং, বড়াে, কাচিম, কুকী- চীন আদি লােকসকল। আনহাতে একে গােষ্ঠীৰে কিছু লােক ব্রহ্মদেশৰ চান অঞ্চলৰ পৰা আহি উজনি অসমত বাস কৰিবলৈ লয়। তেওঁলােক হ’ল বর্তমানৰ আহােম আৰু টাইসকল। তৃতীয়তে, ইণ্ডো ইউৰােপীয় জনগােষ্ঠীৰ লােকসকল ক্রমে ভাৰতৰ সমভূমি অঞ্চলৰ পৰা অহা হিন্দু আৰু থলুৱা মুছলমানসকল, নেপালৰ পৰা অহা নেপালীসকল। ইয়াৰ উপৰি পূর্ববংগ (পৰৱৰ্তী সময়ত পূর্ব পাকিস্তান আৰু বর্তমান বাংলাদেশ) ৰ পৰা অহা প্ৰব্ৰজনকাৰী মুছলমান আৰু হিন্দুসকল এই ইণ্ডো ইউৰােপীয় জনগােষ্ঠীৰ অন্তৰ্গত। এই আটাইবােৰ জনপ্ৰৱাহ একে সময়তে হােৱা নাছিল। বৰঞ্চ ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন কাৰণত এনে জনগােষ্ঠীৰ আগমন ঘটিছিল। অসম আৰু ত্ৰিপুৰাত এই লােকসকল বাস কৰা দেখা যায়। কালক্ৰমত প্রায় সকলাে জনগােষ্ঠীৰ প্রত্যেকৰ মাজতে সংমিশ্রণ ঘটিছে। তাৰ উপৰি স্বাধীনতাৰ আগত বৃটিছসকলে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহত তেওঁলােকৰ বাণিজ্য আৰু প্ৰশাসনীয় কাম কাজৰ সুবিধাৰ বাবে কিছুসংখ্যক লােকক ভাৰতৰ অন্যান্য ঠাইৰ পৰা এই অঞ্চললৈ আনিছিল। তাৰ ভিতৰত চাহ বনুৱা আৰু বঙালী সম্প্রদায়ৰ লােকেই প্রধান। বঙালী সম্প্রদায়ৰ লােকসকল বর্তমান ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে অন্যান্য ৰাজ্যসমূহত সিঁচৰতি হৈ আছে।

ইয়াৰোপৰি, সময়ে সময়ে হিন্দী ভাষী বিহাৰী আৰু মাৰোৱাৰীসকল আৰু নেপালৰ পৰা অহা গোৰ্খালোকসকল এই অঞ্চলৰ বিভিন্ন ঠাইত থিতাপি লয়। হিন্দী ভাষীসকল ব্যৱসায় বাণিজ্য আৰু নেপালীসকল ঘাঁহনি থকা অঞ্চলবোৰত পশুপালন বৃত্তি আৰু কৃষি কাৰ্যৰ সৈতে জড়িত হয়।

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ জনসংখ্যা অঞ্চল ভেদে কম বেছি হোৱা দেখা যায়য ইয়াৰ কাৰণ, ভৌগোলিক তথা অৰ্থনৈতিক যদিও প্ৰধান কাৰণ হ'ল জনপ্ৰব্ৰজন। অসম, ত্ৰিপুৰা আৰু মণিপুৰ ৰাজ্যত জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ হ'ল ইয়াত থকা সাৰুৱা মাটি আৰু বিভিন্ন সম্পদসমূহ। যেনে一 চাহ শিল্প, তৈলক্ষেত্ৰ, নদীৰ সাৰুৱা কৃষিভূমি, ইত্যাদি। এই ৰাজ্যসমূহৰ ভিতৰত অসমৰ জনসখ্যা আটাইতকৈ বেছি।

ৰাজ্যৰ নামঃ অসম

জনসংখ্যাঃ ৩,১১,৬৯,২৭২

জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১ ৰ পাৰ ২০১১)ঃ ১৬.৯৩

ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃ ৩৯৭

পুৰুষ-মহিলাৰ অনুপাতঃ ৯৫৪


ৰাজ্যৰ নামঃ অৰুণাচল

জনসংখ্যাঃ  ১৩,৮২,৬১১

জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১ ৰ পৰা ২০১১)ঃ ২৫.৯২

ঘনত্ব প্ৰতি বৰ্গ কিঃমি ঃ ১৭

পুৰুষ-মহিলাৰ অনুপাতঃ ৯২০


ৰাজ্যৰ নামঃ  নাগালেণ্ড

জনসংখ্যাঃ ১৯,৮০,৬০২

জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১ ৰ পৰা ২০১১)ঃ ০.৪৭

ঘনত্ব প্ৰতি বৰ্গ কিঃমি ঃ ১১৯

পুৰুষ-মহিলাৰ অনুপাতঃ ৯৩১


ৰাজ্যৰ নামঃ মণিপুৰ 

জনসংখ্যাঃ ২৭,২৯,৭৫৬ 

জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১ ৰ পৰা ২০১১)ঃ ১৮.৬৫

ঘনত্ব প্ৰতি বৰ্গ কিঃমি ঃ ১২২ 

পুৰুষ-মহিলাৰ অনুপাতঃ ৯৮৭


ৰাজ্যৰ নামঃ মিজোৰাম  

জনসংখ্যাঃ ১০,৯১,০১৪

জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১ ৰ পৰা ২০১১)ঃ ২২.৭৮

ঘনত্ব প্ৰতি বৰ্গ কিঃমি ঃ ৫২

পুৰুষ-মহিলাৰ অনুপাতঃ ৯৭৫


ৰাজ্যৰ নামঃ ত্ৰিপুৰা  

জনসংখ্যাঃ ৩৬,৭১,০৩২

জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১ ৰ পৰা ২০১১)ঃ ১৪.৭৫

ঘনত্ব প্ৰতি বৰ্গ কিঃমি ঃ ৩৫০

পুৰুষ-মহিলাৰ অনুপাতঃ ৯৬১


ৰাজ্যৰ নামঃ মেঘালয়  

জনসংখ্যাঃ ২৯,৬৪,০০৭

জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১ ৰ পৰা ২০১১)ঃ ২৭.৮২

ঘনত্ব প্ৰতি বৰ্গ কিঃমি ঃ ১৩২

পুৰুষ-মহিলাৰ অনুপাতঃ ৯৮৬


Class 7 Social Science 

Type: Nayan Moni Deka