স্বাধীনতা আন্দোলনৰ উত্তৰাধিকাৰ

    কোনো সংবিধানে ইয়াক প্ৰস্তুত কৰা সংবিধান সভাৰ দ্বাৰা সৃষ্টি বুলি কব পাৰি । ভাৰতৰ সংবিধানসভাৰ  দৰে এখন বিশাল সংবিধান সভা কেতিয়াও ভালভাবে চলিব নোৱাৰিলেহেঁতেন  যদিহে সংবিধানত অন্তৰ্ভূত  কৰিব খোজা নীতিসমূহৰ  বিষয়ে ঐক্যমত নাথাকিলেহেঁতেন । দৰাচলতে এই নীতিসমূহৰ  স্বাধীনতা আন্দোলনৰ সময়চোৱাতে গঢ় লৈ উঠিছিল । সংবিধান সভাই এই নীতিসমূহক এটা নিৰ্দিষ্ট  ৰূপত ,সজাইছিল। সংবিধান বলবৎ হোৱাৰ আগৰ দশকটোৰ স্বাধীনতা আন্দোলনে এনে বহু বিষয়ে আলোচনা কৰিছিল যিবোৰে সংবিধান প্ৰস্তুত কৰা ক্ষেত্ৰত আৰু ভাৰতবৰ্ষৰ বাবে এক নিদিষ্ট  চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত  সহায়ক হৈ পৰিছিল। তদুপৰি কি কি নীতিসমূহৰ সংবিধানত সন্নিবিষ্ট কৰা হব আৰু কেনে ধৰণৰ অসমতো সংবিধানে আঁতৰ  কৰিব সেই সম্বন্ধেও স্বাধীনতা আন্দোলনৰ  সময়ত বিভিন্ন চিন্তা চৰ্চ্চা চলিছিল ।  এই সকলো ধৰণৰ বিতৰ্ক আৰু চিন্তা চৰ্চ্চা চুড়ান্ত  ৰূপেই হৈছে ভাৰতীয়  সংবিধান।  

    সম্ভৱত স্বাধীনতা আন্দোলনে আগবঢ়োৱা অৱদান সমুহৰ ভিতৰত সংবিধানৰ উদ্দেশ্য প্রস্তাৱ যিটো ১৯৪৬ চনত পণ্ডিত নেহেৰুৱে সংবিধান সভাত উত্থাপন কৰিছিল । এই প্রস্তাৱে সংবিধানৰ মূল উদ্দেশ্যসমুহ বাখ্যা কৰিব খুজিছিল । এই প্রস্তাৱটোৱে তাৰ লগতে

সংবিধানৰ নীতি আৰু মুল্যবােধ সমুহ আৰু জনসাধাৰণৰ আশা আকাংশা সমুহকো সন্নিবিষ্ট কৰিছিল । দৰাচলতে সংবিধানৰ মুল ব্যৱস্থাৱলী এই উদ্দেশ্য প্রস্তাৱৰ দ্বাৰাই প্রভাবান্বিত হৈছিল । এই প্রস্তাৱৰ ভিত্তিতেই ভাৰতীয় সংবিধানে সমতা ; স্বতন্ত্রতা গণতন্ত্র ; সার্বভৌমত্ব আৰু এক বহুজাতিক পৰিচয়ৰ আদৰ্শক স্বীকৃতি দিছে । গতিকে আমাৰ সংবিধান কেৱল মাত্র কিছুমান নিয়ম আৰু পদ্ধতিৰ সমষ্টিয়ে নহয় , ই হৈছে এক নৈতিক 

 উদ্দেশ্য প্রস্তাবৰ মূল দিশসমূহ ( Main points of the objective

Resolution)

*ভাৰতবর্ষ এখন স্বাধীন , সার্বভৌম , গণৰাজ্য 

*ভাৰতবর্ষ পূৰ্বৰ ব্রিটিছ ভাৰতীয় এলেকাসমূহৰ এখন সংঘ হব । ইয়াৰ লগতে দেশীয় ৰাজ্যসমূহ , বৃটিছ ভাৰতবৰ্ষৰ আন আন অংশসমূহ আৰু যিবােৰ এলেকাই এই সংঘত ঐচ্ছিকভাবে অংশগ্রহণ কৰিব বিচাৰিব সেই বােৰেও ইয়াৰ অংশ হব পাৰিব । 

*ভাৰতীয় সংঘ যিবােৰ অঞ্চললৈ গঠিত হব সেইবােৰ ভাৰতীয় সংঘৰ স্বায়ত্ত শাসিত গােট হব আৰু চৰকাৰ আৰু প্ৰশাসনৰ সেই সকলােবােৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰিব যিবােৰ সংঘৰ হাতত অৰ্পণ কৰা হােৱা নাই ।

 *সার্বভৌম আৰু স্বাধীন ভাৰতৰ সকলােবােৰ ক্ষমতাৰ উৎস হব জনসাধাৰণ ।

 *ভাৰতবৰ্ষৰ সকলোলােকক সামাজিক,ৰাজনৈতিক আৰু অর্থনৈতিক ন্যায় , সুযােগ আৰু মৰ্য্যদাৰ সমতা আৰু আইনৰ চকুত সমান ; মৌলিক স্বাধীনতা যেনে— বাক স্বাধীনতা , বিশ্বাস , উপাসনা , সংগঠন গঠন  কৰাৰ অধিকাৰ আদি প্ৰদান কৰা হব ।

 *সংখ্যালঘু সম্প্রদায় , পিছপৰা সম্প্রদায় আৰু জনজাতিসকলক উপযুক্ত ৰক্ষণাবেক্ষণ দিয়া হব ।

*ভাৰত গণৰাজ্যৰ অখণ্ডতা আৰু ভূমি , সাগৰ আৰু আকাশ মার্গৰ সার্বভৌম অধিকাৰ , সভ্য জাতিৰ ন্যায় আৰু আইন অনুসৰি ৰক্ষা কৰা হব । 

*ভাৰতবৰ্ষই বিশ্বশান্তি আৰু জনগণৰ কল্যাণৰ কাৰণে অৰিহণা আগবঢ়াব ।

Type Sumit Patar

Class 11 Political Science