৯.২ মাটিৰ চমু বিৱৰণঃ

    মাটিৰ কিছুমান নিদিষ্ট তৰপেৰে গঠিত। এই তৰপবোৰ কিদৰে গঠিত। এই তৰপবোৰ কিগৰে সজ্জিত হৈ থাকে জানিবলৈ তলত দিয়া ক্ৰিয়াকলাপটো কৰা।

ক্ৰিয়াকলাপ ৯.২

    অলপ মাটি লোৱা। মাটিৰ চপৰাবোৰ হাতেৰে ভাঙি গুড়ি কৰা। এই কাঁচৰ গিলাচৰ একতৃতীয়াংশ পানীৰে পূৰ কৰা। এতিয়া এমুঠি মাটিৰ গুড়ি তাত মিহলোৱা। মাটিখিনি যাতে ভালদৰে পানীত মিহলি হয় তাৰ বাবে মাৰি এডালেৰে লৰাি দিয়া। এতিয়া ইয়াক লৰচৰ নকৰাকৈ কিছুসময় বাবে থৈ দিয়া (চিত্ৰ ৮.২)। তাৰ পাছত, ইয়াক পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ



তোমালোকে বাৰু কাঁচৰ গিলাচৰ ভিতৰত বিভিন্ন আকাৰৰ কণিকাৰ তৰপবোৰ দেখিছানে ?

 এই তৰপোবৰ দেখুৱাই এখন চিত্ৰ অংকন কৰা। 

পানীত গছৰ পাছতচ কিছুমান বা মৃত প্ৰণীৰ অৱশেষ ভাঁহি আছেনে?

মাটিত থকা পচা মৃত পদাৰ্থকে হিউমাছ বুলি কোৱা হয়।

    তোমালোকে সম্ভৱতঃ ডানা যে বতাহ, পানী আৰু জলবায়ু ক্ৰিয়াৰ ফলত শিল ভাঙি মাটি উৎপন্ন হয়। এই প্ৰক্ৰিয়াটো বিচূৰ্মীভৱন (weathering) বুলি কোৱা হয়। যিকোনো মাটিৰ প্ৰকৃতি, উৎপন্ন হোৱা ষিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। 

        মাটিৰ বিভিন্ন তৰপবোৰ মাজেৰে কৰা উলম্ভ ছেদনক মাটিৰ পাৰ্শ্ব-চিত্ৰ (soil profile) বোলি কোৱা হয়। প্ৰতিটো তৰপৰ মসৃণতা (গাঁথনি), ৰং,গভীৰতা আৰু ৰাসানিক সংযুক্তি বেলেগ বেলেগ হয়। এই তৰপবোৰ স্তৰ (horizons) বোলি কোৱা হয় (চিত্ৰ ৯.৩) 

   


   

আমি সাধাৰণতে মাটিৰ ওপৰৰ তৰপটোহে দেখা পাওঁ , তাৰ তলত থকা তৰপবােৰ নেদেখোঁ।নতুনকৈ খুন্দা খাল এটাৰ কাষটো লক্ষ্য কৰিলে , আমি মাটিৰ ভিতৰৰ তৰপবােৰাে দেখিবলৈ পাম । এনেকুৱা এটা দৃশ্যই আমাক সেই ঠাইৰ মাটিৰ পার্শ্ব - চিত্ৰৰ পর্যবেক্ষণত সহায় কৰে । নাদ বা কুঁৱা খান্দি থাকোতে বা ঘৰৰ ভেটিৰ নির্মাণকার্য চলি থকা সময়তাে মাটিৰ পার্শ্ব - চিত্র দেখা পাব পাৰোঁ । পাহাৰীয়া ৰাস্তাৰ কাষত বা থিয় নদীৰ কাষতে ইয়াক দেখা পােৱা যায় । সাধাৰণতে আটাইতকৈ ওপৰৰ স্তৰটো ডাঠ ৰঙৰ হয় , কাৰণ ই হিউমাছ আৰু খনিজ পদার্থৰে সমৃদ্ধ । হিউমাছে মাটি সাৰুৱা কৰে আৰু বৃদ্ধি হৈ থকা উদ্ভিদক পোষাকদ্ৰব্য যোগান ধৰে । এই তৰপটো সাধাৰণতে কোমল, ছিদ্ৰযুক্ত আৰু ই বহুত পানী ধৰি ৰাখিব পাৰে। ইয়াৰ শীৰ্ষ মৃত্তিকা (Top soil) বা ক-স্তৰ (A-hori-zon) বোলে ।

    শীৰ্ষ মৃক্তিকা কেঁচু, কোমটি, চিকা-এন্দুৰ দৰে কৃন্তক প্ৰাণী আৰু গুবৰুৱাৰ দৰে বহুতো জীৱৰ বাসস্থান। সৰু সৰু উদ্ভিদৰ শিপাবোৰ এই তৰপটোৱে ধৰি থাকে। 

    ইয়াৰ পিছৰ তৰপটোৱে হিউমাছ পৰিমাণ কম কিন্তু খনিজ পদাৰ্থৰ পৰিমাণ অধিক। এই তৰপটো সাধাৰয়মতে কঠিন আৰু বৰ আটিল আৰু ইয়াৰ খ-স্তৰ (B-horizon) বা মধ্য তৰপ (middle layer) বোলে। 

    তৃতীয় তৰপটো হ'ল গ-স্তৰ (C-horizon), ই ফাট আৰু গাঁতযুক্ত সৰু শিলৰ টুকুৰাৰ দ্বাৰা গঠিত। এই স্তৰটো তলতে শৈল সংস্তৰ (bed rock)থাকে, ই অতি কঠিন আৰু ইয়াৰ খান্দাবৰ কষ্ঠকৰ।


Type:Ankur Raj Deka 

class 7 Science SCERT Book