নিৰ্বাচনী সংস্কাৰ

     কোনো নিৰ্বাচনী পদ্ধতিয়েই স্বয়ং সম্পৰ্ণ হব নোৱাৰে ।  যি কোনো নিৰ্বাচনী প্ৰক্ৰিয়াৰ বহুতো দোষ আৰু সীমাবদ্ধতা থকা স্বাভাৱিক  ।যিকোনোে গণতান্ত্ৰিক সমাজত নিৰ্বাচন সৰ্বাধিক মুক্ত আৰু নিকা কৰিবলৈ উপযুক্ত আহিলা বিচাৰি থকাটো প্ৰয়োজন। ভাৰতে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ স্বাধীনতা আৰু স্বতন্ত্ৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠাৰ  দ্বাৰা নিৰ্বাচনী প্ৰক্ৰিয়াটো মুক্ত আৰু নিকা  কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে যোৱা ৫৫ বছৰৰ অভিজ্ঞাতাৰ পৰা আমাৰ নিৰ্বাচন পদ্ধতি সংস্কাৰৰ বাবে বহুতো পৰামৰ্শ পোৱা গৈছে। নিৰ্বাচন আয়োগ ৰাজনৈতিক দল নানা স্বতন্ত্ৰ গোট আৰু বহুতো পগুিত লোকে নিৰ্বাচনী সংস্কাৰৰ বাবে প্ৰস্তাৱ লৈ আহিছে  ।সাংবিধানিক ব্যৱস্থাৰ পৰিৱৰ্তন সম্বন্ধে  কিছুমান পৰামৰ্শৰ  এই অধ্যায়ত আলোচনা কৰা হবঃ

* আমাৰ নিৰ্বাচন পদ্ধতি FPTP ৰ  পৰা আনুপাতিক প্ৰনিধিত্বৰ কোনো ভিন্ন ৰূপলৈ সলনি কৰা উচিত, ই দলবোৰে পোৱা ভোটৰ যথা সম্ভৱ আনুপাতিকভাৱে আসন লাভ কৰাত সহায় কৰিব। 

* সংসদ আৰু বিধানসভালৈ অন্ততঃ এক তৃতীয়াংশ মহিলা প্ৰতিনিধি নিৰ্বাচিত  হোৱাটো সুনিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে

* নিৰ্বাচনী ৰাজনীতিত ধনৰ ভূমিকা নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ ব্যৱস্থা থকা উচিত।  চৰকাৰে এক বিশেষ পুঁজিৰ পৰা নিৰ্বাচনী ব্যয়ৰ বাবে ধন আদায় দিব লাগে। 

* অপৰাধী গােচৰ থকা প্রার্থী নির্বাচনত অংশ গ্ৰহণ কৰিব দিব নালাগে । তেওঁলোকৰ আবেদন আদালতৰ বিচাৰাধীন হৈ থাকিলেও এইটো প্রযােজ্য হােৱা উচিত । 

জাতি আৰু ধৰ্মক লৈ নির্বাচনী প্রচাৰ চলােৱাত সম্পূৰ্ণৰূপে বাধা থাকিব লাগে । 

ৰাজনৈতিক দলবিলাকৰ কাম - কাজ নিয়ন্ত্ৰণৰ বাবে আৰু তেওঁলােকে যাতে স্বচ্ছ আৰু গণতান্ত্রিক পদ্ধতিত কাম কৰাটো সুনিশ্চিত কৰিবলৈ আইন থাকিব লাগে ।

   এইবােৰ কেইটামান পৰামৰ্শ মাথােন । এই বিষয়ে সর্বসম্মত সিদ্ধান্ত পােৱা নাযায়। সর্বসম্মত সিদ্ধান্ত থকা হ'লেও আইন আৰু বিধিসম্মত ব্যৱস্থাৰ কার্যকাৰিতাৰ সীমাবদ্ধতা আছে । প্রার্থী , দল আৰু নির্বাচনত জড়িত সকলে গণতান্ত্রিক প্রতিযােগিতাৰ মনােভাৱেৰে কাম কৰিলেহে মুক্ত আৰু নিকা নির্বাচন সম্ভৱ ।

  আইনগত সংস্কাৰৰ বাহিৰেও নির্বাচনে জনসাধাৰণৰ আশা - আকাংক্ষা আৰু গণতান্ত্রিক প্রত্যাশা যাতে পূৰণ কৰিব পাৰে তাৰ বাবে আন দুটা উপায় আছে । প্রথমটো হৈছে জনসাধাৰণ নিজে বেচি সতর্ক হ'ব লাগিব আৰু ৰাজনৈতিক কাম কাজত বেচি সক্রিয়ভাৱে জড়িত হ'ব লাগিব । কিন্তু সাধাৰণ মানুহে নিয়মীয়া ভাবে ইমান বেছিকৈ ৰাজনীতিত লাগি থাকিব নােৱাৰে । সেইবাবে বিভিন্ন ৰাজনৈতিক অনুষ্ঠান আৰু স্বেচ্ছামূলক সংগঠন গঢ়ি তােলা উচিত , যিবােৰে সক্রিয়ভাৱে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিবলৈ সতর্ক প্ৰহৰী হিচাবে কাম কৰিব ।

Type Sumit Patar

Class 11 Political Science