ভৌগােলিক সীমাঃ

প্রাচীন কালত কামৰূপ ৰাজ্যখনৰ সীমা কলৈকে বিস্তৃত হৈ আছিল তাৰ বিষয়ে তােমালােকৰ জানিবলৈ মন নাযায়নে? তােমালােকে হয়তাে ইতিমধ্যে ৰামায়ণ আৰু মহাভাৰত এই দুখন মহাকাব্যৰ নাম শুনিছা। এই মহাকাব্য কেইখন আজিৰ পৰা আনুমানিক প্রায় ৩০০০ মান বছৰ আগতে ক্রমে বাল্মীকি আৰু বেদব্যাস নামৰ দুজন মুনিয়ে ৰচনা কৰিছিল। এই মহাকাব্য দুখনত তাহানিৰ কামৰূপৰাজ্যৰ সীমা পশ্চিমে কৰতােয়া নদী  (বর্তমান বাংলাদেশ) আৰু দক্ষিণে বঙ্গোপ সাগৰলৈকে বিস্তাৰিত হৈ আছিল বুলি উল্লেখ কৰা আছে। আনহাতে পৰৱৰ্তী সময়ছােৱাত ৰচিত যােগিনী তন্ত্র মতে পুৰণি কামৰূপ ৰাজ্যখন চাৰিভাগত বিভক্ত আছিল। এই ভাগকেইটা হ'ল— ৰত্নপীঠ (পূর্ববঙ্গৰ কৰতােয়া নদীৰ পৰা সােণকোষ নদীলৈ), কামপীঠ (সােণকোষ নদীৰ পৰা ৰূপহী নদীলৈ), স্বর্ণপীঠ (ৰূপহী নদীৰ পৰা ভৰলী নদীৰ সীমালৈ) আৰু সৌমাৰপীঠ (ভৰলী নদীৰ পৰা দিক্ৰাই নদীলৈ)।


Class 7 Social Science 

Type: Nayan Moni Deka