চোল সাম্ৰাজ্যঃ

গুপ্তসকলৰ পৰৱৰ্তী যুগৰ আন এখন শক্তিশালী ৰাজ্য আছিল চোল সাম্রাজ্য। দক্ষিণ ভাৰতৰ অনেক ৰাজ্যৰ পতনৰ সময়ত চোল সাম্রাজ্যৰ উত্থান মন কৰিবলগীয়া। প্রকৃততে সমসাময়িক ৰাজ্যবােৰৰ দুর্বল অৱস্থাই চোলবিলাকৰ উত্থানৰ প্রধান কাৰণ। চোল সাম্রাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ নৱম শতিকাৰ মাজভাগত বিজয়ালয় নামৰ লােক এজনে তাঞ্জোৰ অধিকাৰ কৰি দাক্ষিণাত্যত চোল সাম্রাজ্যৰ ৰাজধানী পাতে। প্রথম পৰান্তক চোল বংশৰ এজন পৰাক্ৰমীৰজা আছিল। তেৱেঁই গাঁওসমূহক স্বায়ত্ব শাসন প্রদান কৰি পৰৱৰ্তীকালত ভাৰতবৰ্ষত পঞ্চায়তীৰাজ ব্যৱস্থা প্রতিষ্ঠাৰ পথ মুকলি কৰিছিল। চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজাৰাজ। তেওঁ কেৰল, পাণ্ড্য, চালুক্য আদি ৰাজ্য জয় কৰিছিল। তেওঁ সিংহল দ্বীপ। উত্তৰাঞ্চল আৰু মালয় দ্বীপপুঞ্জও অধিকাৰ কৰিছিল। তেওঁ চীন দেশলৈও কটকী পঠিয়াইছিল। তাঞ্জোৰত তেওঁ নিৰ্মাণ কৰা ৰাজ ৰাজেশ্বৰৰ মন্দিৰ এটা অপূৰ্ব নিখুট তামিল মন্দিৰ। ৰাজাৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰৰ শাসন কালত গংগাইকুণ্ডচোলপুৰম মানে এখন নগৰ নিৰ্মাণ কৰা হয়। পিচলৈ এইখনেই চোল ৰাজ্যৰ ৰাজধানী হয়। 

শিল্প ভাস্কৰ্য ঃ

চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনা স্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা-সেৱা, চোৱা-চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে-পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে আৰ্থ-সামাজিক, সাংস্কৃতিক জীৱন চহকী কৰিছিল। মন্দিৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলৰ কিছুমানে শিল্প-ভাস্কৰ্যৰ চৰ্চাও কৰিছিল। তেওঁলোকে ব্ৰোঞ্জেৰে তৈয়াৰ কৰা বিবিন্ন দেৱ-দেৱীৰ মূৰ্তিবোৰ সমকালিন বিশ্বৰ চমৎকাৰ শিল্প-ভাস্কৰ্য হিচাপে পৰিগণিত হৈছিল। ব্ৰোঞ্জৰ নটৰাজৰ মূৰ্তি এই যুগৰ আন এক উল্লেখনীয় ভাস্কৰ্য। চোল ৰজাসকলৰ আন এটি অক্ষয় কীৰ্তি হ'ল一 খেতি-বাতিত জলসিঞ্চন পদ্ধতিৰ প্ৰয়োগ। কাবেৰী নদীৰ উপত্যকাৰ সাৰুৱা অঞ্চলত উভৈনদী কৃষি শস্যৰ উৎপাদন হৈছিল। ইয়াৰোপৰি খাল খান্দি খেতিত পানী যোগান ধৰাৰ ব্যৱস্থাও চোলসকলৰ অন্যতম কৃতিত্ব।

চোল শাসন ব্যৱস্থা 

চোল শাসন ব্যৱস্থাত কৃষকসকলৰ এটি বিশেষ স্থান আছিল। কৃষকসকলৰ বসতিস্থলসমূহক 'উৰ’ নামেৰে নামকৰণ কৰা হৈছিল। এইবােৰ আমাৰ গাঁও সদৃশ আছিল। কেইবাখনাে  'উৰ’ একত্রিত কৰি একোখন ‘নাডুৰ সৃষ্টি কৰা হৈছিল। গাঁও পঞ্চায়ত আৰু নাডুবােৰে শাসনকার্যত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। চহকী কৃষকসকলে কেন্দ্রীয় শাসনৰ ছত্রছায়াত থাকি নাডুবােৰৰ ওপৰত প্ৰভাৱ খটুৱাইছিল। আনকি চোল ৰজাসকলে এনেকুৱা চহকী কৃষকসকলক কিছুমান বিশেষ বিশেষ উপাধিও প্রদান কৰিছিল। তেওঁলােকে কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰা ক্ষমতা শাসন কার্যত প্রয়ােগ কৰিছিল। ব্রাহ্মণসকলেও চোল ৰজাসকলৰ পৰা পৃষ্ঠপােষকতা লাভ কৰিছিল। তেওঁলােকে ব্রাহ্মণসকলক ভূমিদান দিছিল। এই ভূমিবােৰক ব্ৰহ্মদেয় বােলা হৈছিল। ব্রহ্মদেয়বােৰ চোৱাচিতা কৰাৰ বাবে সভাৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছিল। প্রত্নতাত্বিক সমলবােৰত পােৱা তথ্য অনুসৰি ব্ৰহ্মদেয়ৰ সভা, জলসিঞ্চন, মঠ-মন্দিৰ, বাগিচা আদি চোৱা- চিতা কৰাৰ বাবে বেলেগ বেলেগ সমিতি’ পাতি লৈছিল।


Class 7 Social Science 

Type: Nayan Moni Deka