মুক্ত আৰু নিকা  নিৰ্বাচন

যি কোনো নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰকৃত সফলতা নিৰ্ভৰ কৰে মুক্ত আৰু নিকা হোৱাৰ ওপৰত  ।গণতন্ত্ৰৰ সফলতা বাবে নিৰ্বাচনী  পদ্ধতি নিৰপেক্ষ আৰু স্বচ্ছ হোৱা আৱশ্যক। নিৰ্বাচনৰ ফলাফল বিলাকৰ মাজেদি ভোটাদাতাসকলৰ যুক্তিসঙ্গত  আশা- আকংক্ষা প্ৰতিফলিত  কৰিব লাগিব।  

 তােমাৰ প্ৰগতি পৰীক্ষা কৰা 

ভাৰতৰ জনসংখ্যাৰ ১৩.৫ শতাংশ মুছলমান লােক । কিন্তু লােকসভাত মুছলমান সাংসদৰ সংখ্যা সাধাৰণতে ৬ শতাংশতকৈ কম । জনসংখ্যাৰ অংশ হিচাবত ই আধাতকৈ কম । বেছিভাগ ৰাজ্যিক বিধানসভাত সেই একে কথাই খাটে । তিনিজন ছাত্ৰই ইয়াৰ পৰা বেলেগ বেলেগ সিদ্ধান্ত ল'ব পাৰে । তাৰ প্রতিটো সিদ্ধান্ত তুমি মানি লােৱা বা নােলােৱাৰ কাৰণ লিখা । 

হিলালঃ ই FPTP পদ্ধতিৰ অন্যায় প্রতিফলিত কৰে । আমি আনুপাতিক প্রতিনিধিত্ব পদ্ধতি গ্রহণ কৰাটো উচিত আছিল । 

আৰিফঃ ই অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণ ব্যৱস্থাৰ যুক্তি যুক্ততা দেখুৱাইছে । একেদৰে অনুসূচীত জাতি আৰু জনজাতিৰ দৰে মুছলমানসকলৰ বাবেও আসন সংৰক্ষনৰ প্রয়ােজন । 

চাবাঃ মুছলমানসকলৰ বাবে কোৱা কোনাে যুক্তি নাই । কিন্তু ইয়াৰ দ্বাৰা মুছলমান মহিলাসকলে প্রতিনিধিত্বৰ কোনাে অংশ নাপায় । মুছলমান মহিলাসকলৰ বাবে এক সুকীয়া ‘ কোটা’ৰ আৱশ্যক ।

Type Sumit Patar

Class 11 Political Science