১৪.১ বৈদ্যুতিক উপাদানসমূহৰ চিহ্ন 

 সচৰাচৰ ব্যৱহাৰ হােৱা কিছুমান বৈদ্যুতিক উপাদানক চিহ্নৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি । ১৪.১ তালিকাত কিছুমান বৈদ্যুতিক উপাদান আৰু সিহঁতৰ চিহ্নসমূহ দেখুওৱা হৈছে । অৱশ্যে অন্য কিতাপত এই উপাদানবােৰ বেলেগ চিহ্নৰে নির্দেশ কৰা দৃষ্টিগােচৰ হ'ব পাৰে । কিন্তু এইখন কিতাপত আমি ইয়াত প্রদর্শিত চিত্রসমূহহে ব্যৱহাৰ কৰিম।




     চিহ্নসমূহ ভালদৰে পর্যবেক্ষণ কৰা । বিদ্যুৎ কোষৰ চিহ্নত দুডাল সমান্তৰাল ৰেখা থাকে ; তাৰ এডাল আনডালৰ তুলনাত ডাঠ কিন্তু চুটি । বিদ্যুৎ কোষত ধনাত্মক আৰু ঋণাত্মক প্রান্ত থকাৰ কথাটো তােমালােকৰ মনত পৰেনে ? বিদ্যুৎ কোষৰ চিহ্নত দীঘল ৰেখাই ধনাত্মক আৰু চুটি ৰেখাই ঋণাত্মক প্রান্ত বুজায় । এটা বৈদ্যুতিক ছুইচৰ অন্ ‘ switch on ' আৰু ছুইচ অফ ‘ switch off ’ কৰা অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন চিত্রত দেখুওৱা হৈছে । বৈদ্যুতিক বর্তনীৰ উপাদানবােৰ সংযােগ কৰা তাৰবােৰ ৰেখাৰ দ্বাৰা নির্দেশ কৰা হয় । 

    ১৪.১ তালিকাত বেটাৰী আৰু তাৰ চিহ্নটো দেখুৱা হৈছে । বেটাৰীনাে কি তােমালােকে জানানে ? বেটাৰীৰ চিহ্নটোলৈ মন কৰা । এতিয়া বেটাৰীটো নাে কি তােমালােকে ধৰিব পাৰিনে ? কিছুমান কামত একাধিক বিদ্যুৎ কোষৰ প্রয়ােজন হয় । গতিকে ১৪.২ চিত্রত দেখুওৱাৰ দৰে দুটা বা ততােধিক বিদ্যুৎ কোষ সংযােগ কৰা হৈছে । মন কৰিবা যে এটা কোষৰ ধনাত্মক প্রান্ত পৰিৱৰ্তী কোষৰ ঋণাত্মক প্ৰান্তৰ সৈতে সংলগ্ন কৰা হৈছে। দুটা বা ততোধিক কোষৰ এনেদৰে সজ্জাক বেটাৰী বুলি কোৱা হয়। বহুতো সজুলি যেনে- টৰ্ছ, ট্ৰেনডিষ্টৰ, পুতলা, দূৰদৰ্শনৰ ৰিম'ট কন্ট্ৰ'ল আদিত বেটাৰী ব্যৱহাৰ কৰা হয়। অৱশ্যে ইয়াৰে কিছুমান সঁজুলিত ১৪.২ চিত্ৰত দেখুৱাৰ দৰে বিদ্যুৎ কোষবােৰ ইটোৰ পিছত সিটোকৈ সংযােগ কৰা নহয় । কেতিয়াবা কোষবােৰ গাত লগালগিকৈ কাষে কাষে স্থাপন কৰা হয় । তেনেহ'লে কোষৰ প্রান্তবিলাক কেনেকৈ সংযােগ কৰা হয় ? যিকোনাে বৈদ্যুতিক সঁজুলিৰ বেটাৰী প্রকোষ্ঠটো মন দি লক্ষ্য কৰা । দেখিবা যে এটা কোষৰ ধনাত্মক প্রান্তৰ লগত পৰৱর্তী কোষৰ ঋণাত্মক প্রান্ত সংযােগ কৰিবলৈ শকত তাৰ এডাল বা ধাতুৰ পাত এখন আছে ( চিত্র ১৪.৩ ) । প্রকোষ্ঠত সঠিকভাৱে কোষবােৰ স্থাপন কৰিবলৈ তাত “ + ” আৰু - ' চিহ্নদুটা খােদিত কৰা থাকে ।

     বিভিন্ন ক্রিয়াকলাপৰ হেতু বেটাৰী প্ৰস্তুত কৰিবলৈ আমি কোষবােৰ কেনেকৈ সংযােগ কৰিম ? ১৪.৪ চিত্ৰত দেখুৱাৰ দৰে এটুকুৰা কাঠ , দুচটা লােৰ পটি আৰু দুডালমান ৰবৰৰ পটিৰ সহায়ত এবিধ কোষ ৰখা সঁজুলি প্রস্তুত কৰি ল'ব পৰা যায় । ৰবৰৰ পটিকেইডালে ধাতু পটি দুটা টানকৈ হেচি থকাটো জৰুৰী ।





    দুটা বা তাতোধিক কোষযুক্ত বেটাৰী প্ৰস্ত কৰিবলৈ তুমি বজাৰৰপৰা কোষ ৰখা প্ৰকোষ্ঠ কিনিও আনিব পাৰা।



কোষবােৰ যথাৰীতি স্থাপন কৰা যাতে এটা কোষৰ ধনাত্মক প্রান্ত পৰৱর্তী কোষৰ ঋণাত্মক প্রান্তৰ লগত সংযুক্ত হয় । ১৪.৫ চিত্ৰত দেখুৱাৰ দৰে কোষ ৰখা সঁজুলিৰ প্রত্যেক দুটুকুৰা ধাতুৰ পাতৰ প্রত্যেকৰে লগত তাৰ সংযােগ কৰা । এতিয়া তােমাৰ বেটাৰীটো ব্যৱহাৰৰ বাবে সাজু হৈ উঠিল । ১৪.১ তালিকাত বেটাৰীবুজোৱা চিহ্ন দেখুওৱা হৈছে । ১৪.১ তালিকাত দেখুওৱা চিহ্নসমূহ ব্যৱহাৰ কৰি এটা বৈদ্যুতিক বর্তনীৰ এখন বর্তনী চিত্র আকো আহা ।

 ক্রিয়াকলাপ ১৪.১ 

১৪.৭ চিত্রত দেখুওৱাৰ দৰে এটা বৈদ্যুতিক বর্তনী বনােৱা । বৈদ্যুতিক চাকি বা বাল্ব জ্বলাবলৈ তােমালােকে ষষ্ঠ শ্রেণীত এনে এবিধ বর্তনী ব্যৱহাৰ কৰিছিলা । বৈদ্যুতিক চাকি এটা ছুইচ অন্ ( on ) অৱস্থাতহে যে জ্বলে সেই কথাটো তােমালােকৰ মনত আছেনে ? 

    তােমালােকৰ টোকাবহীত এই বৈদ্যুতিক বর্তনীটোৰ প্রতিলিপি অংকন কৰা । তদুপৰি বৈদ্যুতিক উপাদানবােৰ চিহ্নেৰে বুজাই বর্তনীটোৰ বর্তনী চিত্রও আঁকা ।

     তােমালােকে আঁকা বর্তনী চিত্ৰটো ১৪.৮ চিত্ৰৰ সৈতে সদৃশ হৈছেনে ?

     চিহ্ন ব্যৱহাৰ কৰি বৰ্তনী চিত্ৰৰ অংকন তুলনামূলকভাৱে সহজ । সেইকাৰণে আমি সাধাৰণতে বৈদ্যুতিক বর্তনী এটাক বর্তনী চিত্ৰৰ দ্বাৰাই বুজাও ।

     ১৪.৯ চিত্ৰত আন এটা বর্তনী চিত্র দেখুওৱা হৈছে । ১৪.৮ চিত্ৰত দেখুওৱা বর্তনী চিত্ৰটোৰ সৈতে একেনে ? পার্থক্য কি দেখিছা ? 

    এই বিদ্যুৎ বর্তনীটোত বাৰু বা জ্বলিবনে ? মনত পেলােৱা , হুইচ যেতিয়া অন (on) কৰা হয় , তেতিয়া বৈদ্যুতিক বর্তনীটো বন্ধ (closed) হৈ যায় আৰু তেতিয়াহে বাল্বটো জ্বলে।



চিত্ৰ ১৪.৮ চিত্ৰত দেখুওৱা বৈদ্যুতিক বৰ্তনীৰ বৰ্তনী চিত্ৰ



◼মন কৰা যে বর্তনীৰ যিকোনাে ঠাইতে চাবি বা ছুইচটো স্থাপন কৰিব পাৰি

 

◼ছুইচঅন্ কৰিলেবনীটো বেটাৰীৰ ধনাত্মক প্রান্ত পৰা ঋণাত্মক প্রান্তলৈ সম্পূর্ণ হয় । বর্তনীটোক তেতিয়া বন্ধ বনী বুলি কোৱা হয় আৰু মুহূর্ততে বীৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয় ।

 

◼ছুইচ অফ কৰিলে বর্তনীটো অসম্পূর্ণ হৈ থাকে । সেই অৱস্থাত ইয়াক মুক্ত বর্তনী বুলি কোৱা হয় । মুক্ত অৱস্থাত বর্তনীৰ কোনাে অংশৰ মাজেৰে বিদ্যুৎ প্রবাহিত নহয় । 





    বৈদ্যুতিক চাকিত এডাল ক্ষীণ তাৰ থাকে ; ইয়াৰ নাম বৈদ্যুতিক শলিতা ( filament ) । ইয়াৰ মাজেৰেবিদ্যুৎ প্রৱাহিত হলে ই ভাস্বৰ হৈ উঠে । যেতিয়া বৈদ্যুতিক চাকিটোত মাত্রাধিক বিদ্যুৎ প্রবাহিত হয় , তেতিয়া বৈদ্যুতিক শলিতাডাল ছিঙি যায় ।

লব ? সাবধানত

মুখ্য বর্তনী ( mains ) ৰে সংযুক্ত হৈ জ্বলি থকা বৈদ্যুতিক চাকি এটা কেতিয়াও স্পর্শ নকৰিবা । কাৰণ ই উত্তপ্ত অৱস্থাত থাকিব পাৰে আৰু তােমালােকৰ হাত বেয়াকৈ পুৰিব পাৰে । মুখ্য বর্তনী বা জেনেৰেটৰ বা ইনভাটাৰৰ পৰা অহা বিদ্যুতৰ ওপৰত পৰীক্ষা - নিৰীক্ষা নচলাবা । তেনে কৰিলে বৈদ্যুতিক প্রতিঘাত ( shock ) পােৱাৰ সম্ভাৱনা থাকে । ইয়াৰ পৰিণতি বিষম হ'ব পাৰে । ইয়াত উল্লেখিত আটাইবােৰ ক্রিয়াকলাপত কেৱল বৈদ্যুতিক কোষহে ব্যৱহাৰ কৰিবা 


    এটা বৈদ্যুতিক চাকিৰ শলিতাডাল ছিগি গ'লে বর্তনীটো সম্পূর্ণ হ'বনে ? তেতিয়াও চাকিটো জ্বলিবনে ? 

    তুমি নিশ্চয় মন কৰিছা যে জ্বলি থকা বৈদ্যুতিক চাকি এটা গৰম হৈ যায় । কিয় এনে হয় জানানে ?


Type : Ankur Raj Deka 

class 7  Science SCERT Book