পৰিয়াল

তুমি কাতিয়াবা ঘৰত একেবাৰে অকলশৰীয়াকৈ থাকি পাইছানে ? কেনেকুৱা লাগে বাৰু ? নিশ্চয় বেয়া লাগে, নহয়নে ? কিন্ত ঘৰত মা-দেউতা, বাই-ভনী আদিৰে ঘৰখন পূৰ্ণ হৈ থাকিলে আমাৰ মনত আনন্দ লাগে । আমি সুৰক্ষিত অনুভৱ কৰোঁ । মা-দেউতা, বাই-ভনী দাদা-ভাইটি সকলো মিলিয়ে হৈছে পৰিয়াল । আমি প্ৰত্য়েকেই নিজৰ নিজৰ পৰিয়ালৰ পৰাই জীৱনটো আৰম্ভ কৰোঁ । পৰিয়াল সমাজৰ প্ৰাথমিক গোট । ই আমাক সমাজত চলিবৰ বাবে উপযোগী কৰি তোলে । পৰিয়ালৰ প্ৰতিজন সদস্য়ৰে নিজা নিজা দায়িত্ব আছে ।

            মাক বা দেউতাক নাইবা পৰিয়ালৰ জ্য়েষ্ঠজন হ'ল সেই পৰিয়ালৰ মুৰব্বী । তেওঁলোকে পৰিয়ালটো পৰিচালনা কৰে, ল'ৰা-ছোৱালীৰ যত্ন লয়, পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লয় । ইয়াৰ উপৰি পৰিয়ালৰ সদস্য় বাবে প্ৰয়োজনীয় বুলি বিবেচনা কৰা সামগ্ৰীখিনি যোগান ধৰে ।

            ল'ৰা-ছোৱালীয়ে মাক-দেউতাক আৰু পৰিয়ালৰ আন জ্য়েষ্ঠসকলক সন্মান কৰে আৰু তেওঁলোকক কিছুমান সৰু-সুৰা কামতো সহায় কৰে ।

             পৰিয়ালৰ প্ৰতিজন সদস্য়ই ইজনে সিজনক ভাল পায়, শ্ৰদ্ধা, মৰম আৰু বিশ্বাস কৰে ।

দলত আলোচনা কৰি কোৱা-

-           দুয়োটা পৰিয়াল একেইনে ? দুয়োটা পৰিয়ালৰ মাজত কি কি অমিল দেখিছা ?

-           প্ৰথমটো পৰিয়ালৰ সদস্য় কেইজন ?

-           দ্বিতীয়টো পৰিয়ালৰ সদস্য় কেইজন ?

এতিয়া আমি ছবিত দেখা দ্বতীয়টো পৰিয়ালৰ বিষয়ে কিছু কখা জানি লওঁ আহা-

মাক-দেউতাক, ককাক-আইতাক,খুড়াক-খুড়ীয়েক আৰু পেহীয়েকৰ সৈতে অনিতা শিৱসাগৰ জিলাৰ নাজিৰাত খাকে । খুড়ীয়েকে তাইক বিদ্য়ালয়লৈ যাবলৈ সাজু কৰি দিয়ে আৰু খুড়াকে অফিচলৈ যাওঁতে তাইক বিদ্য়ালয়ত থৈ যায় । বিদ্য়ালয়ৰ পৰা আহি অনিতাই খুড়াক-খুড়ীয়েকৰ অকণমানি ল'ৰা জিন্টুৰ সৈতে খেলিবলৈ বৰ ভাল পায় । তাই জিন্টুক বৰ মৰম কৰে । কেতিয়াবা তাই জিন্টুুক গা ধুৱাই দিয়ে, কাপোৰ-কানিও পান্ধাই দিয়ে ।

    আইতাক-ককাকেও অনিতাক বৰ মৰম কৰে । আবেলি মাজে মাজে তাই ককাকৰ সৈতে ফুলনিত পানী দিয়ে । ৰাতি শুৱাৰ সময়ত আইতাকে তাইক নানা সাধু শুনায় ।

প্ৰত্য়েক দেওবাৰে পেহীয়েকে অনিতাক গান শিকায় । এইবাৰ বিদ্য়ালয়ৰ বাৰ্ষিক অধিৱেশনত হোৱা জ্য়োতি সংগীত প্ৰতিযোগিতাত অনিতাই প্ৰথম পুৰষ্কাৰ পইছে । পুৰষ্কাৰটো ঘৰলৈ আনি সকলোকে দেখুৱাওঁতে ঘৰখনত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ল সকলোৱে অনিতাক প্ৰশংসা কৰিলে ।

       অনিতাই নিজৰ পঢ়া টেবুলখন আৰু কিতাপ-পত্ৰবোৰ পৰিষ্কাৰ কৰি পৰিপাটিকৈ ৰাখে । সন্ধিয়া দেউতাক দূৰণিৰ অফিচৰ পৰা উভতি আহোঁতে পলম হয় বাবে মাকেই তাইৰ পঢ়া-শুনাৰ যত্ন লয় ।

      এনেকৈয়ে অনিতাহঁতৰ পৰিয়ালটো মিলা-প্ৰীতি আৰু ইজনে-সিজনক কৰা সহায়-সহযোগিতাৰ মাজেৰে চলি আছে ।

অনিতাৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল । যৌথ পৰিয়াল এটাত ককাক-আইতাক, খুড়াক-খুড়ীয়েক,পেহীয়েক,মাক-দেউতাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলোৱে একেলগে থাকে । কিছুমান যৌথ পৰিয়ালত আজোককা-আজোআইতা আৰু আন আন সদস্যও থাকে ।আইতা-ককা, মা-দেউতা, বৰদেউতা-বৰমা, খুড়া-খুড়ী আৰু তেওঁলোকৰ লৰা-ছোৱালী, পেহী এই আটাইবোৰেই হৈছে এটা যৌথ পৰিয়ালৰ একো একোজন সদস্য ।

শশাংকু মাক-দেউতাকৰ লগত শোণিতপুৰ জিলাৰ চতিয়াত থাকে । সি ঘৰৰ ওচৰতে থকা প্ৰাক্-প্ৰাথমিক বিদ্যালয়খনত পঢ়ে । মাকে তাক সদায় ৰাতিপুৱা হাতখন জোকাৰি জগাই দিয়ে । শশাংকুৱে ভালকৈ কথা ক'ব নোৱাৰে বাবে মাক-দেউতাক,সহপাঠী আৰু ওচৰ চুবুৰীয়াৰ লগত আকাৰ-ইংগিতেৰে কথা পাতে । শশাংকুৱে বিছনাৰ পৰা ৰাতিপুৱা শুই উঠি হাত-মুখ ধুই মাকক মাতি আকাৰ-ইংগিতেৰে খাবলৈ বিচাৰে । মাকেও তাৰ কথা বুজি পাই লৰালৰিকৈ খাবলৈ দিয়ে । খোৱাৰ পিছত সি দেউতাকৰ লগত নানা খেল খেলে ।

      বিদ্য়ালয়লৈ যাবৰ সময় হ'লে মাকে তাক পোছাক পিন্ধাই দিয়ে । প্ৰথম অৱস্থাত বিদ্য়ালয়লৈ যাবলৈ সি বৰ কন্দা-কটা কৰি মাকক চিন্তাত পেলাইছিল । মাকৰ এতিয়া চিন্তা কমিছে কাৰণ সি বিদ্য়ালয়লৈ যাবলৈ ভাল পোৱা হৈছে ।

       বিদ্য়ালয়ত শশাংকুই  আন সহপাঠীৰ লগত ওকেলগে বেঞ্চ বহে, পঢ়া-শুনা কৰে আৰু নানা ধৰণৰ খেল খেলে । সৰুৰে পৰা শশাংকু সৰলো কামতে উৎসাহী । তাৰ ছবি অঁকাত বৰ ৰাপ । সেয়েহে ধুনীয়া ধুনীয়া ছবি আঁকি শ্ৰেণীকোঠাত আঁৰি থয় । সি ভালদৰে সুনা নাপায় বাবে শ্ৰৱণযন্ত্ৰ ব্য়ৱহাৰ কৰে । শ্ৰেণীকোঠাত শিক্ষয়িত্ৰীয়ে সদায় শ্ৰৱণযন্ত্ৰটো ঠিকমতে কাম কৰিছেনে নাই পৰীক্ষা কৰি লয় । সিও এই কামটোত শিক্ষয়িত্ৰীগৰাকীক সহযোগ কৰে । শিক্ষয়িত্ৰীগৰাকীয়েও মাকৰ দৰে শশাংকুৰ সৈতে আকাৰ-ইংগিতেৰে তাৰ লগত কথা পাতে । শ্ৰেণীকোঠাৰ অন্য়ান্য় ছাত্ৰ-ছাত্ৰীয়েও অনুসৰণ কৰি আকাৰ-ইংগিতেৰে শশাংকুৰ লগত কথা পাতিবলৈ চেষ্ট কৰে ।

       শশাংকুৱে সহপাঠীৰ লগত বিদ্য়ালয়ত থকা নানাধৰণৰ পুতলা, সাঁথৰ আৰু কাঠৰ টুকুৰা লগলগাই বস্তু সজা আদি খেল খেলে । শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত সাধুকথা ক'লে লগে লগে সাধুকথাটো বুজাই দিয়ে । শশাংকুহঁতে কিছুমান দলগত ক্ৰিয়া-কলাপ কৰাৰ পাছত সকলোৱে লঘু আহাৰৰ বিৰতি পায় ।

           বিৰতিৰ পিছত বিদ্য়ালয়লৈ নিয়মীয়াকৈ অহা বাক্ চিকিৎসকজনে শশাংকু আৰু সেইখন বিদ্য়ালয়ৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা আন এগৰাকী ছাত্ৰীক কথনৰ অনুশীলন কৰায় । বিদ্য়ালয় ছুটী হ'লে শশাংকুৰ মাক আহি তাক ঘৰলৈ লৈ যায় ।

     ক্ৰিকেট শশাংকুৰ প্ৰিয় খেল । ভাৰতৰ লগত আন দেশৰ ক্ৰিকেট খেল থাকিলে সি টেলিভিছনৰ আগত বহি খেল উপভোগ কৰে । ভাৰতীয় খেলুৱৈয়ে ছয় বা চাৰি মাৰিলে সি ছিঞৰি হাত চাপৰি বজায় । আজৰি সময়ত সি সমনীয়াৰ লগত ক্ৰিকেট খেলিবলৈ ওলায় যায় । সা হেনো ডাঙৰ হ'লে এজন ক্ৰিকেট খেলুৱৈ হ'ব । দেউতাক গধূলি অফিচৰ পৰা ঘৰলৈ আহিলে দৌৰি গৈ সি দেউতাকক সাৱটি ধৰে । সি দেউতাকক দিনটোৰ কথাবোৰ অংগ-ভংগী আৰু ইংগিতেৰে বুজায় । ৰাতি ভাত খোৱাৰ পিছত সি মাক-দেউতাকৰ লগত শুবলৈ যায় ।শান্ত স্বভাৱৰ শশাংকুক ওচৰ-চুবুৰীয়া আৰু বিদ্য়ালয়ৰ সকলোৱে বৰ ভাল পায় আৰু মৰম কৰে ।


শ্ৰৱণ কথনৰ অসুবিধাৰ দৰে দূষ্টি, চলন-ফুৰণ, মানসিক আৰু শিকন অসমৰ্থতা থকা শিশুসৰলো আমাৰ দৰে একো একোজন । মাত্ৰ তেওঁলোকৰ প্ৰয়োজনীয়তা ভিন ভিন । সেই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি, মৰম-চেনেহেৰে আঁকোৱালি লৈ আগবঢ়াই যোৱাত সহায় কৰাটো আমাৰ সকলোৰে দায়িত্ব ।

   

শাশাংকুৰ পৰিয়ালটো হৈছে একক পৰিয়াল । একক পৰিয়ালত কেৱল মাক-দেউতাক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালী একেলগে থাকে ।




Bastab Deka