শিক্ষাৰ ক্ষেত্ৰতঃ 

সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা হৈছে শিক্ষা। শিক্ষা অবিহনে আমি কোনেও উন্নত জীৱন-জাপন কৰিব নোৱাৰোঁ। এজন শিক্ষিত আৰু এজন অশিক্ষিত মানুহৰ জীৱন-ধাৰণৰ মানৰ মাজত কেনে পাৰ্থক্য থাকে তোমালোকে কেতিয়াবা লক্ষ্য কৰিছানে? নিৰক্ষৰ লোক এজনে সাধাৰণ দোকান এখনো চলাবলৈ অসুবিধা পায়। দূৰ-দূৰণিলৈ যাব লগা ৰে'ল, বাছ আদিৰ টিকট কটাৰ ক্ষেত্ৰত তেওঁলোকৰ কি আহুকালৰ সৃষ্টি হয় ভাবাচোন! অন্ধবিশ্বাসৰ বলি হৈ। চিকিৎসকৰ সলনি বেজ বা তান্ত্ৰিকৰ জৰা-ফকুৰা চিৰিৎসা লৈ অনেকে অকাল মৃত্যুৰ মুখত পৰে। ডাইনী হত্যাৰ দৰে অমানৱীয় ঘটনাও ইয়াৰেই ফল। সেয়েহে নিৰক্ষৰতাক সামাজিক ব্যাধি বুলি কোৱা হয়। এই ব্যাধি নিৰ্মূলকৰণত চৰকাৰ আৰু জনসাধাৰণে গুৰু দায়িত্ব পালন কৰিব লাগে। আমাৰ দেশৰ চৰকাৰে ইতিমধ্যে শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ অধীনত জাতি, বৰ্ণ, ধৰ্ম লিংগ নিৰ্বিশেষে ৬ বছৰ পৰা ১৪ বছৰৰ ভিতৰৰ দেশৰ সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছে। সংবিধানে প্রাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্রদান কৰিছে ৷ ইয়াৰ লগে লগে প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্বও বহুখিনি বৃদ্ধি পাইছে। তােমালােকে যি পাঠ্যপুথি পঢ়ি আছা সেয়া চৰকাৰে বিনামূলীয়াকৈ যােগান ধৰা পাঠ্যপুথি। বিদ্যালয় আৰু শিক্ষাৰ প্রতি আকর্ষণ বৃদ্ধি কৰিবলৈ চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভােজন, সমবেশ আদিৰ ব্যৱস্থা কৰিছে। কিছুদিন আগলৈকে টি ভি, ৰেডিঅ’, বাতৰি কাকত, গাড়ী- মটৰ আদিত সর্বশিক্ষা অভিযান মিছনৰ বিজ্ঞাপন তােমালােকে নিশ্চয় মন কৰিছিল। মিছনে প্রাথমিক বিদ্যালয় গৃহসমূহ কি সুন্দৰকৈ নিৰ্মাণ কৰিছে লক্ষ্য কৰাচোন। ছাত্র ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে বিশুদ্ধ খােৱাপানী আৰু পৃথকে পৃথকে শৌচাগাৰ (অনাময় ব্যৱস্থা) আদি নির্মাণ কৰিছে। সংযােগী শিক্ষা কেন্দ্ৰৰ জৰিয়তে বিদ্যালয় বহির্ভূত শিশুসকলক শিক্ষা দিয়া হৈছে যাতে তেওঁলােকক আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত কৰিব পৰা যায়। ঠিক একেদৰে চৰকাৰে মাধ্যমিক শিক্ষা, উচ্চ আৰু উচ্চতৰ শিক্ষাৰ ক্ষেত্ৰটো শিক্ষাৰ অনুকূল গৃহ নির্মাণ, শিক্ষক নিযুক্তি, বিজ্ঞানাগাৰ, পুথিভঁৰাল অনুদান আদিকে ধৰি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে ছাত্র-ছাত্রীসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হ’ব পাৰে। দেশৰ উন্নয়নত শিক্ষিত আৰু কৌশলী ব্যক্তিয়েহে মুখ্য ভূমিকা গ্রহণ কৰিব পাৰে।



Class 7 Social science 

Type: Nayan Moni Deka