ক্ষমতা বিভাজন 

ভাৰতৰ সংবিধানে দুই ধৰণৰ চৰকাৰৰ ব্যৱস্থা কৰিছে? দেশৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰত্যেকখন ৰাজ্য বা গোটৰ বাবে একোখনকৈ ৰাজ্যিক চৰকাৰ।এই দুয়ো ধৰণৰ চৰকাৰৰ সাংবিধানিক মৰ্য্যাদা আছে আৰু স্পষ্টভাৱে নিৰূপণ কৰা পৃথক কাম- কাজ আছে। যদি কোনবোৰ কাৰ্য্য কেন্দ্ৰ নিয়ন্ত্ৰণত থাকিব আৰু কোনবোৰ ৰাজ্যৰ অধীনত থাকিব সেই সন্দৰ্ভত বিবাদৰ সৃষ্টি হয় তেতিয়া ন্যায়পালিকাই সাংবিধানিক ব্যৱস্থা অনুসৰি সেইবোৰ সীমাংসা কৰিব। কোনবোৰ বিষয়ত সম্পূৰ্ণৰূপে কেন্দ্ৰৰ অধিকাৰ থাকিব আৰু কোনবোৰ বিষয়ত ৰাজ্যৰ  অধিকাৰ থাকিব সেই কথা সংবিধানে স্পষ্টভাৱে নিৰ্ণয় কৰি দিছে।(পিছৰ পৃষ্ঠাত থকা তালিকাখন ভালদৰে পঢ়ি চোৱা। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কেনেদৰে ক্ষমতা বিতৰণ কৰা হৈছে। সেই বিষয়ে তালিকাখনত উল্লেখ কৰা হৈছে।)এই ক্ষমতা বিভাজনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে সংবিধানে অৰ্থনৈতিক আৰু বিত্তীয় ক্ষমতাবোৰ কেন্দ্ৰীয় চৰকাৰ হাততে অৰ্পন কৰিছে। ৰাজ্যবোৰে যথেষ্ট দায়িত্ব পালন কৰিবলগীয়া হয় কিন্তু তেওঁলোকৰ ৰাজহৰ উৎস একেবাৰে সীমিত। 

ভাৰতৰ সংবিধান

কেন্দ্ৰীয় সূচী

এই সূচীত অন্তৰ্ভূক্ত বিষয় কিছুমান হৈছেঃ- 

* প্ৰতিৰক্ষাৰ

* আনৱিক শক্তি

*বৈদেশিক পৰিক্ৰমা

* যুদ্ধ আৰু শান্তি

* বেংক ব্যৱস্থা

* ৰেইলৱে

* ডাক আৰু তাঁৰ

* বিমান সেৱা

* বন্দৰ

* বৈদেশিক বাণিজ্য 

* মুদ্ৰা ব্যৱস্থা

এই বিষয়সমূহত কেন্দ্ৰীয় বিধানমগুলে অকলে আইন প্ৰণয়ন কৰিব পাৰে। 

ৰাজ্যিক সূচী

এই সূচীত অন্তৰ্ভূক্ত বিষয় কিছুমান হৈছেঃ-

* কৃষি

* আৰক্ষী

* কাৰাগাৰ

*স্থানীয় শাসন

*জনস্বাস্থ্য

* ভূমি

* মাদক দ্ৰব্য

* ব্যৱসায় আৰু বাণিজ্য

* পশুধন আৰু পশুপালন

* ৰাজ্যিক লোকসেৱা

সাধাৰণতে কেৱল ৰাজ্যিক বিধানমগুলহে এই বিষয়সমূহত আইন প্ৰণয়ন কৰে। 

সমৱৰ্তী সূচী

এই সূচীত অন্তৰ্ভূক্ত বিষয় কিছুমান হৈছেঃ-

* শিক্ষা

* কৃষি ভূমিৰ বাহিৰে আন ভূমি বস্তান্তৰ

* অৰণ্য

* শ্ৰমিক সংঘ

* ভেজালকৰণ 

* দগুক আৰু উত্তৰাধিকাৰী

 কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমগুল উভয়ে পৃথক ভাৱে এই বিষয়সমূহত আইন প্ৰণয়ন কৰিব পাৰে।

অৱশিষ্ট ক্ষমতা

ওপৰত তালিকাৰ কেইখনত উল্লেখ নথকা আন সকলো বিষয়ে অৱশিষ্ট ক্ষমতাত অন্তৰ্ভূক্ত হয়। 

* কম্পিউটাৰ বিজ্ঞান বিষয়ক আইন (Cyber Laws)

এই বিষয়সমূহত কেৱল কেন্দ্ৰীয়  বিধানমগুলে আই প্ৰণয়ন কৰিব পাৰে। 

Type Sumit Patar

Class 11 Political Science