প্ৰাকৃতিক উদ্ভিদৰ বিতৰণঃ 

একোটা পৰিৱেশত নিজে নিজে হোৱা উদ্ভিদসমূহেই প্ৰাকৃতিক উদ্ভিদ। সূৰ্যৰ তাপ, উষ্ণতা আৰু বৃষ্টিপাতৰ ভিন্নতা আৰু মাটিৰ গুণাগুণ অনুসাৰে অঞ্চল ভেদে বেলেগ বেলেগ প্ৰকাৰৰ উদ্ভিদ পোৱা যায়। সেয়েহ, উত্তৰৰ হিমালয় পৰ্বতমালাৰ পৰা দক্ষিণৰ উপকূললৈ এই বিশাল ভূ-ভাগত আমি বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পাও।

উত্তাপ আৰু বৃষ্টিপাতৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি ভৰতবৰ্ষৰ প্ৰাকৃতিক উদ্ভিদসমূহক প্ৰধানতঃ ছটা ভাগত ভগাব পাৰি। সেইবোৰ হ'ল一(১) চিৰসেউজীয়া উদ্ভিদ (২) মৌচুমীয় উদ্ভিদ (৩) তৃণজাতীয় উদ্ভিদ (৪) কাঁইটীয়া মৰুজ উদ্ভিদ ব-দ্বীপীয় উদ্ভিদ আৰু (৬) পাৰ্বত্য উদ্ভিদ (চিত্ৰ৯.৩) 

(১) চিৰসেউজীয়া উদ্ভিদঃ

সাধাৰণতে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰৰ অধিক আৰু ২৫০-২৭০ চেণ্টিগ্ৰেডৰ ভিতৰত থাকে, তেনে অঞ্চলত চিৰসেইজীয়া উদ্ভিদ পোৱা যায়। এনে উদ্ভিদসমূহ সাধাৰণতে ওখ শ্ৰেণীৰ গছ-গছি। এইবোৰে ঘন অৰণ্যৰ সৃষ্টি কৰে। চিৰসেউজীয়া উদ্ভিদৰ পাত বছৰটোৰ বিভিন্ন সময়ত সৰি থাকে আৰু নতুন নতুন পাত ওলায়। ইয়াৰ বাবে এই অৰণ্যসমূহ চিৰসেউজীয়া হৈ থাকে। এনে অৰণ্যত শিশু, চন্দন, মেহগনি আদি গছ পোৱা যায়। এই শ্ৰেণীৰ উদ্ভিদসমূহ পশ্চিমঘাট পৰ্বতৰ পশ্চিমঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায়।

(২) মৌচুমীয় উদ্ভিদঃ

বছৰি ১০০ চিণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু প্ৰায় ২৭০ চেলচিয়াচ গড় উষ্ণতা থকা অঞ্চলত এনেবিধ উদ্ভিদ পােৱা যায়। বর্ষাকালত বৰষুণৰ পৰিমাণ বঢ়াৰ বাবে সেই সময়ছােৱাত এই উদ্ভিদৰৰ বৃদ্ধি হয়। আনহাতে, শীতকালত মৌচুমীয় অঞ্চলত বৰষুণ আৰু উষ্ণতা কম হয় বাবে মাটি শুকান হৈ যায় আৰু গছৰ পাত সৰি পৰে। সেয়ে ইয়াক পর্ণপাতী উদ্ভিদ বুলিও কোৱা হয়। শাল, চেগুণ, শিশু, শিমলু, অর্জুন, বিভিন্ন প্রজাতিৰ বাঁহ মৌচুমীয় অঞ্চলৰ উল্লেখযােগ্য উদ্ভিদ। মৌচুমীয় উদ্ভিদৰ অৰণ্য ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলত পােৱা যায়। অসম, বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, হিমাচল প্রদেশ, ছউিশগড়, ঝাৰখণ্ড, মধ্যপ্রদেশ, তামিলনাড়ু, পূর্বঘাট, পশ্চিমঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পােৱা যায়। আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিছু পৰিমাণে মৌচুমীয় উদ্ভিদ পােৱা যায়।

( ৩ ) তৃণজাতীয় উক্তিঃ

বছৰি ৩০ চেন্টিমিটাৰৰ পৰা ১০০ চেণ্টিমিটাৰ বৰষুণ হােৱা ঠাইবােৰত তৃণ জাতীয় উদ্ভিদ পােৱা যায়। এই উদ্ভিদবােৰ সাধাৰণতে চাপৰ আৰু জোপােহ। ইয়াত ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদেই প্রধান। উত্তৰ ভাৰতৰ পঞ্জাব, অন্ধ্রপ্রদেশৰ কিছু অংশ, ৰাজস্থানৰ একাংশ, কর্ণাটক আৰু মহাৰাষ্ট্রৰ অংশ বিশেষত এই শ্ৰেণীৰ উদ্ভিদ পােৱা যায়।

(৪) কাঁইটীয়া মৰুজ উদ্ভিদঃ

মৰুভূমি বা মৰু প্ৰায় অঞ্চলত য'ত বছৰি ৩০ চেণ্টিমিটাৰৰ কম বৰষুণ হয়, তেনে অঞ্চলতে কাঁইটীয়া মৰুজ, জোপোহা উদ্ভিদ গজে। কম বৃষ্টিপাত, অধিক উষ্ণতা আৰু বালিয়া মাটি হোৱা বাবে এই শ্ৰেণীৰ উদ্ভিদৰ প্ৰয়োজনীয় পানীৰ অভাৱ দূৰ কৰিবলৈ এনে শ্ৰেণীৰ উদ্ভিদৰ পাত-বহল নহৈ গোটা আৰু কাঁইটীয়া হয়। বিভিন্ন প্ৰকাৰৰ কেকটাচ, খেজুৰ আদি এই শ্ৰেণীৰ উদ্ভিদ। মৰুজ উদ্ভিদ প্ৰধানকৈ ৰাজস্থানৰ পশ্চিমঅংশৰ থৰ মৰুভূমি আৰু পঞ্জাৱৰ দক্ষিণ পশ্চিম অঞ্চলত পোৱা যায়।

৫) ব-দ্বীপীয় উদ্ভিদঃ

এই শ্ৰেণীৰ উদ্ভিদ দ্বীপীয় অঞ্চলত পোৱা যায়। বিশেষকৈ গংগা-ব্ৰহ্মপুত্ৰৰ ব-দীপ, সুন্দৰবন, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ ব-দ্বীপ অঞ্চল আৰু কচ্চ উপসাগৰৰ-উপকূল অঞ্চলত এই উদ্ভিদ পোৱা যায়। সমুদ্ৰৰ কাষৰীয়া অঞ্চলত জোৱাৰে জমা কৰা গেদ আৰু নদীয়ে জমা কৰা পলসুৱা মাটিৰ বাবে উপকূলৰ এনে ঠাই বিশেষে এই শ্ৰেণীৰ উদ্ভিদ গজে। সুন্দৰী, নাৰিকল, তাল আৰু জটাৰ দৰে শিপা থকা প্ৰজাতিৰ গছসমূহ এই শ্ৰেণীৰ উদ্ভিদ।

(৬) পাৰ্বত্য উদ্ভিদঃ

পাৰ্বত্য অঞ্চলত উচ্চতা অনুযায়ী বেলেগ বেলেগ শ্ৰেণীৰ উদ্ভিদ পোৱা যায়। ভাৰতবৰ্ষৰ হিমালয় অঞ্চলতো উচ্চতা অনুসৰি বেলেগ বেলেগ শ্ৰেণীৰ উদ্ভিদ পোৱা যায়। উচ্চতা অনুযায়ী হোৱা এনে উদ্ভিসমূহ হ'ল一

পাৰ্বত্য অঞ্চলৰ উচ্চতা সমূহঃ ১০০০ মিটাৰ উচ্চতা 

উচ্চতা অনুযায়ী হোৱা উদ্ভিদঃ শাল গছ, বাঁহ ইত্যাদি 


পাৰ্বত্য অঞ্চলৰ উচ্চতা সমূহঃ ১০০০ মিটাৰ 一২০০০ মিটাৰ 

উচ্চতা অনুযায়ী হোৱা উদ্ভিদঃ ওক,সলৰ জাতীয় গছ 


পাৰ্বত্য অঞ্চলৰ উচ্চতা সমূহঃ ১৬০০ মিটাৰ - ৩৫০০ মিঃ 

উচ্চতা অনুযায়ী হোৱা উদ্ভিদঃ বিভিন্ন প্ৰজাতিৰ সৰল গছ 


পাৰ্বত্য অঞ্চলৰ উচ্চতা সমূহঃ ৩৫০০ মিটাৰ - ৫২০০ মিঃ 

উচ্চতা অনুযায়ী হোৱা উদ্ভিদঃ আলপাইন জাতীয় গছ

পাৰ্বত্য উদ্ভিদ প্ৰধানকৈ পূব হিমালয় অঞ্চল, কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, ছিকিম-হিমালয় অঞ্চলত পোৱা যায়। 

কৃষিঃ

ভাৰতবর্ষ এখন কৃষি প্রধান দেশ। জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল নদীৰ পলসুৱা মাটিৰে গঠিত । এই অঞ্চলত গ্রীষ্ম কালত বায়ুৰ উত্তাপ ২৫ ° চেলচিয়াচৰ অধিক হয়। আনহাতে বৰষুণাে ১০০ চেণ্টিমিটাৰৰ অধিক । পশ্চিমবংগ , বিহাৰ , উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলৰ অন্তৰ্গত। ধান এই অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্রী। বৃষ্টিপাত তুলনামূলকভাৱে কম হলেও পঞ্জাব আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয়। ইয়াত উৎপাদিত ধান বিদেশলৈও ৰপ্তানি হয়। ইয়াৰ উপৰি উৰিষ্যাৰ মহানদী উপত্যকা, গােদাবৰী, কৃষ্ণা, কাৱেৰী নদীৰ মােহনা অঞ্চল আৰু কেৰালাত প্ৰচুৰ ধান খেতি কৰা হয়। পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে ঘেঁহু মূল কৃষি হিচাপে লােৱা হৈছে। ইয়াৰ বাহিৰেও মধ্যপ্রদেশ, বিহাৰ, পশ্চিমবংগ আদি প্ৰদেশত ঘেঁহু খেতি কৰা হয়। মধ্য প্রদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত ক'লা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। ৰাজস্থান, মধ্যপ্রদেশ, পূর্ব-মহাৰাষ্ট্র, কর্ণাটক আৰু অন্ধ্র প্রদেশৰ কিছু অংশত জোৱাৰ আৰু বজৰা খেতি কৰা হয়। দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলৰ মাটিত কফি আৰু চাহ খেতি কৰা হয়। অসমৰ উত্তৰ আৰু উত্তৰ পূব অঞ্চলৰ ওখ এঢলীয়া মাটি, পশ্চিমবংগৰ দার্জিলিং আদি অঞ্চলত চাহ খেতি কৰা হয়।ট

বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ ৰাজ্যৰ কিছু অংশত কুঁহিয়াৰ খেতি  কৰা হয়। পশ্চিমবংগ, উৰিষ্যা আৰু অসমত ধানৰ উপৰি মৰাপাট খেতি কৰা হয়। তাৰোপৰি,মধ্য ভাৰতৰ আটাইকেইখন ৰাজ্যতে বিভিন্ন প্ৰকাৰৰ মাহ আৰু মছলা জাতীয় শস্যৰ খেতি কৰা হয়। জম্মু-কাশ্মীৰত প্ৰচুৰ পৰিমাণে কমলা, আপেল, আঙুৰ আদি ফলমূলৰ খেতি কৰা হয়। সমগ্ৰ পূব আৰু পশ্চিম উপকূলত নাৰিকল খেতি বহুলভাৱে কৰা হয়।


Class 7 Social Science 

Type: Nayan Moni Deka