চমু পৰিচয়ঃ

আমি আগতে পাই আহিছো যে ভাৰতৰ্ষত মুছলমানসকলে শাসনকাৰ্য আৰম্ভ কৰিছিল ১২০৬ খ্ৰীঃত। এই মুছলমানসকলে ১২০৬ খ্ৰীঃৰ পৰা ১৮৫৭ খ্ৰীঃৰ চিপাহী বিদ্ৰোহৰ সময়লৈ ভাৰতবৰ্ষত শাসন কৰিছিল। ইয়াৰ ভিতৰত মোগলসকলে ভাৰতবৰ্ষ শাসন কৰিছিল ১৫২৬ খ্ৰীঃৰ পৰা ১৮৫৭ খ্ৰীঃলৈ। ১৭০৭ খ্ৰীঃত ঔৰংগজেৱৰ মৃত্যুৰ পিছত মোগল শাসন দুৰ্বল হৈ পৰিছিল। ১৭০৭ খ্ৰীঃৰ পৰা ১৮৫৭ খ্ৰীঃলৈ মোগলসকল নামতহে ভাৰতবৰ্ষৰ শাসক আছিল। এই সময়ছোৱাত ভাৰতবৰ্ষত স্থানীয় কেইটামান ৰাজবংশই বিভিন্ন স্থানত অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল। এটা সময়ত তেওঁলোকৰ পৰাক্ৰমৰ আগত মোগলসকল নিষ্প্ৰভ হৈ পৰিছিল। সেয়ে ক'ব পাৰি যে প্ৰকৃততে ভাৰতবৰ্ষত মোগলসকলে শাসন কৰিছিল। প্ৰায় ১৮১ বছৰ। বাবৰৰ সিংহাসন আৰোহণৰ সময়ৰ পৰা শেষ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰছাহলৈ হিচাপ কৰিলে মোগলসকলৰ শাসন কাল প্ৰায় ৩৩০ বছৰ। আগৰ পাঠত তোমালোকে মোগল সম্ৰাটসকলৰ একাদিক্ৰমে নাম আৰু ৰাজত্বকালৰ সময়ৰ ধাৰণা পাই আহিছা। 

ওপৰত তোমালোকে মোগল স্থাপত্য শিল্পকলাৰ কিছু নাম পাছাহঁক। মোগল যুগত এনেকুৱা অনেক স্থাপত্য শিল্পৰ সৃষ্টি হৈছিল। এই পুথিৰ পৰৱৰ্তী অধ্যায়ত এই বিষয়ে কিছু কথা জানিব পাৰিবা। মোগলৰ ইতিহাস পঢ়িলে এই বিষয়ে আৰু বিতংকৈ জানিব পাৰিবাহঁক। 


Class 7 Social Science 

Type: Nayan Moni Deka