স্থায়ী কাৰ্য্যপালিকাঃ আমোলাতন্ত্ৰ

মন্ত্ৰী সকলৰ সিদ্ধান্তবোৰক কোনে ৰূপায়িত কৰে?

    চৰকাৰৰ কাৰ্যবাহী অংগই প্ৰধানমন্ত্ৰী, মন্ত্ৰীবৰ্গ  আৰু এটি বৃহৎ সংগঠন আমোলাতন্ত্ৰ অথবা প্ৰশাসনীয় যন্ত্ৰক সামৰি লয়।এই প্ৰশাসন যন্ত্ৰ আৰু সামৰিক  সেৱাৰ মাজত থকা পাৰ্থক্যৰ  গুৰুত্ব আৰোপ কৰিবলৈ ইয়াক অসামৰিক সেৱা বিচাবে বৰ্ণনা কৰা হৈছে। মন্ত্ৰীসকলৰ নীতি নিৰ্ধাৰণ  আৰু এই নীতিৰবোৰ ৰূপায়নত সহায় কৰিবলৈ চৰকাৰৰ স্থায়ী কৰ্মচাৰী হিচাবে কামকৰা প্ৰশিক্ষিত আৰু দক্ষতাপূৰ্ণ বিষয়াৰ ওপৰত  দায়িত্ব অৰ্পন কৰিছে।

    গণতন্ত্ৰত নিৰ্বাচিত প্ৰতিনিধিবৰ্গ আৰু মন্ত্ৰীসকল চৰকাৰৰ দায়িত্বত থাকে আৰু প্ৰশাসন তেওঁলোকৰ তত্বাৱধান আৰু নিয়ন্ত্ৰণাধীন ।সংসদীয় শাসন ব্যৱস্থাত প্ৰশাসনৰ ওপৰত  বিধানমগুলেও নিয়ন্ত্ৰণ সাব্যস্ত কৰে। বিধানমগুলে গ্ৰহণ কৰা নীতি ভংগ কৰি প্ৰশাসনীয় বিষয়াসকলে কাম কৰিব নোৱাৰে।  প্ৰশাসনৰ  ওপৰত  ৰাজনৈতিক নিয়ন্ত্ৰণ বজায়  ৰখাটো মন্ত্ৰীসকলৰ দায়বদ্ধতা । ভাৰতবৰ্ষই পেছাদাৰী প্ৰশাসনীয়  যন্ত্ৰ প্ৰতিস্থা কৰিছে। একে সময়তে এই যন্ত্ৰটোক  ৰাজনৈতিকভাবে জবাবদিহি কৰা হৈছে।আমোলাতন্ত্ৰকও ৰাজনৈতিকভাৱে নিৰপেক্ষ হোৱাটো আশা কৰা হৈছে। ইয়াৰ  অৰ্থ হল যে নীতি নিৰ্ধাৰণৰ  বিষয়ত  আমোলাতন্ত্ৰই কোনো ৰাজনৈতিক স্থান গ্ৰহণ নকৰিব। এখন গণতন্ত্ৰত  এটা দল নিৰ্বাচনত  পৰাজয়  বৰণ কৰা আৰু নতুন  চৰকাৰে আগৰ  চৰকাৰখনে লোৱা নীতিৰ  স্থানত  নতুন নীতি গ্ৰহম কৰাটো সদায় সম্ভৱ হব  পাৰে। তেনেকুৱাৰ পৰিস্থিতি বিশ্বাসযোগ্য  আৰু যোগ্যতাৰে খচৰা প্ৰস্তুত কৰা আৰু ইয়াক ৰূপায়ণ কৰাত অংশগ্ৰহণ কৰাটো প্ৰশাসনীয় যন্ত্ৰৰ দায়িত্ব।

    ভাৰতীয় আমােলাতন্ত্র আজি বিস্তৃতভাবে এটি জটিল ব্যৱস্থা । ই সৰ্বভাৰতীয় সেৱা , ৰাজ্যিক সেৱা , স্থানীয় চৰকাৰৰ কৰ্মচাৰী , আৰু ৰাজহুৱা খণ্ড পৰিচালনা কৰা কাৰিকৰী আৰু পৰিচালক কৰ্মচাৰী মণ্ডলীক লৈ গঠিত হৈছে । আমাৰ সংবিধান প্রণয়ণকাৰীসকলে নিৰপেক্ষ আৰু পেছাদাৰী আমােলাতন্ত্রৰ গুৰুত্বৰ বিষয়ে অবগত আছিল । অসমাৰিক সেৱা অথবা আমােলাতন্তৰ সদস্যসকলক নিৰপেক্ষভাবে মেধাৰ ভিত্তিত বাছনি হােৱাটো তেওঁলােকেও কামনা কৰিছিল । গতিকে , ভাৰত চৰকাৰৰবাবে অসামৰিক সেৱাৰ লােকসকলক বাছনি কৰাৰ প্রক্রিয়া , পৰিচালনাৰ ভাৰ কেন্দ্ৰীয় লােক সেৱা আয়োগ ওপৰত ন্য়স্ত কৰা হৈছে। ৰাজ্যবোৰৰ বাবেও তেনেকুৱা লোকসেৱাৰ আয়োগৰ  ব্যৱস্থা কৰা হৈছে।  লোকসেৱা আয়োগৰ সদ্যসসকলক এটা নিৰ্দিষ্ট  কাৰ্য্যকাল বাবে নিযুক্তি দিয়া হয় । তেওঁলোকৰ অপসাৰণ  অথবা নিলম্বন এজন উচ্চতম ন্যায়ালৰ  ন্যায়াধীশৰ  দ্বাৰা বিতং অনুসন্ধানৰ চৰ্তসাপেক্ষেহে হয়। 

    যি সময়ত প্ৰাৰ্থী  বাছনি কৰাৰ বাবে যোগ্যতা আৰু মেধা হল মান দূৰ্বল শ্ৰেণীকে ধৰি সমাজৰ  সকলো শ্ৰেণীয়ে যাতে ৰাজহুৱা আমোলাতন্ত্ৰৰ  অংশ হোৱাৰ এটি সুবিধা পায়  তাৰ নিশ্চয়তা সংবিধানে প্ৰদান কৰে।

    এই উদ্দেশ্যে দলিত আৰু আদিবাসী সকলৰ বাবে সংবিধানে চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে।  পৰৱৰ্তীকালত  মহিলা আৰু অনুন্নত  শ্ৰেণীৰ  বাবেও সংৰক্ষণৰ  ব্যৱস্থাৰ  কৰা হৈছে । এই ব্যৱস্থাবোৰে আমোলাতন্ত্ৰক  অধিক প্ৰতিনিত্বমূলক হোৱাত আৰু অসামৰিক সেৱা বাছনিৰ ক্ষেত্ৰত সামাজিক অসমতা প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰাৰ নিশ্চিয়তা প্ৰদান কৰে। 



    কেন্দ্ৰীয় লোক সেৱা আয়োগে ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয়  পুলিচ সেৱাৰ বাবে বাছনি কৰা ব্যক্তিৰ দ্বাৰা ৰাজ্যসমূহৰ উচ্চপৰ্য্যায়ৰ  আমোলাতন্ত্ৰৰ  মেৰুদগু গঠিত হয়। জিলা পৰ্য্যায়ত  এখন জিলাৰ উপায়ুক্ত যে চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিষয়া তোমালোকে সম্ভৱ জানা । উপায়ুক্ত যে সাধাৰণে এজন ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া আৰু বিষয়াজন যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপিত চাকৰিৰ  চৰ্তৰ দ্বাৰা নিয়ন্ত্ৰিত তোমালোকে জানানে? এজন ভাৰতীয় অসামৰিক সেৱা অথবা ভাৰতীয়  পুলিচ বিষয়াক এখন নিৰ্দিষ্ট ৰাজ্যত নিৰ্ধাৰণ কৰি দিয়া হয় যত তেওঁ ৰাজ্য চৰকাৰখন নিৰীক্ষণৰ  অধীনত  কাম কৰে। অবশ্যে আই. এ এছ অথবা আই পি এছ বিষয়াসকলক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিযুক্তি দিয়া হয় তেওলোকে কেন্দ্ৰীয়  চৰকাৰৰ  চাকৰিলৈ পুনৰ ঘূৰি যাব পাৰে আৰু অতি গুৰুত্বপূৰ্ণভাৱে তেওলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা মাত্ৰ কেন্দ্ৰীয় চৰকাৰেহে গ্ৰহণ কৰিব পাৰে।  ইয়াৰ অৰ্থ হল যে ৰাজ্যসমূহৰ  অতি গুৰুত্বপূৰ্ণ প্ৰশাসনীয় বিষয়াসকল কেন্দ্ৰীয় লোক সেৱা আয়োগৰ  ৰ দ্বাৰা নিযুক্তি আই. এ এছ. আৰু আই পি এছ বিষয়াসকলৰ  দ্বাৰা ৰাজ্যৰ  প্ৰশাসন চোৱা- চিতা কৰা হয়। আমি যিহেতু পিছত  যুক্তৰাষ্ট্ৰবাদ অধ্যায়ত আলোচনা কৰিম ৰাজ্য়িক প্ৰশাসনৰ  ওপৰত কেন্দ্ৰীয়  চৰকাৰৰ নিয়ন্ত্ৰনক আমোলাতন্ত্ৰৰ এই বৈশিষ্ট্যই শক্তিশালী কৰিছে। 

    আমোলাতন্ত্ৰ হল এটি মাধ্যম যাৰ জৰিয়তে চৰকাৰৰ কল্যাণকামী  আচনিবোৰ  জনসাধাৰণৰ ওচৰলৈ প্ৰসাৰিত হব লাগিব।  কিন্তু আমোলাতন্ত্ৰ প্ৰায়েই ইমান ক্ষমতাশালী যে সৰ্বসাধাৰণ ৰাইজে এজন চৰকাৰী বিষয়াৰ কাষ চাপিবলৈ ভয়  কৰে। জনসাধাৰণৰ এইটো এটা গতানুগতিক অভিজ্ঞতা যে সাধাৰণ নাগৰিকৰ প্ৰয়োজন আৰু আকাংক্ষাৰ প্ৰতি আমোলাতন্ত্ৰ উদাসীন। আমোলাতন্ত্ৰক যদি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাখনে নিয়ন্ত্ৰণ কৰে কিছু সামৰ্থকভাৱে এই সমস্যা সমাধান কৰিব পৰা যাব। আনহাতে অত্যাধিক ৰাজনৈতিক হস্তক্ষেপে আমোলাতন্ত্ৰক ৰাজনীতিকাৰীৰ হাতৰ পুতলালৈ ৰূপান্তৰিত কৰে।  বাছনিৰ বাবে সংবিধানে যদিও স্বতন্ত্ৰ যন্ত্ৰৰ  সৃষ্টি কৰিছে বহুতো মানুহে ভাৱে যে অসামৰিক  সেৱাৰ লোকসকলক তেওলোকৰ দায়িত্ব  পালনত  ৰাজনৈতিক  হস্তক্ষেপৰ পৰা সুৰক্ষা দিবলৈ কোনো ব্যৱস্থা নাই। আমোলাতন্ত্ৰক নাগৰিকৰ ওচৰত  জবাবদিহি নিশ্চিত কৰিবলৈ যথেষ্ট ব্যৱস্থাই নাই বুলি ভবা বয়। তথ্য জনাৰ অধিকাৰ নিচিনা ব্যৱস্থাই আমোলাতন্ত্ৰক সামান্য পৰিমাণে অধিক সহানুভূতিশীল আৰু দায়িত্বশীল কৰিব বুলি আশা কৰা যায়। 

Type Sumit Patar

Class 11 Political Science