ৰাষ্ট্ৰীয় দিৱস

                            তিনি বৰণীয়া জাতীয় পতাকা

                                    বতাহত উৰি নাচে।

                            ওপৰত গেৰুৱা মাজত বগা

                             তলত সেউজীয়া ৰং আছে।

                          মাজৰ গাঢ় নীলা অশোক চক্ৰত

                                  চৌবিশডাল দণ্ড আছে।

                            ৰাষ্ট্ৰীয় দিৱসত পতাকাখনিক

                                 সকলোৱে সন্মান যাচে।

সকলো দেশৰে নিজা নিজা জাতীয় পতাকা আছে। এই জাতীয় পতাকাসমূহে নিজ নিজ দেশৰ ঐতিহ্য় বহন কৰে। আমাৰ দেশ ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগ পতাকা বুলি কোৱা হয়। ১৯৪৭ চনৰ ২২ জুলাইত এই ত্ৰিৰংগ পতাকাখনে ভাৰতৰ জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিল। এই জাতীয় পতাকাখন আমাৰ দেশৰ গৌৰৱ।

আমাৰ জাতীয় পতাকাখনৰ ৰংবোৰ বেলেগ বেলেগ ভাৱৰ প্ৰতীক


জানি লওঁ আহা-
           ✱ গেৰুৱা ৰং ত্য়াগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক।
            বগা ৰং সত্য় আৰু শান্তিৰ প্ৰতীক।
           ✱ সেউজীয়া ৰং কৃষি আৰু প্ৰগতিৰ প্ৰতীক।
           ✱ বগা অংশৰ মাজত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ থাকে। চক্ৰটো গতিশীলতাৰ প্ৰতীক। ইয়াৰ গাঢ় নীলা ৰঙে আকাশ আৰু সমুদ্ৰক বুজায়।
 


অশোক চক্ৰটোক ধৰ্মচক্ৰও বোলে। সাৰনাথৰ অশোক স্তম্ভ

পৰা এই চক্ৰটো লোৱা হৈছে। চক্ৰটোত ২৪ ডাল দণ্ড আছে।   

 

 

জাতীয় পতাকা ব্য়ৱহাৰৰ কিছুমান নায়ম-
   সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে।
   জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে।
   জাতীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে।
   পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে-তেনে ওলোমাই থব নালাগে।
   সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে।
   পতাকাখন লৈ সমদল উলিয়ালে, পতাকা বহন কৰা ব্য়ক্তিজন সদায় একেবাৰে আগত থাকিব লাগে।
    আমাৰ দেশত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় খেল সমাৰোহ আদিত অইন ৰাষ্ট্ৰৰ পতাকাৰ সৈতে একে শাৰীত আমাৰ পতাকাখন থকে। পতাকাখন একেবাৰে প্ৰথমত সোঁফালে থাকিব লাগে।

   

বিশ্বৰ যিকোনো ঠাইত জাতীয় পতাকাখনেই নিজৰ দেশৰ চিনাকি দিয়ে। এই পতাকা আমাৰ গৌৰৱ। জাতীয় পতাকাখন সন্মান কৰাটো আমাৰ কৰ্তব্য়। 

জাতীয় পতাকাখন লগে-ভাগে আঁকো আহা-
-   ৯ চে.মি. দীঘল এডাল ৰেখা আঁকা।            
                                                 

-  ৰেখাডালৰ দুইমূৰত, সমকোণ উৎপন্ন হোৱাকৈ ৬ চে.মি. দীঘলকৈ একোডাল ৰেখা আঁকা।
              (শিক্ষকৰ লহায় ল'বা)
                                                     

- ৰেখাদুডালৰ মূৰ দুটা পেঞ্চিলেৰে সংযোগ কৰি আন এডাল ৰেখা আঁকা।
                             
                                                
- ওপৰৰ পৰা দুই চে.মি. আঁতৰত পথালিকৈ আন এডাল ৰেখা আঁকা।
                                                                              

- একেদৰে ওপৰৰ ৪ চে.মি. আঁতৰত পথালিকৈ আৰু এডাল ৰেখা আঁকা।                                                  
                                
- এতিয়া ওপৰৰ অংশত গেৰুৱা আৰু তলৰ অংশটোত সেউজীয়া ৰং বলোৱা। (জাতীয় পতাকাখনত তিনিতা ৰঙৰ ভাগ সমান হ'ব লাকিব)।
                                         
- বগা অংশৰ ঠিক মাজত এটা বৃত্ত আঁকা আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা ছবিত দেখুৱীৰ দৰে ২৪ ডাল দণ্ড আঁকা। বৃত্তটো আৰু দণ্ডকেইডালত ছবিত দেখুৱাৰ দৰে গাঢ় নীলা ৰং দিয়া।
ক্ৰিয়া-কলাপ
শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি-
             (৩:২অনুপাতত,বেলেগ জোখত জাতীয় পতাকাখন ছাত্ৰ-ছাছীক আঁকিবলৈ দিব। অৰ্থাৎ দীঘ যদি ৯ চে.মি., ১২ চে.মি., ১৫ চে.মি., ...................হয় তেন্তে প্ৰস্থ হ'ব ৬ চে.মি., ৮ চে.মি., ১০ চে.মি.)
 শিক্ষক আৰু অভিভাৱকৰ সহায় লৈ-
       ৯ চে.মি. দীঘল আৰু ৬ চে.মি. পুতলৰ জোখত কাগজেৰে জাতীয় পতাকা এখন বনাই শুদ্ধকৈ ৰং দিয়া।
জাতীয় প্ৰতীকৰ বিষয়ে জানো আহা-
 আমাৰ জাতীয় প্ৰতীকটো হ'ল 'অশোক স্তম্ভ'।
 জাতীয় প্ৰতীকটো তিনিটা সিংহ পিঠীয়া পিঠিকৈ থিয় হৈ থকা দেখা যায়। আচলতে সিংহ চাৰিটা থাকে। সন্মুখৰ ফালৰ পৰা  চালে পিছফালৰ সিংহটো দেখা ৱনাযায়। কেৱল ছবিত দেখুওৱাৰ দৰে তিনিটা সিংহহে দেখা যায়।
 সিংহকেইটাৰ তলত এটা চকা আছে। চকাটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে এটা ষাঁড়গৰুৰ ছবি আছে। একেবাৰে তলত 'সত্য়মেৱ জয়তে' লিখা আছে।
 চৰকাৰী কাগজ-পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত জাতীয় প্ৰতীকৰ মোহৰটো ব্য়ৱহাৰ কৰা বাধ্য়তামূলক।
আমাৰ দেশৰ সকলো ঠাইতে একে সময়ত উদ্যাপন কৰা কেইটামান ৰাষ্ট্ৰীয় উৎসৱৰ বিষয়ে জানি লওঁ আহা-
 ২৬ জানুৱাৰীৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। সেইদিনা দিল্লীত ৰাষ্ট্ৰপতিয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰে। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিতো পতাকা উত্তোলন কৰা হয়।
      

গণতন্ত্ৰ দিৱসৰ দিনা সাহসিকতা দেখুওৱা ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয়।

                                     
১৫ আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। সেইদিনা দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰে। সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিতো পতাকা উত্তোলন কৰা হয়।
গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসৰ দিনা খেল-ধেমালি, উল-মবল বিতগণ, শিশুসকলৰ বাবে চলচিত্ৰ প্ৰদৰ্শন কৰা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি এক উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হয়।
ইয়াৰ উপৰি আৰু কেইটামান ৰাষ্ট্ৰীয় উৎসৱ আমি পালন কৰোঁ-
 ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। জাতিৰ পিতা মহাত্মা গান্ধীয়ে ইংৰাজ সকলৰ বিৰুদ্ধে অহ্ংসা আন্দোলন কৰি আমাৰ দেশ স্বাধীন কৰিছিল। সেইদিনা তেওঁৰ সমাধিস্থল দিল্লীৰ ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু পুষ্পমাল্য় প্ৰদান কৰা হয়।
    ৫ চেপ্তেম্বৰত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেখেত এজন শিক্ষক তথা মহান শিক্ষাবিদ আছিল। শিক্ষাজগতলৈ তেখেতে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই ৫ চেপ্তেম্বৰৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাবে পালন কৰা হয়। সেইদিনা শিক্ষকসকলৰ কৰ্ম আৰু ত্য়াগৰ প্ৰতি সন্মান জনাই কৃতি শিক্ষকসকলক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়। শিক্ষানুষ্ঠানসমূহতো সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক সন্মান জনাবলৈ বিভিন্ন কাৰ্যসবচবৰে দিনটো পালন কৰে।
১৪ নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশুদিৱস হিচাপে পালন কৰা হয়। শিশুসকসক তেখেতে বৰ ভাল পাইছিল আৰু মৰম কৰিছিল। সেয়েহে শিশুসকলৰ মাজত তেখেত 'নেহৰু খুড়া' বুলি পৰিচিত। এই দিনটোত সকলো শিক্ষানুষ্ঠানত খেল-ধেমালি, ৰচনা চিত্ৰাঙ্কন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়।

 Type: Bastab Deka
 








Post ID : DABP005225