6.2.2 (i)  সৰল স্থায়ী কলা (Simple permanent tissue)

কোষবিলাকৰ কেইশাৰীমান লগ হৈ প্ৰাৰম্ভিক কলাৰ বন্ধটো গঠন হয়। এই কলাখিনিয়েই হ'ল পেৰেণকাইমা আৰু এইখিনি স্থায়ী কলা। তুলনামুলকভাবে এই কলাৰ কোষবোৰৰ কোষবেৰখন পাতল আৰু ইহঁতৰ বিশেষত্ব নাথাকে। এইবিলাক সজীৱ কোষ। সাধাৰণতে সিহঁতে পাতলকৈ সজ্জিত হৈ থাকে, সেইবাবেই কোষবিলাকৰ মাজত সৰু বা ডাঙৰ কোষ মধ্য়ৱৰ্ত্তী স্থান বিদ্য়মান। এই কলাখিনিয়েই উদ্ভিদক শক্তি দিয়ে। কোনো কোনো ক্ষেত্ৰত, এই কলাৰ কোষবিলাকত পত্ৰহৰিৎ থাকে বাবে সিহঁতে সালোক সংশ্লেষণ কৰিবহ পাৰে আৰু তেনেবিলাকক ক্ল'ৰেণকাইমা বোলে। জলজ উদ্ভদিৰ ক্ষেত্ৰত,পেৰেণকাইমা কোষবিলাকৰ মাজত যতেষ্ট ডাঙৰ ডাঙৰ কোষ মধ্য়বৰ্ত্তী স্থান থাকি উদ্ভিজোপাক পানীত ওপঙি থকাত সহায় কৰে। তেনেধৰণৰ পেৰেণকাইমাক বায়ু কলা বোলে। কাণ্ড আৰু শিপাত থকা পেৰেণকাইমাবিলাকেও খনিজ লৱণ বা পুষ্টি আৰু পানী সঞ্চিত কৰি ৰাখে।

        উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো অন্য় এবিধ কলাৰ বাবে সম্ভৱপৰ হয় আৰু সেইবিধ কলাক ক'লেইণকাইমা বুলি কোৱা হয়। এই কলাখিনিয়েই উদ্ভিদৰ বিভিন্ন অংগ (পাত, কাণ্ড) বিলাক বেকা বা হালি গ'লেও ভাগি নোযোৱাকৈ থকাত সহায় কৰে। এই কলাবিলাকে উদ্ভিদজোপাক শাৰিৰীক শক্তি প্ৰদান কৰে। আমি এই কলাখিনি গছৰ পাতৰ বৃন্তৰ বহিঃস্তকৰ তলতে বিচাৰি উলিয়াব পাৰো। এইবিধ কলাৰ কোষবিলাক সজীৱ, দীঘলীয়া আৰু অনিয়মিতভাৱে কোষবোৰৰ ডুকবিলাক ডাঠ। এইবিধ কলাৰ কোষ মধ্য়ৱৰ্ত্তী স্থান একেবাৰে কম অথবা নাথাকেই (চিত্ৰ 6.4 a)।

    এন্য় এবিধ স্থায়ী কলা হ'ল স্কেৰেণকাইমা। এই কলা বিধৰ বাবেই উদ্ভিদ দেহ কঠিন আৰু দৃঢ় হয়। আমি নাৰিকলৰ বাকলি নিশ্চয় দেখিছো। এইখন স্কেৰেইণকাইমা কোষেৰে গঠিত। এই কৰলাবিধৰ কোষবিলাক মৃত। কোষবিলাকৰ কোষবেৰখনত লিগনিন (এবিধ ৰাসায়নিক পদাৰ্থ যিয়ে কঠিন আৰু কাঠাৰ দৰে লেকেতা লাগি থাকে) জমা হোৱাৰ বাবে দীঘল আৰু ঠেক হৈ পৰে। প্ৰায় ক্ষেত্ৰতে কোষবিলাক লিগনিনেৰে পৰিপূৰ্ণ হৈ কোষৰ আভ্য়ন্তৰিণ খালী স্থান নোবোৱা হৈ পৰে। এই কলাবিধ কাণ্ড আৰু সংবহন কণাৰ চাৰিওফালে, পাতৰ শিৰাত আৰু গছৰ গুটিৰ বাকলিত পোৱা যায়। এই কলাখিনিয়েই উদ্ভিদৰ অংগক দৃঢ়তা প্ৰদান কৰে।

কাৰ্যকলাপ..............................................6.3

•    ৰিঅ' উদ্ভিদৰ সজীৱ পাতখ এখন লোৱা।

•   হেচাঁ প্ৰয়োগ কৰি পাতখন ভাঙি টানি দিয়া।

•   এনেদৰে পাতখন ভাঙি টানি আনোতে এটা পাতলীয়া আৱৰণ ডোখৰ পানী পৰিপূৰ্ণ পেট্ৰিডিছ এখনত লোৱা।

•   তাত কেই টোপালমান চাফ্ৰানিন দ্ৰৱ দিয়া।

•   এক মিনিটমান  সময়ৰ পাচত সেই টুকুৰাটো এখন  শ্লাইডখনলৈ নিয়া। তাৰ ওপৰত সাৱধানেৰে এখন ক'ভাৰ শ্লিপ দিয়া।

•    অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা।


চিত্ৰ- 6.5 : ৰক্ষীকোষ আৰু বহিস্ত্বকীয় কোষ (a) পাৰ্শ্বীয় দৃষ্টিত
(b) সমুখ দৃষ্টিত

        তুমি যিটো অংশ নিৰীক্ষণ কৰিছা সেই অংশটো হ'ল পাতখনৰ বাহিৰফালে থকা কোষৰ এটা শাৰী আৰু ইয়াকে বহিস্ত্বক বুলি কোৱা হয়। বহিস্ত্বকখন সাধাৰণতে এশাৰী কোষেৰে গঠিত। কিছুমান উদ্ভিদ যিবিলাক অতি খৰাং ঠাইত জন্মে সেইবিলাক উদ্ভিদৰ বহিস্ত্বকখন যথেষ্ট ডাঠ যিয়ে উদ্ভিদৰ আভ্য়ন্তৰৰ পৰা পানী ওলাই যোৱাত প্ৰতিৰোধ কৰে। উদ্ভিদ এজোপাৰ সকলো দিশৰ বহিঃ অংশটো এনে বহিঃস্ত্বকৰে আবৃত হৈ থাকে। এই বহিঃস্ত্বকখনে উদ্ভিদজোপাক সকলোফালৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে। সাধাৰণতে উদ্ভিদৰ বায়বীয় অংগৰ বহিস্ত্বকৰ কোষবিলাকে মমজাতীয় পদাৰ্থ নিঃসৰণ কৰি বহিস্ত্বকৰ প্ৰতিৰোধী স্তৰ এটাৰ সৃষ্টি কৰে। ই উদ্ভিদৰ আভ্য়ন্তৰৰ পৰা পানী ওলাই যোৱাত বাধা দিয়া, শৰিৰীক ক্ষতিৰ পৰা ৰক্ষা কৰা আৰু ভেকুঁৰ আদি পৰজীৱীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাত আদি সহায় কৰে। যিহেতু ইয়াৰ মুখ্য় কাম উদ্ভিদজোপাৰ ৰক্ষণাবেক্ষণ দিয়া সেয়েহে বহিস্ত্বকখনৰ কোষবিলাকৰ মাজত কোনো কোষ মধ্য়ৱৰ্ত্তী স্থান নাথাক। বহিস্ত্বকৰ প্ৰায়বিলাক কোষেই সমতলীয়া। সিহঁতৰ বাহিৰৰ আৰু কাষৰীয়া কোষবেৰখন ভিতৰৰ খনতকৈ ডাঠ হয়।

    পাতৰ বহিস্ত্বকখনত আমি ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ দেখা পাওঁ। এই ৰন্ধ্ৰবিলাকক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় (চিত্ৰ 6.5)। পত্ৰৰন্ধ্ৰবিলাক বৃক্ক আকৃতিৰ দুটা কোষেৰে আগুৰি থাকে আৰু ইহঁতক ৰক্ষীকোষ বুলি কোৱা হয়। এইবিলাক বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানৰ বাবে প্ৰয়োজন। বাষ্পমোচন অৰ্থাৎ উদ্ভিদে আভ্য়ন্তৰৰ পৰা বাষ্পকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়াটো এই পত্ৰৰন্ধ্ৰৰমাজেৰেই সংঘটিত 


        শিপাৰ বহিস্ত্বকখনৰ প্ৰধান কাম হ'ল পানী শোষণ কৰা। এই অংশটোৰ পৰা চুলিৰ দৰে দীঘল দীঘল কিছুমান অংগ ওলাই গোটেই অঞ্চলটোতে বিস্তৃত হৈ থাকে আৰু মাত্ৰাধিক পানী শোষণ কৰাত সহায় কৰে। 

        কিছুমান মৰুজ উদ্ভিদৰ বহিস্ত্বকখন কিউটিন নামৰ মম জাতীয় পদাৰ্থই ঢাকি ৰাখে। এইটো কি কাৰণে হয় আমি চিন্তা কৰি নিৰ্ণয় কৰিব পাৰোনে?

    এজোপা গছৰ শাখা ডাল তাৰ এটাৰ বহিঃ আৱৰণখন কুমলীয়া কাণ্ড এটাৰ বহিঃ প্ৰতিৰোধী কলাবিলাকো কিছু ক্ষেত্ৰত পৰিবৰ্তন সাধি সলনি হৈ গৈ থাকে। উদ্ভিদৰ কাণ্ড বহিস্ত্বকখনৰ একোটা অংশৰ পৰা এশাৰী কোষ গৌণ ভাজক কলালৈ পৰিবৰ্ত্তন হয়। এই কোষৰ শাৰী বা পটিটোৰ পৰা বাহিৰফালে কিছুমান কোষৰ সষ্টি হৈ স্তৰীভূত হয়। এইদৰে কেইবাটাও স্তৰ গঠন হৈ গছৰ ডাঠ বাকলিখন গঠন হয়, ইয়াকে কৰ্ক বুলি কোৱা হয়। এই কৰ্কৰ কোষবিলাক মৃত আৰু কোনো কোষ মধ্য়বৰ্ত্তী স্থান নথকাকৈ ইটো কোষৰ লগত সিটো কোষ নিকপকপীয়াকৈ লাগি থাকে (চিত্ৰ 6.6)। এই কোষবিলাকৰ কোষবেৰখনত চুবেৰিণ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হৈ থাকে যাৰ বাবে ইয়াৰ মাজেৰে গেছ আৰু পানীও সৰকি যাব নোৱাৰে।

চিত্ৰ - 6.6 সুৰক্ষা প্ৰদান কৰা কলা






Class 9 Science Assam SCERT Book (Chapter 6)

Type:- Bidyut Thakuria








Post ID : DABP005226