অণু আৰু পৰমাণু

পদাৰ্থৰ অজ্ঞাত আৰু দৃষ্টিৰ অগােচৰ অৱস্থাটোৱে প্রচীন ভাৰতীয় আৰু গ্রীক দার্শনিকসকলক সদায়েই বিস্ময়ান্বিত কৰি আহিছিল । পদার্থ বিভাজ্যতাৰ ধাৰণাটো ভাৰতত খ্রী.পূ. 500 চন মানতেই বিবেচনা কৰা হৈছিল । ভাৰতীয় দার্শনিক মহর্ষি কণাদে ধাৰণা কৰিছিল যে যদি আমি পদার্থ এটা ভাঙি গৈ থাকো তেন্তে আমি কিছুমান ক্ষুদ্র ক্ষুদ্র কণা পাই গৈ থাকিম । এটা সময়ত আমি পদার্থটোৰ সবাটোতকৈ ক্ষুদ্র কণাবােৰ পাম । এই অৱস্থাৰ পাছত পদাৰ্থত আৰু অধিক বিভাজন সম্ভৱ নহ'ব ।

        এই ক্ষুদ্রতম অবিভাজ্য কণাবােক তেওঁ পৰমাণু (Parmanu) নাম দিছিল । আন এগৰাকী ভাৰতীয় দার্শনিক পকুধা কাট্যায়ামে (Pakdha Katyayama ) এই মতক বিশদভাৱে দাঙি ধৰিছিল আৰু কৈছিল যে এই কণাবােৰ সাধাৰণতে সংযােজিত অৱস্থাত থাকে বাবেই পদার্থক আমি ভিন ভিন ৰূপত পাইছোঁ । সমসাময়িক গ্রীক দার্শনিক ডেম’ক্রিটাছ (Democritus) আৰু লিউছিপ্পাছ (Leucippus) ৰ মতেও যদি আমি পদার্থ এটা ভাঙি গৈ থাকো , এটা সময়ৰ পাছত কণাবােৰৰ আৰু অধিক বিভাজন ঘটাব পৰা নাযাব । এই অবিভাজ্য কণাবােৰক ডেম’ক্রিটাছে ‘এটম’ (অর্থ অবিভাজ্য) বুলিছিল । এই সকলােখিনিয়েই দর্শনভিত্তিক ধাৰণা আছিল আৰু এই ধাৰণাসমূহ সাব্যস্ত কৰিবলৈ ওঠৰ শতিকা পর্যন্ত তেনে কোনাে বিশেষ পৰীক্ষামূলক কাম কাজ হােৱা নাছিল । ওঠৰ শতিকাৰ শেষলৈ বিজ্ঞানীসকলে মৌল আৰু যৌগৰ মাজত প্ৰভেদ চিনিব পাৰিছল । মৌলবােৰ কিয় আৰু কেনেকৈ লগ হয় আৰু লগ হলে কি হ'ব তাক জানিবলৈ তেওঁলোেক স্বাভাৱিকতেই আগ্রহী হৈ পৰিল । এন্টইনি এল লেভয়ছিয়াৰে (Antoine L. Lavoisier) ৰাসায়নিক সংযােগৰ দুটা গুৰুত্বপূৰ্ণ বিধি উপস্থাপন কৰি ৰাসায়নিক বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল ।




Class 9   General  Science
Bidyut Thakuria.