3.5.3 ম'লৰ ধাৰণা

 পানী গঠনৰ বাবে হাইড্ৰ'জেন আৰু অক্সিজেনৰ মাজত ঘটা বিক্ৰিয়াটোক এটা উদাহৰণ হিচাপে লোৱা।
            2H2 + O2 → 2H2O.
ওপৰৰ বিক্ৰিয়াটোৱে সূচাইছে যে
        (i)    হাইড্রজেনৰ দুটা অণু অক্সিজেনৰ এটা অণুৰে সৈতে লগ হলে পানীৰ দুটা অণু গঠন হয় বা 
        (ii)    4u হাইড্রজেন অণু 32u অক্সিজেন অণুৰে সৈতে লগ হলে 36u পানীৰ অণু গঠন হয় ।
 
    ওপৰৰ বিক্রিয়াটোৰ পৰা আমি সিদ্ধান্ত গ্রহণ কৰিব পাৰো যে এটা পদাৰ্থৰ পৰিমাণ তাৰ ভৰ বা অণুৰ সংখ্যাৰে বর্ণনা কৰিব পৰা যায়। কিন্তু ৰাসায়নিক বিক্রিয়াৰ সমীকৰণ এটাই বিক্রিয়াটোত ভাগ লােৱা পৰমাণু বা অণুৰ সংখ্যাক পােনপটীয়াকৈ সূচায়। গতিকে পদার্থ এটাৰ পৰিমাণক ভৰত প্রকাশ কৰাতকৈ তাৰ অণু বা পৰমাণুৰ সংখ্যাত প্ৰকাশ কৰাটো বেছি সুবিধাজনক। সেইবাবে এটা নতুন একক ‘ম’ল’ৰ অৱতাৰণা কৰা হৈছিল। যিকোনাে পদার্থ (পৰমাণু, অণু, আয়ন বা কণিকা)ৰ এক ম'ল সংখ্য়া হিচাপত সেই পৰমাণক বুজায় যাৰ ভৰ গ্ৰম হিচাপত তাৰ পাৰমাণৱিক বা আণৱিক ভৰৰ সমান।
    যিকোনো এটা পদাৰ্থৰ 1 ম'লত থকা কণা (পৰমাণু, অণু বা আয়ন) ৰ সংখ্য়া স্থিৰ, 6.022 × 1023 টা।

            যেনেকৈ, 1 ডজন = 12 টা।
                         1 গ্ৰোছ   = 144 টা।
        এটা সংখ্য়াৰে সৈতে সম্পর্কিত হৈ থকা বাদেও এক ডজন বা এক গ্রোছতকৈ এক ম’লৰ এটা অতিৰিক্ত সুবিধা আছে। এই সুবিধাটো হ’ল এটা নির্দিষ্ট পদার্থৰ এক মলৰ ভৰও নির্দিষ্ট।
   এটা পদাৰ্থৰ এক ম’লৰ ভৰ গ্ৰামত তাৰ আপেক্ষিক পাৰমাণৱিক বা আণৱিক ভৰৰ সমান। এটা মৌলৰ পাৰমাণৱিক ভৰে আমাক পাৰ্মাণৱিক ভৰ একক (u) ত সেই মৌলটোৰ এটা পৰমাণুৰ ভৰৰ মান দিয়ে। সেই মৌলটোৰ এক মল পৰমাণুৰ ভৰ অর্থাৎ মলাৰ ভৰ পাবলৈ আমি একেটা সাংখ্যিক মানকে ল’ব লাগিব কিন্তু এককটো 'u' ৰ পৰা' g' লৈ সলাব লাগিব। পৰমাণুৰ ম'লাৰ ভৰক গ্রাম পাৰ্মাণৱিক ভৰ হিচাপেও জনা যায়। উদাহৰণ স্বৰূপে, হাইড্রজেনৰ পাৰমাণৱিক ভৰ = 1u৷ সেইবাবে, হাইড্রজেন গ্রাম পাৰমাণৱিক ভৰ = Ig। 1u হাইড্র'জেনত হাইড্র'জেনৰ এটা মাত্র পৰমাণু থাকে।1g হাইড্রজেনত ম’ল পৰমাণু থাকে ।
অর্থাৎ 6.022 × 1023 টা হাইড্রজেনৰ পৰমাণু থাকে। একেদৰে , 16u অক্সিজেনত অক্সিজেনৰ এটা মাত্ৰ পৰমাণু থাকে। 16g অক্সিজেনত 1 মল পৰমাণু থাকে অর্থাৎ 6.022x1023 টা অক্সিজেনৰ পৰমাণু থাকে।
    অণু এটাৰ গ্রাম আণৱিক ভৰ বা ম'লাৰ ভৰ সাংখ্যিক ভাৱে আণৱিক ভৰৰ সমান। এককটোক মাত্র 'u' ৰ পৰা 'g' লৈ সলনি কৰা হয়।
        উদাহৰণ স্বৰূপে , আমি ইতিমধ্যে গণনা কৰি অহা অনুসৰি পানী (H2O) ৰ আণৱিক ভৰ 18u ৷ ইয়াৰ পৰা আমি বুজিছাে যে一
    18u পানীত মাত্র 1 টা পানীৰ অণু থাকে।
    18g পানীত 1 মল পানীৰ অণু অর্থাৎ 6.022 × 1023 টা পানীৰ  অণু থাকে।
        বিক্ৰিয়া ঘটাওঁতে ৰসায়ন বিজ্ঞানীসকলক পৰমাণু আৰু অণু সমূহৰ সংখ্য়াৰ প্ৰয়োজন হয় আৰু তাৰ বাবে ভৰ (গ্ৰামত) আৰু সংখ্য়াৰ মাজৰ সম্পৰ্ক বিচাৰ কৰাৰ প্ৰয়োজন হয়। ইয়াক তলত দিয়াৰ দৰে তকৰা হয়।
1 ম'ল = 6.00 × 1023

                = গ্ৰাম আপেক্ষিক ভৰ

গতিকে ম'ল হ'ল ৰসায়ন বিজ্ঞানীৰ গাণনিক একক।

    ম'ল শব্দটো 1896 ৰ আগে-পাছে উইলহেল্ম অষ্টৱাল্ডে অৱতাৰণা কৰিছিল। ইয়াক দ'ম বা দ'ল বা থূপ হিচাপে থূপ বুজোৱা লেটিন শব্দ ম'লচৰ পৰা লোৱা হৈছিল। পদাৰ্থ এটাক পৰমাণু বা  অণুৰ একোটা থূপ হিচাপে বিৱেচনা কৰিব পাৰি। নমুনা এটাত থকা অণু-পৰমাণুৰ বৃহৎ সংখ্য়াক প্ৰকাশ কৰা এক সৰল পন্থা হিচাপে 1967 চনত ম'ল এককটো গ্ৰহণ কৰা হৈছিল।

                                                                                          

উদাহৰণ 3.3
1.    তলত দিয়াবোৰত ম'লৰ সংখ্য়া গণনা কৰা। 
    (i)    52 gm Heত (ভৰৰ পৰা ম'ল নিৰ্ণয়)
    (ii)    12.044 × 1023 টা He পৰমাণুত (কণিকাৰ সংখ্য়াৰ পৰা ম'ল নিৰ্ণয় কৰা) ।
সমাধান ঃ
        ম'লৰ সংখ্য়া                                 = n
        প্ৰদত্ত                                            = m
        ম'লৰ ভৰ                                      = M
        কণিকাৰ প্ৰদত্ত সংখ্য়া                   = N
        এভ'গেড্ৰ সংখ্য়া                            = N0
        (i)    He ৰ পাৰমাণৱিক ভৰ           = 4u
                He ম'লাৰ ভৰ                        = 4g
       
                

                       
উদাহৰণ-3.4 তলত দিয়াবোৰৰ ভৰ গণনা কৰা ঃ 
        (i)        0.5 ম'ল Nগেছ ( ম'লৰ পৰা অণুৰ ভৰ)
        (ii)       0.5 ম'ল N পৰমাণু ( ম'লৰ পৰা পৰমাণুৰ ভৰ)
        (iii)      3.011× 1023 টা N ( সংখ্য়াৰ পৰা ভৰ)

        (iv)       6.022 × 1023 টা N2 অণু (সংখ্য়াৰ পৰা ভৰ)

সমাধান  ঃ

    (i)    ভৰ = ম'লাৰ ভৰ × ম'লৰ সংখ্য়া

            ⇒ m = M × N = 28 × 0.5 = 14g

    (ii)    ভৰ = ম'লাৰ ভৰ × ম'লৰ সংখ্য়া

            ⇒ m = M × n =  14 × 0.5 = 7 g

     (iii)    ম'লৰসংখ্য়া, n

          

                

            

                = 14×0.5 = 7g

     

         = 28 × 1 = 28g 

                                                                                                       

উদাহৰণ 3.5 তলৰ প্ৰতিটোতে কণিকাৰ সংখ্য়া গণনা ক
ৰা ।

        (i)    46g Na পৰমাণু (ভৰৰ পৰা সংখ্য়া)

        (ii)    8g O অণু (ভৰৰ পৰা অণুৰ সংখ্য়া)

        (iii)    0.1 ম'ল কাৰ্বন পৰমাণু (প্ৰদত্ত ম'লৰ পৰা সংখ্য়া)

       

                                          

       


                                                                                 
                                                
       অক্সিজেন পাৰমাণৱিক ভৰ = 16 u

O2 অণুৰ ম'লৰ ভৰ  = 16 ✕ 2 = 32

                        

                       ⇒ N = 1.5055 × 1023

                          = 1.51× 1023

(iii)  কণিকা (পৰমাণু)ৰ সংখ্য়া = কণিকাৰ ম'লৰ সংখ্য়া × এভ'গেড্ৰ'ৰ সংখ্য়া

   N = n × N0 = 0.1 × 6.022 × 1023

   = 6.022 × 1024


                                                                                                                              


1. এক হ'ল কাৰ্বন পৰামাণুৰ ভৰ 12 গ্ৰাম হ'লে 1টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ'ব ?

2. 100 গ্ৰাম ছ'ডিয়াম বা 100 গ্ৰাম আইৰন কোনটোত পৰমাণুৰ সংখ্য়া বেছি থাকিব ? (দিয়া আছে, Na ৰ পাৰমাণৱিক ভৰ = 23u Fe = 56u)







Class 9 General Science Chapter 3
Bidyut Thakuria