3.5.2 সংকেত গোট ভৰ
যৌগ এটাৰ সংকেত গোট এটাত থকা পৰমাণুবোৰৰ পাৰমাণৱিক ভৰবোৰৰ যোগফলেই যৌগটোৰ সংকেত গোট ভৰ । আমি আণৱিক ভৰ যিদৰে গণনা কতৰো তেনেদৰেই সংকেত গোট ভৰ গণনা কৰা হয় । একমাত্ৰ পাৰ্থক্য়টো হ'ল আমি সংকেত গোট শব্দটো সেইবোৰ যৌগৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰো যিবোৰৰ উপাদান কণাবোৰ আয়ন । যেনে ছ'ডিয়াম ক্ল'ৰাইডৰ সংকেত গোট NaCl । ইয়াৰ সংকেত গোত ভৰ এনেদৰে গণনা কৰিব পাৰি ।
1 × 23 + 1 × 35.5 = 58.5 u
উদাহৰণ 3.2CaCl ৰ সংকেত গোট ভৰ গণনা কৰা ।
সমাধান ঃ
Ca ৰ পাৰমাণৱিক ভৰ + (2 × Clৰ পাৰমাণৱিক ভৰ )
=40+2×35.5 =40+ 71 = 111 u
প্ৰশ্নাৱলী
1. H2,O2, Cl2, CO2, CH4, C2H6, CH4 NH3 আৰু CH3OHৰ আণৱিক ভৰ গণনা কৰা ।
2. ZnO, NaO আৰু K2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা । প্ৰদত্ত পাৰমাণৱিক ভৰবোৰ হ'ল Zn = 65u, Na = 23u, K = 39u, C = 12u আৰু O = 16 u.
Class 9 General Science Chapter 3
Bidyut Thakuria