3.2.1 বেলেগ বেলেগ মৌলৰ পৰমাণুবােৰৰ আধুনিক চিহ্ন সমূহ কি কি ? (WHAT ARE THE MODERN DAY SYMBOLS OF ATOMS OF DIFFERENT ELEMENTS ?)

    মৌলবােৰৰ বাবে এক অতি সুনির্দিষ্ট অর্থবহ চিহ্ন ব্যৱহাৰ কৰা প্রথম বিজ্ঞানীজন আছিল ডেল্টন। যেতিয়া মৌল এটাৰ বাবে তেওঁ এটা চিহ্ন ব্যৱহাৰ কৰিছিল তেওঁ তাৰ দ্বাৰা সেই মৌলটোৰ এক নির্দিষ্ট পৰিমাণাে বুজাইছিল অর্থাৎ সেই মৌলটোৰ পৰ্মাণু এটাক বুজাইছিল। বার্জিলিয়াছে (Berzilius) মৌলবােৰৰ চিহ্নসমূহ মৌলটোৰ নামৰ এটা বা দুটা আখৰেৰে হ’ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল।
 


চিত্ৰ- 3.3 ডেল্টনে আগবঢ়োৱা মৌল কিছুমানৰ চিহ্নসমূহ


    
আৰম্ভণিতে মৌলবােৰৰ নামবােৰ সিহঁতৰ প্রথম প্রাপ্তি স্থানবােৰৰ নামৰ পৰা উদ্ভাৱন কৰা হৈছিল। যেনে, কপাৰ (copper) নামটো চাইপ্রাচ (Cyprus) নামৰ পৰা লােৱা হৈছিল। কিছুমান নাম বিশেষ বিশেষ ৰঙৰ নামৰ পৰা লােৱা হৈছিল। যেনে গল্ড (Gold) নামটো হালধীয়া (Yellow) ৰঙ বুজোৱা ইংৰাজী শব্দটোৰ পৰা লােৱা হৈছিল। সম্প্রতি IUPAC (International Union of Pure and Applied Chemistry, আন্তর্জাতিক বিশুদ্ধ আৰু প্রায়ােগিক ৰসায়ন সংস্থা) এ মৌলবােৰৰ নামবােৰ অনুমােদন কৰে। চিহ্নবােৰৰ ভালেমানতে মৌলবােৰৰ ইংৰাজী নামৰ প্রথম এটা বা দুটা আখৰ থাকে। এটা চিহ্নৰ প্রথম আখৰটো সদায় বৰফলা আখৰ (uppercase) আৰু দ্বিতীয় আখৰটো সৰুফলা আখৰ (lowercase) ত লিখা হয়।

(i) হাইড্রজেন , H

(ii) এলুমিনিয়াম , Al ; AL নহয় ।

(iii) ক’বাল্ট , Co; CO নহয়।

    কিছুমান মৌলৰ চিহ্ন নামটোৰ প্রথম আখৰটো আৰু নামটোত থকা পাছৰ আখৰ এটাৰে প্ৰকাশ কৰা হয়। যেনেঃ (i) ক্ল'ৰিণ (Chlorine), Cl  (ii) জিংক (Zinc), Zn ইত্যাদি।

    অন্য কিছুমান চিহ্ন মৌলবােৰৰ লেটিন, জার্মান আৰু গ্রীক নামৰ পৰা লােৱা হয়। যেনে লেটিন নাম ফেৰাম (Ferrum) ৰ পৰা আইৰণ চিহ্ন Fe, নেট্রিয়াম (Natrium) ৰ পৰা ছডিয়াম চিহ্ন Na আৰু কেলিয়াম (Kalium) ৰ পৰা পটেছিয়ামৰ চিহ্ন K লােৱা হৈছে। গতিকে প্রতিটো মৌলৰে এটা নাম থাকে আৰু এটা সুকীয়া ৰাসায়নিক চিহ্ন থাকে।

মৌল

চিহ্ন

মৌল

চিহ্ন

মৌল

চিহ্ন

এলুমিনিয়াম

Al

কপাৰ

CU

নাইট্ৰজেন

N

আৰ্গন

Ar

ফ্লৰিণ

F

অক্সিজেন

O

বেৰিয়াম

Ba

গল্ড

Au

পটেছিয়াম

K

ৰণ

B

হাইড্ৰজেন

H

ছিলিকন

Si

ব্ৰমিন

Br

আয়ডিন

I

ছিলভাৰ

Ag

কেলছিয়াম

Ca

আয়ৰণ

Fe

ডিয়াম

Na

কাৰ্বন

C

লেড

Pb

ছালফাৰ

S

ক্লৰিণ

Cl

মেগনেছিয়াম

Mg

ইউৰেনিয়াম

U

বাল্ট

CO

নিয়ন

Ne

জিংক

Zn

(মৌলবোৰৰ বিষয়ে অধ্য়য়ন কৰোঁতে মৌলবোৰৰ চিহ্নবোৰৰ প্ৰয়োজন হ'ব। সেইবাবে ওপৰৰ তালিকাখন দিয়া হৈছে। তালিকাখনৰ সকলোখিনি একেবাৰতে মনত ৰাখিব লাগিব বুলি ভাবি চিন্তিত হ'ব নালাগে। তালিকাখন বাৰে বাৰে ব্য়ৱহাৰ কৰি থাকোতে এটা সময়ত এনেয়েই মনত থাকি যাব।)



Class 9 General Science 

Type :- Bidyut Thakuria.