3.2 পৰমাণু কি ? (What is an atom)
ৰাজমিস্ত্ৰীয়ে প্ৰাচীৰ বা বেৰ সজা, প্ৰাচীৰৰ বা বেৰৰ পৰা কোঠা আৰু কোঠাবোৰ লগ কৰি একোটা অট্ৰালিকা সজা মন কৰিছানে ? প্ৰকাণ্ড অট্ৰালিকা এটা নিৰ্মাণৰ প্ৰাথমিক গোট একোটা কি ? এটা উঁই হাঁফলু গঠনৰ একক কি ? ক্ষুদ্ৰ ক্ষুদ্ৰ বালিকণাৰে এটা উঁই হাঁফলু সৃষ্ট হৈছে । একেদৰে সকলো পদাৰ্থৰে গঠনৰ প্ৰথমিক গোটবোৰ হৈছে পৰমাণুবোৰ ।
পৰমাণুবোৰ কিমান ডাঙৰ ?
পৰমাণুবোৰ নিচেই সৰু, এইবোৰ আমি অনুমান বা চুলনা কৰিব পৰা যিকোনো বস্তুতকৈ সৰু। বহু নিযুতৰো অধিক পৰমাণু এটাৰ ওপৰত আনটো খুৱালে কথমপিহে এখিলা কাগজৰ সমান ডাঠ হ'ব।
পাৰমাণৱিক থূপ ব্য়াসাৰ্দ্ধ নেন'মিটাৰত জোখা হয় । 1/10 9m = 1nm 1 m = 109 nm | |
| |
আপেক্ষিক আকাৰ | |
ব্য়াসাৰ্দ্ধ (মিটাৰত) | উদাহৰণ |
10-1 | হাইড্ৰ’জেন পৰমাণু |
10-9 | পানীৰ অণু |
10-8 | হিম’গ্লবিনৰ অণু |
10-4 | বালিকণা |
10-2 | পৰুৱা |
10-1 | তৰমুজ |
আমি ভাবিব পাৰো পৰমাণুবোৰ আকাৰত যদি ইমান নগণ্য়ই এইবোৰৰ বিষয়ে আমি চিন্তা চৰ্চা কৰছোঁ কিয়? ইয়াৰ কাৰণ হ'ল আমাৰ গোটেই বিশ্বখন পৰমাণুৰে গঠিত। আমি পৰমাণুবোৰক দেখা নাপাব পাৰো, কিন্তু পৰমাণু নথকা নহয় আৰু আমি যিহকে কৰো তাৰ ওপৰত পৰমাণুবোৰৰ প্ৰভাৱ অনবৰতে থাকে। আধুনিক প্ৰযুক্তিবিদ্য়াৰ কৌশলৰ জৰিয়তে আমি এতিয়া পৰমাণুবোৰ দেখা পোৱাকৈ মৌলসমূহৰ পৃষ্ঠৰ সংবৰ্দ্ধিত প্ৰতিচ্ছবি পাব পাৰো।
![]() |
চিত্ৰ- 3.2 ছিলিকন পৃষ্ঠৰ এক প্ৰতিচ্ছবি |
Class 9 General Science (Chapter 3)
Type:- Bidyut Thakuria.