তৰ্কবিজ্ঞান কাক বোলে? 

    তৰ্কবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ'ল Logic। 'Logike' এই গ্রীক শব্দটোৰ অৰ্থ হ'ল চিন্তা বা চিন্তাৰ প্রকাশ হিচাপে শব্দ। ব্যুৎপত্তিগত অর্থৰ দিশৰ পৰা তর্কবিজ্ঞানৰ সংজ্ঞা হ’ল— তর্কবিজ্ঞান ভাষাত প্রকাশিত চিন্তাৰ বিজ্ঞান। (Logic is the science of thought as expressed in language)। 

    চিন্তা (Thought) শব্দটো অতি ব্যাপক। চিন্তা বুলিলে সাধাৰণতে প্রত্যক্ষ (Perception), স্মৃতি (Memory), কল্পনা (Imagination), সামান্য ধাৰণা বা অনুমান (General Idea or Concept), যুক্তিপদ্ধতি (Reasoning) আদি সকলােকে বুজায়। তর্কবিজ্ঞানৰ ক্ষেত্ৰত চিন্তা শব্দটো ব্যৱহাৰ নকৰি স্পষ্টতাৰ বাবে অনুমান (Reasoning) শব্দটো ব্যৱহাৰ কৰিব পাৰি। 

তর্কবিজ্ঞান সাধাৰণতে অনুমানৰ বিজ্ঞান বুলি কোৱা হয়ঃ 

    সদ্যহতে তর্কবিজ্ঞান সম্পর্কে মনত এটা মােটামুটি ধাৰণা গঢ়ি তােলাৰ উদ্দেশ্যে এই সংজ্ঞাটো চমুকৈ আলােচনা কৰিব পাৰি। 

    বিজ্ঞানঃ প্রকৃতিৰ কোনাে এটা নির্দিষ্ট বিভাগ

সম্পর্কে সুসংবদ্ধ, সাধাৰণ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বােলে। উদাহৰণ স্বৰূপে পদার্থবিজ্ঞান, উদ্ভিদবিজ্ঞান, মনােবিজ্ঞান আদি বিজ্ঞান। 

    সমগ্র প্রকৃতিক বিভিন্ন বিভাগত বিভক্ত কৰা হয়। বিজ্ঞান ইয়াৰ কোনাে এটা নির্দিষ্ট বিভাগৰ জ্ঞান। বিজ্ঞান সেই নির্দিষ্ট বিভাগৰ অন্তর্ভুক্ত বস্তু সাধাৰণৰ জ্ঞান। এনে জ্ঞান সুসংগত আৰু সুসংবদ্ধ, যুক্তিসিদ্ধ, প্রামাণ্য স্বভাৱৰ হ’ব লাগিব। প্রমাণিত ন হলে বিজ্ঞানৰ জ্ঞান যথার্থ বুলি নিরূপিত হয় আৰু ই নিশ্চিত স্বভাৱৰ হয়। 

    অনুমানঃ যি মানসিক প্রক্রিয়াৰ জৰিয়তে'জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হােৱা যায়, তাক অনুমান বােলে। 

    অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰিলে তাক যুক্তি বা তর্ক (Argument) বােলে। 

    অনুমানত জ্ঞাত বিষয় বা সত্যই ‘আধাৰবচন’ (Premises) গঠন কৰে। অনুমানৰ জৰিয়তে উপনীত হােৱা অজ্ঞাত নতুন বিষয় বা সত্যই সিদ্ধান্ত (Conclusion) হয়  গতিকে, অনুমানত আধাৰবচনৰ জৰিয়তে সিদ্ধান্তত উপনীত হােৱা যায়। 

    অনুমানক নিগমন (Deductive) আৰু (Inductive). এই দুই ভাগত ভাগ কৰা হয়। নিগমন অনুমানত এটা বা ততােধিক আধাৰবচনৰ পৰা সিদ্ধান্তটো অনিবার্যভাৱে নিঃসৃত হয়। নিগমনৰ সিদ্ধান্তটো আধাৰবচনতকৈ কেতিয়াও অধিক ব্যাপক হ’ব নােৱাৰে। 

    উদাহৰণ স্বৰূপে-

সকলাে মানুহ হয় মৰণশীল 

সকলাে ৰাজনীতিবিদ হয় মানুহ 

∴ সকলাে ৰাজনীতিবিদ হয় মৰণশীল। 

    আগমন অনুমানত অভিজ্ঞতাৰ পৰা লাভ কৰা কিছুমান ঘটনা বা বস্তু পর্যবেক্ষণ কৰি তাত পােৱা বিশেষ ঘটনা সম্বন্ধ বস্তু-স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰি সেই জাতীয় সকলাে ঘটনা বা বস্তু সম্পর্কে কোনাে সার্বিক বচন প্রতিষ্ঠা কৰা হয়। আগমনত সিদ্ধান্তটো আধাৰবচনতকৈ অধিক ব্যাপক হয়। 

উদাহৰণ স্বৰূপে- 

ৰাম হয় মৰণশীল 

হৰি হয় মৰণশীল 

মধু হয় মৰণশীল  

∴ সকলাে মানুহ হয় মৰণশীল। 

    তর্কবিজ্ঞানৰ আলােচনাৰ বিষয়বস্তু হ’ল অনুমান। তর্কবিজ্ঞানে সুসংবদ্ধভাৱে অনুমান সম্পর্কে আলােচনা কৰি যথাৰ্থ আৰু সুনিশ্চিত জ্ঞান আহৰণ কৰে। অনুমান সম্পর্কে বিজ্ঞানসন্মতভাৱে আলােচনা কৰাৰ কাৰণে তর্কবিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি অভিহিত কৰা হয়। 

Type Himanku Bora