ন্যায় অনুমানৰ শুদ্ধাশুদ্ধি নিৰ্ণয় বা সত্যাসত্য নিৰ্ণয়ঃ

    ন্যায় অনুমানৰ বৈধতা বুলিলে ইয়াৰ আকাৰগত সত্য়তাৰ কথাই বুজোৱা হয়। ন্যায় অনুমানৰ আকাৰগত সত্যতা নিৰ্ণয়ৰ বাবে ন্যায়ৰ কিছুমান (দহটা) সাধাৰণ নিয়ম আছে আৰু ইয়াৰ বৈধতা এই নিয়মসমূহৰ ওপৰত প্ৰতিষ্ঠিত। যেতিয়া ন্যায়ৰ সিদ্ধান্তটো ন্যায়ৰ নিয়ম অনুযায়ী প্ৰতিষ্ঠা কৰা হয়, তেতিয়া ন্যায় অনুমানটোক বৈধ বুলি কোৱা হয়, তেতিয়া ন্যায় অনুমানটো অবৈধ বুলি কোৱা হয়। এতিয়া কোনো এটা যুক্তি শুদ্ধ নে অশুদ্ধ, বৈধ নে অবৈধ সেইটো নিৰ্ধাৰণ কৰাঅনেক সময়ত অতি কঠিন। শিক্ষাৰ্থীৰ সুবিধাৰ বাবে তলত কিছুমান সাধাৰণ নিৰ্দেশ দিয়া হ'ল।

    অনুমানবোৰ সকলো সময়তে তৰ্কবিজ্ঞানসন্মত আকাৰত নাথাকে। লেয়েহে ন্যায়ৰ বৈধতা বিচাৰৰ সময়ত আমাৰ প্ৰথম কৰ্তব্য হ'ল— বাক্যবোৰৰ পৰা প্ৰথমে এটা তৰ্কবিজ্ঞানসন্মত যুক্তি গঠন কৰা। ইতিমধ্যে এটা বাক্যক কিদৰে তৰ্কবিজ্ঞানসন্মত বচনলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ বিস্তৃত বিৱৰণ আগৰ অধ্যায়ত দিয়া হৈছে। ন্যায় অনুমানৰ গঠনত দেখা যায় যে প্ৰথমে সাধ্যবচন, তাৰ পিছত পক্ষবচন আৰু শেষত সিদ্ধান্ত দিয়া থাকে। 

(সাধ্যবচন — পক্ষবচন — সিদ্ধান্ত)।

    কিন্তু বিভিন্ন উদাহৰণত দেখা যায় যে বচনবোৰ এনে ধৰণৰ তৰ্কবিজ্ঞানসন্মনত আকাৰত সকলো সময়তে দিয়া নাথাকে। গতিকে সৰ্বপ্ৰথমে বচনবোৰক ন্যায়ৰ তৰ্কবিজ্ঞানসন্মত যুক্তিৰল আকাপত সজাব লাগিব। তাৰ বাবে নিম্নলিখিত নিয়মবোৰ মানি চলা দৰকাৰ।

(1) প্ৰথমে ন্যায়ৰ সিদ্ধান্তটো বাছি ল'ব লাগিব আৰু তাক যুক্তিটোৰ শেষত অৰ্থাৎ তৃতীয় স্থানত লিখিব লাগিব। সাধাৰণতে সিদ্ধান্তটোৰ আগত 'গতিকে', 'গতিকে', 'সেইকাৰণে', 'সেয়েহে' (therefore, so hence) ইত্যাদি শব্দবোৰ যুক্ত থাকে। যদি কেতিয়াবা নাথাকে, তেনেহ'লে অনুমানটো ভালদৰে পৰ্যবেক্ষণ কৰি অৰ্থৰ বিচাৰ কৰি সিদ্ধান্তটো নিৰ্ণয় কৰা হয়। কেতিয়াবা আকৌ সিদ্ধান্তটো প্ৰথমতে দিয়া থাকে তাৰ পিছত 'কাৰণ', 'কিয়নো', (because, for) ইত্যাদি শব্দৰে আশ্ৰয়বাক্যটো দিয়া থাকে। সিদ্ধান্ত নিৰ্ণয়ৰ পিছত সিদ্ধান্তৰ উদ্দেশ্য পক্ষপদ আৰু সিদ্ধান্তৰ বিধেয় সাধ্যপদ সহজে নিৰ্ণয় কৰিব পাৰি।

(2) ন্যায় অনুমানত সাধ্যপদটো যিটো বচনত থাকে, সেইটো হ'ব সাধ্যবচন আৰু পক্ষপদটো যিটো বচনত থাকে সেইটো হ'ব পক্ষবচন।

(3) এতিয়া যুক্তিটোক তৰ্কবিজ্ঞানৰ আকাৰত লিখিব লাগিব। প্ৰথমে সাধ্যবচন, তাৰ পিছত পক্ষবচন আৰু শেষত সিদ্ধান্ত (সাধ্যবচন — পক্ষবচন — সিদ্ধান্ত)।

(4) এতিয়া চাব লাগিব যুক্তিটোত ন্যায়ৰ কোনো নিয়ম ভংগ হৈছে নেকি। এই প্ৰসংগত কোন বচনত কোনটো পদ ব্যাপ্ত হৈছে সেইটো লক্ষ্য কৰিব লাগিব আৰু ন্যায়ৰ নিয়মবোৰ ভালদৰে মনত ৰাখিব লাগিব।

(5) এটা কথা মনত ৰাখিব লাগিব যে কোনো অনুমানৰ বৈধতা নিৰ্ণয় কোতে সেইটো সদায় যে অশুদ্ধ হ'ব— এনে ধাৰণা মনত ৰাখিব নালাগে। অনেক ক্ষেত্ৰত অনুমানটো শুদ্ধ হব'ও পাৰে। তেনে ক্ষেত্ৰত অনুমানটোক তৰ্কবিজ্ঞানসন্মত আকাৰত ৰূপান্তৰিত কৰি তাৰ সংস্থান (Figure) আৰু মূৰ্তি (Mood)ৰ উল্লেখ কৰিব লাগে।

(6) আন এটা বিষয় হৈছে অনুমানটোক কেৱল মাত্ৰ তৰ্কবিজ্ঞানসন্মত আকাৰত প্ৰকাশ কৰি তাক 'বৈধ' বা 'অবৈধ' বুলি লিখিলেই নহ'ব। অনুমানটোৰ সঠিক ব্যাখ্যা অৰ্থাৎ কিয় ই বৈধ বা কিয় ই অবৈধ সেইটোও স্পষ্ট কৰিব লাগিব।

    ন্যায় অনুমানত সাধাৰণতে নিম্নলিখিত দোষসমূহ দেখা যায়

(a) চতুষ্পদী দোষ (Fallacy of four terms)

(b) অনেকাৰ্থক সাধ্যপদ দোষ (Fallacy of ambiguous major)

(c) অনেকাৰ্থক পক্ষপদ দোষ Fallacy of ambiguous minor)

(d) অনেকাৰ্থক হেতুপদ দোষ (Fallacy of ambiguous middle)

(e) অব্যাপ্ত হেতুপদ দোষ (Fallacy of un-distributed middle)

(f) অবৈধ সাধ্যপদ দোষ (Fallacy of illicit major)

(g) অবৈধ পক্ষপদ দোষ (Fallacy of illicit minor)

(h) দুটি নঞৰ্থক আশ্ৰয়বাক্যজনিত দোষ (Fal-lacy of negative premises)।

    তলত কিছুমান ন্যায় অনুমানৰ বৈধতাৰ বিচাৰ কৰি দেখুওৱা হ'ল

(a) চতুষ্পদী দোষ (Fallacy of four terms)ঃ

(i) সেনাপতিৰ স্ত্ৰীয়ে সৈন্যবাহিনীক পৰিচালনা কৰে; কাৰণ সেনাপতিয়ে সৈন্যবাহিনীক পৰিচালনা কৰে আৰু সেনাপতিৰ স্ত্ৰীয়ে সেনাপতক পৰিচালনা কৰে। 

তৰ্কবিজ্ঞানসন্মত ৰূপ—

A— সেনাপতি হয় এনে ব্যক্তি যিয়ে সৈন্যবাহিনীক পৰিচালনা কৰে।

A— সেনাপতিৰ স্ত্ৰী হয় এনে ব্যক্তি যিয়ে সেনাপতিৰ স্ত্ৰী হয় এনে ব্যক্তি যিয়ে সৈনাবাহিনীক পৰিচালনা কৰে।

দোষঃ চতুষ্পদী দোষ (Fallacy of four terms)।

    এই ন্যায়টো অশুদ্ধ। ইয়াত চতুষ্পদী দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে এটা ন্যায়ত তিনিটাতকৈ বেছি পদ থাকিব নোৱাৰে। কিন্তু ইয়াত চাৰিটা পদ আছে। যেনে— (1) সেনাপতি (2) যিয়ে সৈনাবাহিনীক পৰিচালনা কৰে, (3) সেনাপতিৰ স্ত্ৰী আৰু (4) যিয়ে সেনাপতিক পৰিচালনা কৰে। (ii) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে। গতিকে চন্দ্ৰ সূৰ্যৰ চাৰিওফালে ঘূৰে।

তৰ্কবিজ্ঞানসন্মত ৰূপ—

A— পৃথিৱী হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে।

A— চন্দ্ৰ হয় এনে যি পৃথিৱীৰ চাৰিওফালে ঘূৰে।

ஃ A— চন্দ্ৰ হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘুৰে।

দোষঃ চতুষ্পদী দোষ (The fallacy of four terms)।

    এই ন্যায়টো অবৈধ। ইয়াত চতুষ্পদী দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে এটা ন্যায়ত তিনিটাতকৈ বেছি পদ থাকিব নােৱাৰিব। কিন্তু ইয়াত চাৰিটা পদ আছে। যেনে— (1) পৃথিৱী (2) যি সূৰ্যৰ চাৰিওফালে ঘূৰে (3) চন্দ্র (4) যি পৃথিৱীৰ চাৰিওফালে ঘূৰে। 

(b) অনেকাৰ্থক সাধ্যপদ দোষঃ 

(i) নামবাচক শব্দ ধাতু নহয়, লাে নামবাচক শব্দ, সেয়ে লাে ধাতু নহয়। 

তর্কবিজ্ঞানসন্মত ৰূপ— 

E কোনাে নামবাচক শব্দ নহয় ধাতু 

A লাে হয় নামবাচক শব্দ। 

ஃ E লাে নহয় ধাতু। 

দোষঃ অনেকাৰ্থক সাধ্যপদ দোষ। 

    এই ন্যায়টো অবৈধ। ইয়াত ‘অনেকার্থক সাধ্যপদ দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে ন্যায়ৰ পদটো দুয়ােটা বচনতে একে অৰ্থত ব্যৱহাৰ হ’ব লাগে। ইয়াত সাধ্যপদ ধাতু ’ অনেকার্থক হৈছে। সাধ্য বচনত ই ব্যৱহাৰ হৈছে ক্রিয়াৰ মূলৰ অৰ্থত আৰু সিদ্ধান্তত এক ধাতৱ পদার্থৰ অৰ্থত ব্যৱহাৰ হৈছে। 

(ii) পদ বচনৰ অংশ। মােৰ ভৰি দুখন বচনৰ অংশ নহয়। সেয়েহে মােৰ ভৰি দুখন পদ নহয়। তর্কবিজ্ঞানসন্মত ৰূপ— 

A পদ হয় বচনাংশ 

E মােৰ ভৰি দুখন নহয় বচনাংশ 

ஃ E মােৰ ভৰি দুখন নহয় পদ। 

দোষঃ অনেকাৰ্থক সাধ্যপদ দোষ। 

এইটো এটা অবৈধ ন্যায়। ইয়াত ‘অনেকার্থক সাধ্যপদ ন্তু ইয়াত সাধ্যপদ ‘পদ’ সাধ্যবচনত ‘বচনৰ অংশ’ অর্থত আৰু সিদ্ধান্তত ‘শৰীৰৰ অংশ অর্থাৎ ‘ভৰিদোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে সাধ্যপদটো দুয়ােটা আশ্রয়বাক্যতে একে অর্থত ব্যৱহাৰ হ'ব লাগিব কি অৰ্থত ব্যৱহাৰ হৈছে। 

(c) অনেকাৰ্থক পক্ষপদ দোষঃ 

(i) মানুহ উৰিব পৰা জীৱ নহয়, দ্বিজ হয় মানুহ, সেয়েহে দ্বিজ উৰিব পৰা জীৱ নহয়। 

তর্কবিজ্ঞানসন্মত ৰূপত—

E মানুহ নহয় উৰিব পৰা জীৱ 

A দ্বিজ হয় মানুহ 

ஃ E- দ্বিজ নহয় উৰিব পৰা জীৱ। 

দোষঃ নেকার্থক পক্ষপদ দোষ। 

    এইটো এটা অবৈধ ন্যায়। ইয়াত ‘অনেকার্থক পক্ষপদ দোষ' ঘটিছে। ন্যায়ৰ নিয়ম মতে পক্ষপদটো দুয়ােটা আশ্রয়বাক্যতে একে অর্থত ব্যৱহাৰ হ'ব লাগিব। কিন্তু ইয়াত ‘দ্বিজ’ পক্ষপদ পক্ষবচনত 'ব্রাহ্মণ’ অর্থত আৰু সিদ্ধান্তত ‘চৰাই’ অর্থত ব্যৱহাৰ হৈছে। 

(ii) ক্ষণস্থায়ী বস্তুৰ মূল্য নাই। দণ্ডৰ মূল্য নাই, কাৰণ দণ্ড ক্ষণস্থায়ী। তর্কবিজ্ঞানসন্মত ৰূপ 

A সকলাে ক্ষণস্থায়ী বস্তু হয় মূল্যহীন 

A দণ্ড হয় ক্ষণস্থায়ী 

ஃ A দণ্ড হয় মূল্যহীন। 

দোষঃ অনেকাৰ্থক পক্ষপদ দোষ। 

    এইটো এটা অবৈধ ন্যায়। ইয়াত অনেকার্থক পক্ষপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে পক্ষপদটো দুয়ােটা আশ্রয়বাক্যতে একে অৰ্থত ব্যৱহাৰ হ’ব লাগিব। কিন্তু ইয়াত পক্ষপদ ‘দণ্ড’ পক্ষবচনত ‘কোমল' বুজাইছে আৰু সিদ্ধান্তত ‘শাস্তি’ অর্থত ব্যৱহাৰ হৈছে। 

(d) অনেকার্থক হেতুপদ দোষঃ 

(i) ৰাজকোষ অর্থপূর্ণ। তেওঁৰ কথাবােৰ অর্থপূর্ণ, গতিকে তেওঁৰ কথাবােৰ হয় ৰাজকোষ। 

তর্কবিজ্ঞানসন্মত ৰূপ 

A ৰাজকোষ হয় অর্থপূর্ণ 

A তেওঁৰ কথাবােৰ হয় অর্থপূর্ণ 

ஃ A তেওঁৰ কথাবােৰ হয় ৰাজকোষ। 

দোষঃ অনেকাৰ্থক হেতুপদ দোষ। 


    এই ন্যায় অনুমানটো অবৈধ। ইয়াত অনেকার্থক হেতুপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে হেতুপদ দুয়ােটা আশ্রয়বাক্যতে একে অৰ্থত ব্যৱহাৰ হ'ব লাগিব। কিন্তু ইয়াত ‘ অর্থপূর্ণ হেতুপদটো সাধ্যবচনত ‘টকাপইচাৰ পূর্ণ’ অর্থত আৰু পক্ষবচনত তাৎপর্যপূর্ণ অর্থত ব্যৱহাৰ হৈছে। 

(ii) ৰূপ হয় এবিধ মৌল। অক্সিজেনৰ ৰূপ নাই, গতিকে অক্সিজেন মৌল নহয়। 

তর্কবিজ্ঞানসন্মত ৰূপ 

A ৰূপ হয় এবিধ মৌল 

E অক্সিজেন নহয় এনে যাৰ ৰূপ আছে। 

ஃ E অক্সিজেন নহয় মৌল। 

দোষঃ অনেকাৰ্থক হেতুপদ দোষ। 

    এই ন্যায় অনুমানটো অবৈধ। ইয়াত ‘অনেকাৰ্থক হেতুপদ দোষ’ হৈছে। ন্যায়ৰ নিয়ম মতে হেতুপদ দুয়ােটা আশ্রয়বাক্যতে একে অথত ব্যৱহাৰ হ’ব লাগিব। কিন্তু ইয়াত হেতুপদ ‘ৰূপ' সাধ্যবচনত এবিধ ধাতু’ৰ অৰ্থত আৰু পক্ষবচনত ৰূপৰ অর্থ হৈছে ‘আকাৰ'। 

(e) অব্যাপ্ত হেতুপদ দোষঃ 

(i) কবিসকল কল্পনাপ্রৱণ। কালিদাস হয় কল্পনাপ্রৱণ, গতিকে কালিদাস হয় কবি। 

তর্কবিজ্ঞানসন্মত ৰূপ— 

A সকলাে কবি হয় কল্পনাপ্রৱণ 

A কালিদাস হয় কল্পনাপ্রৱণ। 

ஃ A কালিদাস হয় কবি। 

দোষঃ অব্যাপ্ত হেতুপদ দোষ। 

    এই ন্যায় অনুমানটো অবৈধ। ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়ােটা আশ্রয়বাক্যত অন্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। কিন্তু ইয়াত 'কল্পনাপ্রৱণ’ হেতুপদটো দুয়ােটা আশ্রয়বাক্যতে এবাৰাে ব্যাপ্ত হােৱা নাই। গতিকে ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে। 

(ii) তেওঁ নিশ্চয় কাপুৰুষ কাৰণ তেওঁ অসাধু আৰু সকলাে কাপুৰুষ অসাধু। 

তর্কবিজ্ঞানসন্মত ৰূপ 

A সকলাে কাপুৰুষ হয় অসাধু 

A তেওঁ হয় অসাধু  

ஃ A তেওঁ হয় কাপুৰুষ 

দোষঃ অব্যাপ্ত হেতুপদ দোষ। 

    এইটো এটা অবৈধ ন্যায়। ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ৰ সৃষ্টি হৈছে। ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়ােটা আশ্রয়বাক্যতে অন্ততঃ এবাৰ ব্যাপ্ত হ’বই লাগিব। কিন্তু ইয়াত 'অসাধু’ হেতুপদটো দুয়ােটা আশ্রয়বাক্যত A বচনৰ বিধেয় হােৱা বাবে অব্যাপ্ত হৈছে। 

(f) অবৈধ সাধ্যপদ দোষঃ 

(i) কেৱল সাহসী লােকেহে বিপদৰ সন্মুখীন হ'ব পাৰে, তেওঁ সাহসী নহয়। কাৰণ তেওঁ বিপদৰ সন্মুখীন হ’ব নােৱাৰে। 

তর্কবিজ্ঞানসন্মত ৰূপ 

A সকলাে লােক যিয়ে বিপদৰ সন্মুখীন হ'ব পাৰে হয় সাহসী 

E তেওঁ নহয় এনে যিয়ে বিপদৰ সন্মুখীন হ’ব পাৰে। 

ஃ E তেওঁ নহয় সাহসী। 

দোষঃ অবৈধ সাধ্যপদ দোষ। 

    এইটো এটা অবৈধ ন্যায়। ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্ত নােহােৱাকৈ কোনাে পদেই সিদ্ধান্তত ব্যাপ্ত হ’ব নােৱাৰে। কিন্তু ইয়াত ‘সাহসী সাধ্যপদ সাধ্য আশ্রয়বাক্যত A বচনৰ বিধেয়। হােৱা বাবে অব্যাপ্ত হৈছে, কিন্তু সিদ্ধান্তত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। 

(ii) তেওঁ অন্ধবিশ্বাসী নহয়, কিয়নাে অশিক্ষিতসকল অন্ধবিশ্বাসী আৰু তেওঁ অশিক্ষিত নহয়। 

A সকলাে অশিক্ষিত লােক হয় অন্ধবিশ্বাসী 

E তেওঁ নহয় অশিক্ষিত। 

ஃ E তেওঁ নহয় অন্ধবিশ্বাসী। 

দোষঃ অবৈধ সাধ্যপদ দোষ। 

    এই ন্যায় অনুমানটো অবৈধ। ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্ত নােহােৱাকৈ কোনাে পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নােৱাৰে। ইয়াত ‘অন্ধবিশ্বাসী সাধ্যপদ E বচনৰ বিধেয় হিচাপে সিদ্ধান্তত ব্যাপ্ত  হৈছে। কিন্তু সাধ্য আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হােৱা নাই। 

(g) অবৈধ পক্ষপদ দোষঃ 

(i) সকলাে কুকুৰ হয় চতুষ্পদী। সকলাে চতুষ্পদী জীৱই জন্তু, গতিকে সকলাে জন্তুৱেই কুকুৰ। তর্কবিজ্ঞানসন্মত ৰূপ— 

A সকলাে কুকুৰ হয় চতুষ্পদী 

A সকলাে চতুষ্পদী জীৱ হয় জন্তু 

ஃ A সকলাে জন্তু হয় কুকুৰ। 

দোষঃ অবৈধ পক্ষপদ দোষ। 

    এই অনুমানটো অবৈধ। ইয়াত ‘অবৈধ পক্ষপদ দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্ত নােহােৱাকৈ কোনাে পদেই সিদ্ধান্তত ব্যাপ্ত হ’ব নােৱাৰিব। ইয়াত ‘জন্তু’ পক্ষপদ সিদ্ধান্ত A বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে , কিন্তু পক্ষ আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হােৱা নাই। 

(ii) ড° ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্রপতি। তেওঁ দর্শনৰ অধ্যাপক গতিকে দৰ্শনৰ অধ্যাপকেই ভাৰতৰ ৰাষ্ট্রপতি হ’ব পাৰে। তর্কবিজ্ঞানসন্মত ৰূপ— 

A ড° ৰাধাকৃষ্ণণ হয় ভাৰতৰ ৰাষ্ট্রপতি 

A ড° ৰাধাকৃষ্ণণ হয় দৰ্শনৰ অধ্যাপক 

ஃ A সকলাে দৰ্শনৰ অধ্যাপক হয় এনে যি ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰে।

দোষঃ অবৈধ পক্ষপদ দোষ।

    এইটো এটা অবৈধ ন্যায়। ইয়াত অবৈধ পক্ষপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্ত নােহােৱাকৈ কোনাে পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নােৱাৰিব। ইয়াত পক্ষপদ ‘দর্শনৰ অধ্যাপক’ A বচনৰ উদ্দেশ্য হিচাপে সিদ্ধান্তত ব্যাপ্ত হৈছে। কিন্তু পক্ষ বচনত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হােৱা নাই। 

(h) দুটা নঞর্থক আশ্রয়বাক্যজনিত দোষঃ 

(i) কিছুমান মানুহ মেধাৱী নহয়। সকলাে মানুহ ডাক্তৰ নহয়। গতিকে কিছুমান মেধাৱী লােক ডাক্তৰ নহয়। 

O কিছুমান মানুহ নহয় ডাক্তৰ 

O কিছুমান মানুহ নহয় মেধাৱী 

ஃ O কিছুমান মেধাৱী লােক নহয় ডাক্তৰ। 

দোষঃ নঞর্থক আশ্রয়বাক্যজনিত দোষ। 

    এই ন্যায় অনুমানটো অবৈধ। ইয়াত ‘দুটা নঞর্থক আশ্রয়বাক্যজনিত দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে দুটা নঞর্থক আশ্রয়বাক্যৰ পৰা কোনাে সিদ্ধান্ত পােৱা নাযাব। ইয়াত দুয়ােটা আশ্রয়বাক্যই নঞর্থক বচনৃ। 

(ii) কোনাে সৰু দেশেই উন্নতিশীল নহয়। চীন সৰু দেশ নহয়, গতিকে চীন উন্নতিশীল। 

তর্কবিজ্ঞানসন্মত ৰূপ 

E কোনাে সৰু দেশ নহয় উন্নতিশীল 

E চীন নহয় সৰু দেশ। 

ஃ A চীন হয় উন্নতিশীল।

দোষঃ নঞৰ্থক আশ্ৰয়বাক্যজনিত দোষ।

    এই অনুমানটো অবৈধ। ইয়াত 'দুটা নঞৰ্থক আশ্ৰয়বাক্যজনিতদোষ' ঘটিছে। ন্যায়ৰ নিয়ম মতে দুটা নঞৰ্থক আশ্ৰয়বাক্যৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি। ইয়াত দুয়োটা আশ্ৰয়বাক্যই নঞৰ্থক বচন।

Type Himanku Bora