5.1    জীৱবিলাক কিহেৰে গঠিত ? (What are living organism made up?)

    কাৰ্যকলাপ........................................5.1

•    পিয়াজ এটাৰ পৰা এটুকুৰা মঙহাল বাকলি এৰুৱাই লোৱা। এডাল চেপেনাৰ সহায়ত পিয়াজৰ বাকলিখনৰ ভিতৰফালৰ অৱতল ক্ষেত্ৰৰ পৰা পাতল আৱৰণ (যাক বহিঃস্তক বুলি কোৱা হয়)খন এৰুৱাই লোৱা। এই পাতল আৱৰণখন এৰুৱাই লোৱা। এই পাতল আৱৰণখন এৰুৱাই লগে লগে পানী থকা কাঁচৰ বাতিত (Watch glass)  ডুবাই ৰাখিবা। এনেদৰে ৰাখিলে আৱৰণখন কোঁচ খাই বা শুকাই নাযায়। আমি এতিয়া এই আৱৰণখনৰ পৰা কি কৰিম ?

    এতিয়া এখন শ্লাইডত এটোপাল পানী লৈ পিয়াঁজৰ পৰা ইতিমধ্য়ে এৰুৱাই লোৱা পাতল আৱৰণখনৰ অকণমান শ্লাইড এখনলৈ স্থানান্তৰ কৰা। চাবা যাতে আৱৰণখন শ্লাইডখনলৈ স্থানান্তৰিত কৰোঁতে ই বহলকৈ মেল খাই থাকে। এই স্থানান্তৰণ প্ৰক্ৰিয়াৰ বাবে উটৰ মিহি নোমেৰে তৈয়াৰ কৰা ৰং বোলোৱা ব্ৰাছ ব্য়ৱহাৰ কৰিবা। এতিয়া এই আৱৰণখনৰ ওপৰত এটোপাল চাফ্ৰানিন দ্ৰৱ দি কভাৰ শ্লিপেৰে ঢাকি দিয়া। কভাৰ শ্লিপখন বিচ্ছেদন বেজীৰ সহায়েৰে অতি সাৱধানেৰে  দিবা যাতে ভিতৰত বায়ুৰ বুৰবুৰণি নোসোমাই। এই ক্ষেত্ৰত তোমাৰ শিক্ষকক সুধি ল'বা। আমি এনেদৰে পিয়াঁজৰ আৱৰণখনৰ এখন অস্থায়ী শ্লাইড তৈয়াৰ কৰিলো। এই শ্লাইডখন এটা যৌগিক অণুবীক্ষণ যন্ত্ৰৰ নিম্ন বিবৰ্ধক লেন্স আৰু পিছত উচ্চ ক্ষমতা সম্পন্ন বিবৰ্ধক লেন্সৰ সহায়ত নিৰীক্ষণ কৰ চাব পাৰো।

যৌগিক অণুবীক্ষণ যন্ত্ৰ

বিবৰ্ধক লেন্সৰ সহায়েৰে আমি কি দেখা পাইছো? অণুবীক্ষণ যন্ত্ৰৰ সহায়েৰে আমি দেখা পোৱা গঠনবিলাকৰ চিত্ৰ কাগজত অংকন কৰিব পাৰিমনে? আমি দেখা পোৱা বিলাক চিত্ৰ নং 5.2ৰ ছবিৰ সৈতে একেইনে ?

চিত্ৰ: 5.2 : পিয়াঁজৰ বাকলিৰ আৱৰণত থকা কোষবোৰ

গঠন ফালৰ পৰা এইবিলাক দেখিবলৈ ইটোৰ লগত সিটো একেই। এইবিলাক একেলগ হৈয়ে ডাঙৰ আকাৰৰ পিয়াঁজৰ কন্দ গঠন কৰে। অণুবীক্ষণ যন্ত্ৰত আকৃতিৰ ফালৰ পৰা বেলেগ বেলেগ পিয়াঁজৰ কন্দৰ সৰু সৰু গঠনবিলাক দেওখাত একেই। পিয়াঁজৰ আকাৰ ডাঙৰেই হওক বা সৰুৱেই হওক সিহঁতৰ পাতল আৱৰণখনৰ কোষ বিলাক দেখিবলৈ একেই হ'ব।

    আমি এনেদৰে বিভিন্ন আকাৰৰ পিয়াঁজৰ পৰা অস্থায়ী শ্লাইড তৈয়াৰ কৰি ল'ব পাৰো। আমি কি দেখা পাম?

এইবোৰ কিহৰ গঠন?

গঠনৰ ফালৰ পৰা এইবিলাক দেখিবলৈ ইটোৰ লগত সিটো একেই। এই বিলাক একেলগ হৈয়ে ডাঙৰ আকাৰৰ পিয়াঁজৰ কন্দ গঠন কৰে। অণুবীক্ষণ যন্ত্ৰত আকৃতিৰ ফালৰ পৰা বেলেগ বেলেগ পিয়াঁজৰ কন্দৰ সৰু সৰু গঠনবিলাক দেখাত একেই হ'ব।

    আমি দেখিবলৈ পোৱা এই সৰু সৰু গঠনবিলাকেই হ'ল পিয়াঁজৰ কন্দটোৰ গঠনৰ মৌলিক একক। এই গঠনবিলাককে কোষ বুলি কোৱা হয়। কেৱল পিয়াঁজেই নহয়, আমাৰ চাৰিওপাশে দেখিবলৈ পোৱা সকলোবিলাক জীৱই এনে কোষৰ সমষ্টিৰে গঠিত। অৱশ্য়ে, কেৱল এটা মাত্ৰ কোষেৰে গঠিত জীৱও আছে।


    প্ৰত্য়েক বহুকোষী জীৱ কেৱল এটা মাত্ৰ কোষৰ পৰাই সৃষ্টি হয়। ই কেনেকৈ সম্ভৱ বাৰু ? কোষ বিভাজিত হৈ সিহঁতৰ নিচিনা কোষেই সৃষ্টি হয়। কোষৰ উৎপত্তি কেৱল পূৰ্বৱৰ্ত্তী কোষৰ পৰাহে হয়।    বিবৰ্ধক কাঁচৰ আৱিস্কাৰ হোৱাৰ পাচত আণুবীক্ষণিক জীৱবিলাকো আৱিস্কাৰ হোৱাতো সম্ভবপৰ হ'ল। এইটোও জানিব পৰা গ'ল যে কেৱল এটা মাত্ৰ কোষেৰে ক্লেমাইড'ম'নাচ, পেৰামেচিয়াম, বেক্টেৰিয়া আদি জীৱৰ দেহ গঠিত। এই জীৱবিলাকক একককোষী জীৱ বলি আখ্য়া দিয়া হয়। আনহাতে, বহুকোষী জীৱৰ ক্ষেত্ৰত বহুবোৰ তকোষ একেলগ হৈ সিহঁতৰ শৰীৰৰ অংগ বিশেষে প্ৰয়োজন সাপেক্ষে কামং সমাধা কৰি জীৱন নিৰ্বাহ কৰে। এনে বহুকোষী জীৱৰ উদাহৰণ হ'ল ভেঁকুৰ উদ্ভিদ আৰু প্ৰাণী। আমি অন্য় কিছুমান একককোষী জীৱৰ নাম বিচাৰি উলিয়াব  পাৰোনে?

    কাৰ্যকলাপ........................................5.2

•    আমি কিছুমান উদ্ভিদৰ পাতৰ বহিঃ আৱৰণ বা পিয়াঁজৰ শিপাৰ অগ্ৰ অংশৰ বা বিভিন্ন আকাৰৰ পিয়াঁজৰ শল্ক পত্ৰ এৰুৱাই সেিবিলাকৰ অস্থায়ী শ্লাইড প্ৰস্তুত কৰি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰি চাব পাৰো।

•     উল্লেখিত কাৰ্যকলাপটো কৰাৰ পাছত তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ কি হ'ব পাৰে বিবেচনা কৰা।

    (ক) আকাৰ আৰু আকৃতিৰ ফীালৰ পৰা সকলোবিলাক কোষ হুবহু একেইনে ?

    (খ) গঠনৰ ফালৰ পৰা কোষবিলাক হুবহু একেইনে?

    (গ) উদ্ভিদৰ বিভিন্ন অংগৰ কোষবিলাকৰ মাজত থকা পাৰ্থক্য় নিৰ্ণয় কৰিব পাৰিবানে?

    (ঘ) কি কি ক্ষেত্ৰত সিহঁতৰ মাজত সাদৃশ্য়তা পৰিলক্ষিত হ'ল?

        কিছুমান জীৱৰ দেহ বিভিন্নধৰণৰ কোশেৰে গঠিত। তলৰ চিত্ৰখন চোৱা। এই চিত্ৰখনত মানুহৰ শৰীৰৰ বিভিন্নু ধৰণৰ কোষ অংকন কৰা আছে। 

মানৱদেহৰ বিভিন্ন কোষ

চিত্ৰ : মানৱদেহৰ বিভিন্ন কোষ

       কোষৰ আকাৰ আৰু আকৃতি সিহঁতে  সমাধা কৰা নিৰ্দিষ্ট কাৰ্যৰ লগত সম্বন্ধ আছে।  এমিবাৰ দৰে কি্ছুমান কোষৰ  আকাৰ  আৰু আকৃতি সলনি হৈ থাকে। কিছুমান ক্ষেত্ৰত কোষৰ আকাৰ আৰু আকৃতি সদায় স্থিৰ  ইয়ে বিশেষ ধৰণৰকোষৰক স্বকীয়তা বহনৱ কৰে। উদাহৰণ হিচাপে স্নায়ু কোষৰ আকাৰ।

    প্ৰত্য়েকটো জীৱিত কোষেৰেই কিছুমান মৌলিক কাৰ্য সমাধা কৰাৰ সামৰ্থ আছে আৰু ইয়েই হ'ল সকলো জীৱৰে বৈশিষ্ট্য়। জীৱিত কোষবিলাক কেনেকৈ এই মৌলিক কাৰ্যবিলাক সমাধা কৰে। আমি জানো যে মানুহকে ধৰি বিভিন্ন বহুকোষী জীৱৰ দেহত শ্ৰমৰ বিভাজন হয়। ইয়াৰ অৰেথ এয়ে যে মানুহৰ শৰীৰৰ বিভিন্ন  অংগই বিভিন্ন কাৰ্য সমাধা কৰে। মানুহৰ শৰীৰত থকা হৃৎপিণ্ডই তেজ পৰিবহণত,পাকস্থলীয়ে খাদ্য় পৰিপাক কৰা আদি কামবিলাক সমাধা কৰে। একেদৰে, একেটা কোষৰ ভিতৰতো শ্ৰমৰ বিভাজন দেখা জনা যায়। আচল অৰ্থত কোষ একোটাৰ ভিতৰতে কিছুমান অংগ থাকে যিয়ে কিছুমান নিৰ্দিষ্ট কাম সম্পন্ন কৰে, এইবিলাকক কোষ অংগানু বুলি কোৱা হয়। প্ৰত্য়েকবিধ কোষ অংগাণুয়ে কোনো এক নিৰ্দিষ্ট কাম সম্পন্ন কৰিব পাৰে। এইবিলাক কোষ অংগাণু একেলগ হৈ যি মৌলিক একক গঠিত হৈ তাকে কোষ বুলি কোৱা হয়। মনকৰিবলগীয়া যে জীৱই যিয়েই নহওঁক লসাগিলে সকলোবোৰ কোষতেই একেবোৰ কোষ অংগাণু পোৱা যায়।

1. কোষ কোনে আৰু কেনেকৈ আৱিস্কাৰ কৰিছিল?

2. কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?





Type :- Bidyut Thakuria
Class 9 SCIENCE Assam SCERT Book