দৰ্শন
ভূমিকাঃ
দর্শনক ইংৰাজীত philosophy বােলে। এই philosophy শব্দটো দুটা গ্রীক শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰে এটা হ’ল ‘Philos’ আৰু আনটো হ’ল ‘Sophia'। 'Philos’ শব্দৰ অৰ্থ প্রীতি বা অনুৰাগ আৰু 'Sophia' শব্দৰ অৰ্থ হ'ল জ্ঞান । গতিকে philosophy শব্দটোৰ ব্যুৎপত্তিগত অর্থ হ’ল ‘ জ্ঞানৰ প্রতি অনুৰাগ । গতিকে যি বিষয়ে জ্ঞান অন্বেষণ কৰা হয় সিয়েই দর্শন। অৱশ্যে দৰ্শনৰ জ্ঞান অন্বেষণৰ বিষয়বস্তু আছে। জগত আৰু জীৱনৰ প্রকৃত স্বৰূপ অন্বেষণ কৰাই দৰ্শনৰ উদ্দেশ্য।
সাধাৰণতে, ইন্দ্রিয় প্রত্যক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ- বিশ্লেষণ আৰু ইয়াৰ মূল্য নির্ধাৰণ কৰা ব্যাখ্যাকে দর্শন বােলা হয়। সমগ্র বিশ্বব্রহ্মাণ্ডই দর্শনৰ আলােচ্য বিষয়। দার্শনিকসকলে জগতৰ সকলাে বস্তুৰে দুটা দিশ থকা বুলি ভাবে। এই দুটা দিশৰ এটা হ’ল বস্তুৰ বাহ্যৰূপ আৰু আনটো হ’ল বস্তুৰ অন্তর্নিহিত স্বৰূপ। চকু, কাণ, নাক, জিভা, ছাল আদি ইন্দ্রিয় প্রত্যক্ষৰ জৰিয়তে জগতৰ বস্তুসমূহৰ বিষয়ে যি অভিজ্ঞতা হয় সেয়ে বস্তু বা জগতৰ বাহ্যিক ৰূপ। এই বাহ্যিক ৰূপটোকে জগতৰ অৱভাস বা প্রতিভাস বােলা হয়। আকৌ, জগতৰ এই বাহ্যিক ৰূপৰ অন্তৰালত এক নিজস্বৰূপ বা স্বৰূপ আছে; যাক সত্তা বােলা হয়। সত্তাৰ জ্ঞান ইন্দ্রিয় প্রত্যক্ষ বা অভিজ্ঞতাৰ দ্বাৰা পাব নােৱাৰি। সত্তাৰ জ্ঞান বিচাৰ-বুদ্ধি আৰু আন্তঃ অনুভূতিৰ দ্বাৰাহে পাব পাৰি। সেয়ে সত্তা বুদ্ধিগ্রাহ্য।
জগতৰ যি প্রকাশ্যৰূপ, যাক জগতৰ বাহ্যিক ৰূপ বা অৱভাস বুলি কোৱা হয় তাৰ জ্ঞান দিয়ে বিজ্ঞানে। বিজ্ঞানে জগতৰ এই প্রকাশ্য বা বাহ্যিক ৰূপৰ সুসংবদ্ধ, যথার্থ সার্বিক জ্ঞান দিবলৈ বিশ্বজগতখনক কেইবাটাও ভাগত বিভক্ত কৰি আলােচনা কৰে। কোনাে এক বিশেষ বিজ্ঞানে নির্দিষ্ট কোনাে এক বিষয় লৈহে আলােচনা কৰে। বিজ্ঞানে বিশ্বজগতক বিভিন্ন ভাগত ভাগ কৰি আলােচনা কৰা বিভাগসমূহ হ’ল যেনে— জড়বিজ্ঞান, জীৱবিজ্ঞান, সামাজিক বিজ্ঞান আৰু চিন্তাৰ আকাৰগত বিজ্ঞান আদি। জড় বিজ্ঞানৰ অন্তৰ্গত পদার্থ বিজ্ঞানে পদার্থ বিষয়ে, ৰসায়ন বিজ্ঞানে বিভিন্ন পদাৰ্থৰ সংযােগত ঘটা ৰাসায়নিক প্রক্রিয়া সম্বন্ধে, ভূ-তত্ব বিজ্ঞানে। ভূগর্ভ সম্বন্ধে নাইবা জ্যোতির্বিজ্ঞানে আকাশমার্গ সম্পর্কে আলােচনা কৰে।
জীৱ বিজ্ঞানৰ অন্তৰ্গত হ’ল উদ্ভিদ বিজ্ঞান আৰু প্রাণীবিজ্ঞান। উদ্ভিদ বিজ্ঞানে বিভিন্ন শ্রেণীৰ উদ্ভিদ সম্পর্কে আৰু প্রাণী বিজ্ঞানে প্রাণী সম্বন্ধে সম্যক জ্ঞান দিয়ে।
সামাজিক বিজ্ঞানৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞান, মনােবিজ্ঞান, অর্থনীতি বিজ্ঞান, নীতিবিজ্ঞান, শিক্ষা বিজ্ঞান ইত্যাদিয়ে বিভিন্ন সামাজিক দিশৰ বিষয়ে আলােচনা কৰে।
আকৌ, তর্কবিজ্ঞান, গণিত, জ্যামিতি আদি চিন্তাৰ আকাৰ সম্বন্ধীয় বিজ্ঞান। জগতৰ বস্তুবােৰৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ চিন্তাৰ কি আকাৰৰ জৰিয়তে এইবােৰৰ বিষয়ে জ্ঞান পাব। পাৰি— এই সম্বন্ধে চিন্তাৰ আকাৰ সম্বন্ধীয় বিজ্ঞানত আলােচনা কৰা হয়।
এনেদৰে প্রকাশ্য মান প্রকৃতি জগতৰ যিকোনাে এটা বিষয় বা বিভাগ সম্পর্কে সুনিশ্চিত যথার্থ। জ্ঞান দিয়াই বিজ্ঞানৰ উদ্দেশ্য। বৈজ্ঞানিক জ্ঞান সার্বিক আৰু প্ৰমাণ্য স্বভাৱৰ জ্ঞান।
দর্শন আৰু বিজ্ঞানঃ
দর্শন আৰু বিজ্ঞানৰ সম্বন্ধৰ বিষয়ে জানিবলৈ হলে উভয়ৰ মাজত কি কি বিষয়ত সাদৃশ্য, কি কি বিষয়ত পার্থক্য আছে নাইবা উভয়ৰ মাজত কিবা পাৰস্পৰিক সম্পর্ক আছে নেকি— এই আটাইকেইটা দিশ আলােচনা কৰিব লাগিব।
সাদৃশ্যঃ
1. দর্শন আৰু বিজ্ঞান দুয়ােৰে উদ্দেশ্য একে। অভিজ্ঞতালব্ধ জগতখনৰ ব্যাখ্যা দিবলৈ উভয়ে কৰা চেষ্টাৰ ফলতে দর্শন আৰু বিজ্ঞানৰ উৎপত্তি। দর্শন আৰু বিজ্ঞান উভয়ে বিচাৰ বিশ্লেষণৰ দ্বাৰা অভিজ্ঞতালব্ধ জগতৰ বিভিন্ন ঘটনাৱলীৰ মাজত সমন্বয় সাধন কৰি জগতৰ এক সামগ্রিক ব্যাখ্যা দিবলৈ বিচাৰে। গতিকে জ্ঞানৰ অন্বেষণ বা সত্য অন্বেষণেই দর্শন আৰু বিজ্ঞান উভয়ৰে মূল উদ্দেশ্য।
2. কোনাে এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰােতে দর্শন আৰু বিজ্ঞান উভয়ে সুশৃংখল, সুসংবদ্ধভাৱে বিষয়টো অধ্যয়ন কৰে।
3. কোনাে এটা বিষয়ৰ সিদ্ধান্তৰ সত্যতা বিচাৰ কৰিবলৈ দৰ্শন আৰু বিজ্ঞান উভয়েই যুক্তিৰ ওপৰত নিৰ্ভৰশীল।
পার্থক্যঃ
দর্শন আৰু বিজ্ঞানৰ জ্ঞান অন্বেষণৰ উদ্দেশ্যৰ ফালৰ পৰা দুয়াে একে হলেও জ্ঞান আহৰণৰ পদ্ধতি, আলােচ্য বিষয়ৰ পৰিসৰ আৰু অন্যান্য বহুতাে ক্ষেত্ৰত দুয়ােৰে মাজত পার্থক্য থকা দেখা যায়। যেনে—
1. আলােচ্য বিষয়বস্তুৰ ফালৰ পৰা বিচাৰ কৰিলে দেখা যায় যে দৰ্শনৰ পৰিসৰ বিজ্ঞানৰ তুলনাত অতি ব্যাপক। দর্শনে সমগ্র বিশ্ব জগতৰ সামগ্রিক ব্যাখ্যা দিয়ে। জগতৰ এনে কোনাে বস্তু নাই, যাৰ বিষয়ে দর্শনে আলােচনা নকৰে। মূর্ত বা অমূর্ত অর্থাৎ ইন্দ্রিয় গ্রাহ্য আৰু অতীন্দ্রিয় যি বুদ্ধি গ্রাহ্য এই সকলাে বিষয়েই দৰ্শনৰ আলােচ্য বিষয়ৰ অন্তৰ্গত। কিন্তু বিজ্ঞানে অভিজ্ঞতালব্ধ জগতখনক বিভিন্ন ভাগত ভাগ কৰি লৈ একো একোটা বিভাগৰ বিষয়েহে জ্ঞান দিয়ে। যেনে— উদ্ভিদ বিজ্ঞানে উদ্ভিদৰ বিষয়ে, প্রাণী বিজ্ঞানে প্রাণীৰ বিষয়ে নাইবা পদার্থ বিজ্ঞানে পদাৰ্থৰ বিষয়ে সুকীয়াকৈ জ্ঞান দিয়ে। বিজ্ঞানৰ উদ্দেশ্যই হ’ল বিশ্ব জগতৰ বিভিন্ন অংশ বা বিভাগৰ অন্তৰ্গত বস্তুসমূহৰ সুকীয়া সুকীয়াকৈ ব্যাখ্যা দিয়া। গতিকে বৈজ্ঞানিক জ্ঞান খণ্ড বা আংশিক জ্ঞান। কিন্তু দর্শনে সামগ্রিকভাৱে জগতৰ ব্যাখ্যা দিয়ে। বাবে দার্শনিক জ্ঞান সামগ্রিক জ্ঞান। এই কাৰণেই দর্শনৰ পৰিসৰ ব্যাপক বা অসীম; কিন্তু বিজ্ঞানৰ পৰিসৰ ঠেক বা সীমিত।
2. বিজ্ঞানে জগতৰ বস্তুসমূহৰ কেৱল বাহ্যিক ৰূপৰহে জ্ঞান দিয়ে; কিন্তু দর্শনে জগতৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তর্নিহিত স্বৰূপ অর্থাৎ সত্তাৰ বিষয়েও জ্ঞান দিয়ে। বিজ্ঞানৰ জৰিয়তে প্রকৃতি জগতৰ কোনাে এটা বিষয়ৰ অভিজ্ঞতাৰে লাভ কৰা অৱভাসিক ৰূপটোৰ বিষয়ে আমি জানিব পাৰাে। কিন্তু দর্শনে অভিজ্ঞতাৰে লাভ কৰা জগতখনৰ অৱভাসিক ৰূপৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ইয়াৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপ জানিবলৈ আগবাঢ়ে।
3. দৰ্শন আৰু বিজ্ঞান দুয়োৰে জ্ঞান লাভৰ পদ্ধতিও বেলেগ বেলেগ। বিজ্ঞানে প্ৰকৃতি জগতৰ কোনো এটা বিষয়ৰ সুনিশ্চিত যথাৰ্থ সাৰ্বিক জ্ঞান লাভৰ বাবে নিৰীক্ষণ,পৰীক্ষণ আৰু আগমন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে অভিজ্ঞতাভিত্তিক, অভিকাল্পনিক আগমন আৰু নিগমন দাৰ্শনিক জ্ঞান লাভৰ বাবে বিজ্ঞানৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। দৰ্শনে যিহেতু বস্তুৰ অৱভাসৰ ওপৰিও বস্তুৰ সত্তা সম্বন্ধেও জ্ঞান প্ৰদান কৰে; সেয়ে এই সত্তাৰ জ্ঞান পাবলৈ বিচাৰ-বুদ্ধিৰ সহায় লয়। কাৰণ বস্তুৰ সত্তাৰ জ্ঞান নিৰীক্ষণ, পৰীক্ষণ, বা অভিজ্ঞতাৰ দ্বাৰা পাব নোৱাৰি। ইয়াক পাব পাৰি যুক্তি বিচাৰৰ দ্বাৰা। আকৌ, পৰমাত্মা আদিৰ জ্ঞান পাবলৈ যুক্তি বিচাৰৰ উপৰিও অতীন্দ্ৰিয় প্ৰতক্ষ্য আৰু আন্তঃপ্ৰজ্ঞা বা স্বজ্ঞাৰ সহায় ল'ব লগা হয়। বিজ্ঞানে নিৰীক্ষণ আৰু পৰীক্ষণৰ জৰিয়তে সিদ্ধান্ত উপনীত হয় বাবে সাধাৰণতে বিজ্ঞানলব্ধ সিদ্ধান্ত সঁচা বুলি প্ৰমাণিত হয়। এনেদৰে আগমন পদ্ধতিৰ দ্বাৰা বিজ্ঞানে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰে, দৰ্শনে নিগমন পদ্ধতিৰ দ্বাৰা সেই সিদ্ধান্তবোৰৰ যথাৰ্থতা বিচাৰ কৰে। গতিকে দৰ্শনৰ পদ্ধতি হ'ল আগমন আৰু নিগমন উভয় পদ্ধতিয়েই।
4. বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন; কিন্তু দৰ্শনৰ অধ্যন সংশ্লেষণাত্মক অধ্যয়ন। দৰ্শনে বিজ্ঞানৰ অভিজ্ঞতালব্ধ সিদ্ধান্তসমূহৰ একত্ৰীকৰণ কৰিয়েই ক্ষান্ত নাথাকে। দৰ্শনে যুক্তি আৰু অন্তৰ্দৃষ্টিৰ সহায়ত বিজ্ঞানলব্ধ তথ্যবোৰৰ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু এই তথ্যবোৰৰ মাজত সমন্বয় সাধন কৰি তাৰ মূল সত্য অন্বেষণ কৰিবলৈ চেষ্টা কৰে। সেয়ে বিজ্ঞানৰ অধ্যয়ন সংশ্লেণাত্মক।
5. বিজ্ঞানে জগতৰ কোনাে এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰােতে কিছুমান বিধি বা নিয়ম আৰু জ্ঞানৰ অপৰিহার্য প্রত্যয়ক বিনা বিচাৰে স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰি লয়। উদাহৰণ স্বৰূপে প্ৰকৃতিৰ একৰূপতা বিধি, দেশ, কাল, দ্রব্য, কার্যকাৰণ সম্বন্ধ নিয়ম আদি তথ্যবােৰ বিজ্ঞানে কোনাে বিচাৰ নকৰাকৈ স্বীকাৰ কৰে। কিন্তু দর্শনে এই তথ্যবােৰৰ সত্যাসত্য বিচাৰ নকৰাকৈ বিনা বিচাৰে স্বীকাৰ নকৰে; বৰং বিজ্ঞানৰ স্বতঃসিদ্ধ সত্য বা বিনা বিচাৰে স্বীকৃত নীতিবােৰৰ বিচাৰমূলক পৰীক্ষাৰ দ্বাৰা যুক্তিপূর্ণ বিশ্লেষণাত্মক পদ্ধতিৰে বৈধতা নির্ণয়ৰ চেষ্টা কৰে।
6. বিজ্ঞানে জগতৰ কোনাে বস্তু বা ঘটনাৰ সার্বিক ব্যাখ্যা দিওতে বস্তু বা ঘটনাৰ কোনাে মূল্য নিৰূপণ নকৰে; কিন্তু দর্শনে জগতৰ সামগ্রিক ব্যাখ্যা দিয়াৰ উপৰিও তাৰ মূল্য নিৰূপণাে কৰে। কাৰণ দৰ্শনৰ মূল উদ্দেশ্যই হ’ল জগতৰ সম্পূর্ণ সার্বিক ব্যাখ্যা দিয়া আৰু ইয়াৰ মূল্যায়ন কৰা।
7. বাস্তৱ অভিজ্ঞতাভিত্তিক নিৰীক্ষণ আৰু পৰীক্ষণৰ জৰিয়তে বিজ্ঞানে কোনাে এটা বিষয়ৰ এক প্রামাণিক সার্বিক সিদ্ধান্ত প্রদান কৰে। সেয়ে বিজ্ঞানৰ সিদ্ধান্ত সর্বজনগৃহীত হােৱা দেখা যায়। কিন্তু দার্শনিক জ্ঞান যুক্তি, অনুভূতি আৰু স্বজ্ঞাৰ ওপৰত নিৰ্ভৰশীল হােৱা বাবে। দার্শনিক মতবাদসমূহ ব্যক্তিগত হােৱা দেখা যায়। দার্শনিকৰ মতবাদসমূহ তেওঁলােকৰ ব্যক্তিগত যুক্তি-বিচাৰ আৰু অন্তৰ উপলব্ধিৰ পৰা উৎপত্তি হয়। ফলত দার্শনিক মতবাদসমূহ সর্বজনগ্রাহ্য নহ'বও পাৰে।
এনেদৰে দৰ্শন আৰু বিজ্ঞানৰ মাজত কোনাে কোনাে ক্ষেত্ৰত পার্থক্য থাকিলেও উভয়ে উভয়ৰ ওপৰত নিৰ্ভৰশীল। আচলতে দর্শন আৰু বিজ্ঞানৰ মাজৰ সম্পর্ক এক পাৰস্পৰিক সম্পর্কহে। দর্শনে জগত আৰু জীৱনৰ সামগ্রিক পূর্ণ জ্ঞান দিবলৈ প্রয়াস কৰে। এনে সম্পূর্ণ জ্ঞান দিবলৈ দর্শনে প্ৰাৰম্ভিক অৱস্থাত বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কাৰণ বিজ্ঞানে প্রকৃতি জগতৰ প্রতিটো বিভাগ সম্পর্কে নিৰীক্ষণ-পৰীক্ষণৰ জৰিয়তে সুশৃংখলভাৱে বিচাৰ-বিশ্লেষণ কৰি এক সুনিশ্চিত সার্বিক সিদ্ধান্ত দিয়ে। বিজ্ঞানে প্রকৃতি জগতৰ বিভিন্ন বিভাগ সম্বন্ধে দিয়া এই সার্বিক সিদ্ধান্তকে তথ্য বা সমল হিচাপে লৈ দর্শনে জগত আৰু জীৱন সম্বন্ধে সামগ্রিক ব্যাখ্যা দিয়ে। সেয়েহে উপাদান বা তথ্য-পাতিৰ বাবে দর্শন বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। এই বাবেই বিজ্ঞানক দৰ্শনৰ প্রথম ভেটি বুলি কোৱা হয়। বিজ্ঞানৰ সিদ্ধান্তবােৰৰ জৰিয়তেই দার্শনিক জ্ঞান অন্বেষণ আৰম্ভ হয়।
দর্শন যেনেদৰে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল, ঠিক সেইদৰে বিজ্ঞানাে দৰ্শনৰ ওপৰত নিৰ্ভৰশীল। কিয়নাে দর্শনে বিজ্ঞানৰ স্বীকার্য সত্যবােৰৰ ব্যাখ্যা দিয়ে। দেশ, কাল, দ্রব্য, কার্যকাৰণ সম্বন্ধ আদি তথ্য বা ধাৰণাবােৰ বিজ্ঞানে কোনাে বিচাৰ। নকৰাকৈ স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰি লয়। দর্শনে বিজ্ঞানে স্বীকাৰ কৰি লােৱা স্বতঃসিদ্ধ সত্যসমূহৰ যথার্থতাও বিচাৰ কৰে। সেয়ে বিজ্ঞান দৰ্শনৰ ওপৰত নিৰ্ভৰশীল।
বিজ্ঞানৰ দৃষ্টিভংগী আংশিক অর্থাৎ জগতৰ যিকোনাে এটা বিভাগ সম্পর্কেহে জ্ঞান দিব। পাৰে; সমগ্র জগত সম্পর্কে সামগ্রিক জ্ঞান দিব নােৱাৰে। অর্থাৎ বিজ্ঞানৰ জ্ঞান প্রতিভাসিক জগতৰহে জ্ঞান। কিন্তু প্রতিভাসিক জগতৰ এই জ্ঞানেই জগতৰ সম্পূর্ণ জ্ঞান হ’ব নােৱাৰে। এই প্রতিভাসিক জগতৰ অন্তৰালত আন এক প্রকৃত জগত বা সত্য আছে যাক পৰমসত্তা বােলা হয়। এই সত্য বা পৰমসত্তাৰ ৰহস্য উদঘাটন কৰে দর্শনে। দর্শনে বিজ্ঞানে দিয়া প্রতিভাসিক জগতৰ জ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই জগতৰ মূলতত্ব অর্থাৎ পৰমসত্তাৰ জ্ঞান দিবলৈ চেষ্টা চলায়। সেয়ে কোৱা হয়— ‘য’তেই বিজ্ঞানৰ সমাপ্তি হয়, তাৰ পৰাই দৰ্শনৰ আৰম্ভণি’। অর্থাৎ জগত আৰু জীৱনৰ পূর্ণ জ্ঞান লাভৰ বাবে বিজ্ঞান আৰু দর্শন পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। অধ্যাপক ওৱেবাৰে বিজ্ঞান আৰু দৰ্শনৰ সম্বন্ধক দেহ আৰু আত্মাৰ সম্বন্ধৰ লগত তুলনা কৰিছে। যেনেকৈ দেহৰ অবিহনে আত্মাৰ অস্তিত্ব নাইবা আত্মাৰ অবিহনে দেহৰ অস্তিত্বৰ কথা ভাবিবই নােৱাৰি; ঠিক তেনেকৈ বিজ্ঞান অবিহনে দর্শন আৰু দর্শন অবিহনে বিজ্ঞান আধৰুৱা আৰু অসম্পূর্ণ বুলি অভিহিত কৰিছে। গতিকে উভয়ে উভয়ৰ অভাৱ পূৰণ কৰে আৰু জগত আৰু জীৱনৰ সম্পূর্ণ জ্ঞান লাভৰ বাবে উভয়ে উভয়ক সহায় কৰে।
Type Himanku Bora
0 Comments