অনুমানঃ

    ভাৰতীয় জ্ঞান মীমাংসাত সকলােবােৰ প্ৰমাণৰ ভিতৰত অনুমানৰ বিষয়ে সর্বাধিক বিস্তাৰিত আলােচনা হােৱা দেখা যায়। অনুমানৰ বিষয়ে আলােচনাৰ ক্ষেত্ৰত ন্যায় দর্শন আৰু চার্বাক উভয়ে দুটা বিশেষ ভূমিকা গ্রহণ কৰিছে। ন্যায় দর্শনে যথার্থ জ্ঞানৰ উৎস হিচাপে অনুমানক সবাতােকৈ গুৰুত্ব প্রদান কৰিছে। আনহাতে চার্বাক হ’ল একমাত্র ভাৰতীয় দার্শনিক সম্প্রদায় যিয়ে অনুমানক যথার্থ জ্ঞান লাভৰ উপায় বা বৈধ প্রমাণ হিচাপে অস্বীকাৰ কৰিছে। চার্বাকৰ বাহিৰে আন সকলােবােৰ দার্শনিক সম্প্রদায়ে অনুমানক যথার্থ প্রমাণ ৰূপে স্বীকৃতি দিয়ে। 

    প্রমাণ শাস্ত্র অনুসৰি প্রত্যক্ষ হ’ল প্রথম প্রমাণ আৰু দ্বিতীয় হ’ল অনুমান। অনুমান শব্দটো ‘অনু’ অর্থাৎ 'পিছত’ আৰু 'মান’ অর্থাৎ ‘জ্ঞান’—  এই শব্দ দুটা লগ লাগি গঠিত হৈছে। ইয়াৰ অর্থ হ’ল অন্য জ্ঞানৰ পিছত অন্য জ্ঞানক। ভিত্তি কৰি উদ্ভৱ হােৱা জ্ঞান। গতিকে বুজা যায় যে জ্ঞান অর্জনৰ এই প্রক্রিয়াটো স্বতন্ত্র নহয়। অনুমান প্রাথমিকভাৱে প্রত্যক্ষ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল, উদাহৰণ স্বৰূপে— ধোঁৱা আৰু জুই একেলগে দেখি আমাৰ জ্ঞান হৈছে যে যত ধোঁৱা থাকে তাতেই জুই থাকে। এই জ্ঞানৰ ভিত্তিত দূৰৰ পৰ্বতত ধোঁৱা দেখি আমি সিদ্ধান্ত। লওঁ যে পর্বতটোত জুই আছে। ইয়াত বিশেষভাৱে মন কৰিবলগীয়া কথা এই যে শেষৰ সিদ্ধান্তটো লওঁতে অর্থাৎ 'পর্বতত জুই আছে’ বুলি স্বীকাৰ কৰােতে আমি কোনাে ইন্দ্ৰিয়ৰ সহায় লােৱা নাই। পূর্বে লাভ কৰা প্রত্যক্ষ জ্ঞানৰ ভিত্তিতহে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। ইয়েই অনুমান। ন্যায় দর্শন অনুসৰি জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত সত্যক জনাৰ পৰােক্ষ প্রক্রিয়াই অনুমান। অনুমান বিষয়ৰ পােনপটীয়া জ্ঞান নহয়। ই হ’ল এক প্ৰকাৰ পৰােক্ষ বা ব্যৱহিত জ্ঞান। 

    ন্যায় দর্শনৰ তর্কশাস্ত্রীয় পদ্ধতি অতি শক্তিশালী আৰু ই অনুমানৰ গঠনৰ লগত বিশেষভাৱে জড়িত। অনুমান এটা সার্থকভাৱে কার্যকৰী হ'বলৈ তিনিটা পদ আৰু অন্তত:তিনিটা বচনৰ প্রয়ােজন। অনুমানত ব্যৱহৃত পদ তিনিটাক সাধ্যপদ, পক্ষপদ আৰু হেতু পদ নামেৰে জনা যায়। নিম্নোক্ত উদাহৰণটোৰ জৰিয়তে আমি এই পদ তিনিটাৰ ভূমিকাৰ বিষয় আলোচনা কৰিম—

পৰ্বতটোত জুই আছে

কাৰণ তাত ধোঁৱা আছে

য'ত ধোঁৱা থাকে তাত জুই থাকে।

    এই উদাহৰণটোত আমি তিনিটা পদ আৰু তিনিটা বচন দেখিবলৈ পাওঁ। যিবােৰ বচনৰ দ্বাৰা অনুমান গঠন কৰা হয় সেইবােৰক অবয়ব বা আশ্রয় বাক্য বােলা হয়। গতিকে তিনিটা পদ আৰু আশ্রয় বাক্য সমূহ অনুমানৰ অপৰিহার্য অংগ। ওপৰৰক্ত উদাহৰণটোত আমি পােৱা পদ তিনিটা হ’ল— পর্বত, ধোঁৱা আৰু জুই। ন্যায় অনুমানত এই পদ কেইটাক যথাক্রমে পক্ষপদ, হেতুপদ বা লিংগ আৰু সাধ্যপদ বুলি অভিহিত কৰা হৈছে। ন্যায় অনুমান প্রক্রিয়াত ব্যৱহৃত আশ্রয় বাক্যত যিটো পদ বচনটোত উদ্দেশ্য ৰূপে ব্যৱহৃত হয় তাকেই পক্ষপদ বােলা হয়। যেনে— পর্বতটোত জুই আছে। বচনটোত ‘পর্বত’ শব্দটো পক্ষপদ হিচাপে ব্যৱহৃত হৈছে। আৰু ইয়াৰ বিশেষ ধর্ম বা গুণৰ অস্তিত্বও প্রত্যক্ষ কৰা হৈছে। 'পর্বত’ শব্দটোৰ বিশেষ ধর্ম ৰূপে ইয়াত জুইৰ অস্তিত্বৰ বিষয়ে অনুমান কৰা হৈছে। অনুমান প্রক্রিয়াত যাৰ অস্তিত্বৰ বিষয়ে অনুমান কৰা হয় তাকেই সাধ্যপদ বােলা হয়। সেয়ে ‘র্বতটো জুই আছে’ বচনটোত ‘জুই’ হ’ল সাধ্যপদ। অনুমান প্রক্রিয়াত যাৰ দ্বাৰা অনুমান কার্য সফলভাৱে সম্পাদিত কৰা হয়। তাকে হেতুপদ বা লিংগ বােলা হয়। এই প্রক্রিয়াত পক্ষপদটো উদ্দেশ্য, সাধ্যপদটো বিধেয়ৰূপে ব্যৱহৃত হয় আৰু হেতুপদৰ জৰিয়তে পক্ষপদ আৰু সাধ্যপদৰ মাজত সম্পর্ক নির্ণয় কৰা হয়। ওপৰােক্ত উদাহৰণটোত ‘ ধোঁৱা হ'ল হেতুপদ যাৰ সহায়ত ‘পর্বত' অর্থাৎ পক্ষপদ আৰু 'জুই’ অর্থাৎ সাধ্যপদৰ মাজত সম্পর্ক স্থাপন সম্ভৱ হৈছে। সেয়ে ন্যায় অনুমানত হেতুপদৰ ভূমিকা অপৰিহার্য। 

    ন্যায় অনুমানত অনুমান প্রক্রিয়া সম্পন্ন হ’বলৈ অন্ততঃ তিনিটা বচন বা অবয়বৰাে প্রয়ােজন। অনুমানৰ অবয়বক কেন্দ্ৰ কৰি মতভেদ পােৱা যায় যদিও পৰম্পৰাগতভাৱে স্বীকৃত পাঁচটা অবয়বৰ ধাৰণাই বহলভাৱে প্রচলিত। পাঁচটা বচনৰ দ্বাৰা গঠিত ন্যায় অনুমানৰ প্রণালীক পঞ্চাবয়ব ন্যায় বুলি জনা যায়। ন্যায়ৰ এই পাঁচটা অবয়ব যথাক্রমে প্রতিজ্ঞা, হেতু, উদাহৰণ, উপনয় আৰু নিগমন বা সিদ্ধান্ত। এই পঞ্চাবয়ব ন্যায়ৰ বৈশিষ্ট্য এয়ে যে এই অনুমানৰ জৰিয়তে আকাৰগত আৰু বস্তুগত সত্য উভয়কেই লাভ কৰিব পাৰি। 

    অনুমানৰ গঠনমূলক দিশটোৰ দৰে ইয়াৰ বৈধতাৰ দিশটোও অনুমানৰ অপৰিহার্য বিষয়। অনুমান প্রক্রিয়াটো বৈধ বুলি গৃহীত হ’বলৈ সাধ্যপদ আৰু হেতুপদৰ মাজৰ সার্বিক সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰে। সাধ্যপদ আৰু হেতুপদৰ মাজত থকা নিয়ত, অব্যৱহিত সম্বন্ধকেই ব্যাপ্তি বােলা হয়। এই সম্বন্ধৰ কোনাে বিকল্প বা ব্যতিক্রম নাই। আক্ষৰিক অর্থত ব্যাপ্তি মানে হ’ল বিস্তৃত কৰণ বা ব্যাপকতা। অনুমানৰ ক্ষেত্ৰত ব্যাপ্তি হ’ল সাধ্য আৰু হেতুপদৰ মাজৰ অনিবার্য সম্পর্ক। উদাহৰণ স্বৰূপে, 'পর্বতত জুই আছে ’ বচনটো অনুমান কৰাে। পর্বতটোত ধোঁৱা আছে ’ বচনটোৰ সহায়ত। ইয়াত বচনটোৰ সাধ্যপদ ‘জুই’ আৰু হেতুপদ ‘ধোঁৱা'ৰ মাজত অনিবার্য সম্পর্ক পৰিলক্ষিত হয়। এই সম্বন্ধকে ব্যাপ্তি বােলা হয় আৰু ব্যাপ্তি জ্ঞান অবিহনে অনুমান প্রক্রিয়া সম্ভব হ'ব নােৱাৰে। সার্থকভাৱে ব্যাপ্তি সম্পর্ক প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে ন্যায় দর্শনে ছয়টা নির্দিষ্ট স্তৰৰ বিষয়ে উল্লেখ কৰিছে। সেই ছয়টা স্তৰ হ’ল— অন্বয়, ব্যতিৰেক, ব্যভিচাৰাগ্রহ, উপাধিনিৰাস, তর্ক আৰু সামান্য লক্ষণ। 

    ন্যায় অনুমানৰ তর্কীয় ভিত্তি হিচাপে ব্যাপ্তিক স্বীকৃতি দিয়া হয় যদিও অনুমানৰ নিশ্চিত সিদ্ধান্তত উপনীত হ’বলৈ পক্ষধর্মতাৰ গুৰুত্বও উল্লেখযােগ্য। কিয়নাে ই ন্যায় অনুমানৰ মনস্তাত্বিক ভিত্তি। অনুমান প্রক্রিয়া যথাৰ্থৰূপত প্রস্তুত কৰিবলৈ হ'লে পক্ষধর্মতাৰাে প্রয়ােজন। ব্যাপ্তিত যিদৰে হেতুপদটো সাধ্যপদৰ লগত সম্বন্ধযুক্ত হয় তেনেদৰে পক্ষধর্মত হেতুপদটো পক্ষপদৰ লগত সম্বন্ধযুক্ত হয়। গতিকে অনুমানত পক্ষধর্মই পক্ষপদ আৰু হেতুপদৰ মাজত সম্বন্ধ থকা বচনক বুজায়। পক্ষধর্ম অবিহনে কেৱল ব্যাপ্তি জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি অনুমানত নিশ্চিত সিদ্ধান্তত উপনীত হােৱা কঠিন। যেনে— 

    যতে ধোঁৱা থাকে তাতেই জুই থাকে 

পর্বতটোত ধোঁৱা আছে 

ஃ পর্বতটোত জুই আছে। এই অনুমান প্রণালীটোৰ দ্বিতীয় বচনটোত পক্ষপদ ‘পর্বত’ৰ লগত হেতুপদ ‘ধোঁৱা'ৰ সম্পর্ক ঘটিছে। এই সম্পৰ্কেই পক্ষধৰ্মতা, যাৰ অবিহনে, অৰ্থাৎ 'পৰ্বতটোত ধোঁৱা আছে' বচনটোৰ অবিহনে আমি পৰ্বতটোত জুই লআছে বুলি সিদ্ধান্তত উপনীত হ'ব নোৱাৰে। গতিকে অনুমানৰ ,সাৰ্থক প্ৰয়োগৰ ক্ষেত্ৰত ব্যাপ্তিৰ লগতে পক্ষধৰ্মতাৰ ভূমিকাও উল্লেখযোগ্য।

Type Himanku Bora