অনুমানৰ শ্ৰেণীবিভাগঃ

    অনুমানক প্রধানকৈ তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়। প্রথমতে উদ্দেশ্য অনুসৰি অনুমানক দুটা ভাগত বিভক্ত কৰা হৈছে, যাক জনা যায় স্বার্থানুমান আৰু পৰার্থানুমান বুলি। ব্যক্তিগত জ্ঞান লাভৰ উদ্দেশ্য যি অনুমান কৰা হয় তাক স্বার্থানুমান বােলে। উদাহৰণ স্বৰূপে, পর্বতটোত জুই আছে কাৰণ ই ধোঁৱাযুক্ত। এই স্বার্থানুমানত নিজৰ সংশয় নিবৃত্তিৰহে প্রয়ােজন থাকে আৰু উদ্দেশ্য থাকে নিজৰ জ্ঞান অর্জনৰ। গতিকে তেনে অনুমানত পৰম্পৰাগতভাৱে স্বীকৃত অনুমানৰ আটাইবােৰ অবয়ব প্রকাশৰ প্রয়ােজন নাথাকে। স্বার্থানুমান ব্যক্তিগত প্রয়ােজনত সাধিত হয় বাবে নির্দিষ্ট নিয়মৰ সহায়ত সিদ্ধান্ত সাব্যস্ত কৰিবলগীয়া নহয়। ইয়াত অনুমানৰ নিয়মাবলী সাকাৰ ভাৱে পদে পদে অনুসৰণ নকৰাকৈও জ্ঞান অর্জন সম্ভৱ হয়। 

    আনহাতে, অন্যলােকক বুজাবলৈ যি অনুমান কৰা হয় তাক পৰার্থানুমান বােলে। আনক বুজাবলৈ এই অনুমান কৰা হয় বাবে পৰম্পৰাগত পঞ্চবয়ব বা পাচোঁটা বচনৰ প্রকাশ ইয়াত জৰুৰী হৈ পৰে। উদাহৰণ স্বৰূপে— 

(1) পর্বতটোত জুই আছে। (প্রতিজ্ঞা) 

(2) কাৰণ পৰ্বতত ধোঁৱা আছে। (হেতু) 

(3) যতে ধোঁৱা থাকে তাতে জুই থাকে, যেনে— ৰান্ধনিশাল (উদাহৰণ) 

(4) পর্বতটোত ধোঁৱা আছে। (উপনয়) 

(5) এতেকে, পর্বতটোত, জুই আছে। (নিগমন) 

    পৰার্থানুমানত প্রকাশিত এই পাঁচটা অবয়বৰ মাধ্যমত অন্য ব্যক্তিৰ ওচৰত নিজৰ সিদ্ধান্ত যুক্তিসহ উপস্থাপন কৰা হয়। এয়াই পৰার্থানুমানৰ বৈশিষ্ট্য। 

    ব্যাপ্তি সম্পর্কৰ ওপৰত ভিত্তি কৰি ন্যায় অনুমানৰ দ্বিতীয় প্ৰকাৰ শ্রেণী বিভাজন কৰা হৈছে। এই বিভাজন অনুসৰি অনুমান তিনি প্রকাৰৰ— পূর্ববৎ অনুমান, শেষবৎ অনুমান আৰু সামান্যতােদৃষ্ট অনুমান। এই অনুমান সমূহৰ প্রথম দুটা কার্যকাৰণ সম্পর্ক আৰু শেষৰটো সহাৱস্থানৰ ওপৰত প্রতিষ্ঠিত। জ্ঞাত কাৰণৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কার্য সম্বন্ধে যি অনুমান কৰা হয়, সেই অনুমানক পূর্ববৎ অনুমান বােলে। উদাহৰণ স্বৰূপে, আকাশত ক’লা মেঘ দেখি বৰষুণ আহিব বুলি কৰা অনুমান। আকৌ জ্ঞাত কার্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰণ সম্পর্কে যি অনুমান কৰা হয় তাকেই শেষবৎ অনুমান বােলা হয়। উদাহৰণ স্বৰূপে পুৱা শুই উঠি তিতা চোতালখন দেখি অনুমান কৰা হয় যে আগনিশা বৰষুণ দিছিল। এই দুই প্ৰকাৰ অনুমানেই কার্যকাৰণ সম্পর্কৰ ওপৰত নিৰ্ভৰশীল। আনহাতে, যি অনুমানত কার্যকাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ নকৰাকৈ পূর্বৰ অবিৰােধী অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সামান্য বচন প্রতিষ্ঠা কৰা হয় তাক সামান্যতদৃষ্ট অনুমান বােলা হয়। উদাহৰণ স্বৰূপে, অতীতত সকলাে শিং থকা জন্তুৰ ফটা খুৰাৰ অবিৰােধী অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বর্তমান দেখা শিং থকা জন্তুৰ খুৰাও ফটা বুলি অনুমান কৰা হয়। 

    ব্যাপ্তি সম্বন্ধ স্থাপনৰ ওপৰত ভিত্তি কৰি অনুমানক আৰু তিনিটা ভাগত বিভক্ত কৰা হৈছে। সেইবােৰ হ’ল— কেৱলান্বয়ী অনুমান, কেৱল ব্যতিৰেকী অনুমান আৰু অন্বয়ী ব্যতিৰেকী অনুমান। যি অনুমান কেৱল অন্বয়ী অর্থাৎ হেতুপদ আৰু সাধ্যপদৰ মাজত থকা সদর্থক সম্বন্ধৰ ভিত্তিত প্রতিষ্ঠিত হয় তাক কেৱলান্বয়ী অনুমান বােলা হয়। উদাহৰণ স্বৰূপে— 

    সকলাে উৎপন্ন দ্রব্য বিনাশশীল 

বস্ত্র হ’ল উৎপন্ন দ্রব্য 

ஃ বস্ত্ৰ হ’ল বিনাশশীল দ্রব্য। 

    আকৌ, যি অনুমান প্রক্রিয়াত ব্যাপ্তি সম্পর্ক কেৱল ব্যতিৰেকী দৃষ্টান্তৰ ওপৰত প্রতিষ্ঠিত হয়। তাক কেৱল ব্যতিৰেকী অনুমান বােলা হয়। উদাহৰণ স্বৰূপে— 

    যি অন্য গ্রহসমূহৰ পৰা ভিন্ন নহয়, সি স্থিতিশীল নহয় 

    সূর্য স্থিতিশীল 

ஃ সূর্য অন্য গ্রহৰ পৰা ভিন্ন। অথবা, 

    কোনাে জীৱহীন বস্তু জৈৱিক নহয় সকলাে প্রাণী জৈৱিক

ஃ সকলো প্ৰণীৰ জীৱ আছে।

    কেৱল ব্যতিৰেকী অনুমানৰ বৈশিষ্ট্য এয়ে যে ইয়াত সাধ্য আশ্রয় বাক্য নঞর্থক বচন আৰু পক্ষ আশ্রয় বাক্য সদর্থক হােৱা সত্ত্বেও সিদ্ধান্ত সদায় সদর্থক স্বভাৱৰ হয়। অনুমানৰ আন এটা প্রকাৰ হ’ল অন্বয়ী ব্যতিৰেকী অনুমান। 

    যি অনুমানত ব্যাপ্তি সম্পর্ক অন্বয়ী আৰু ব্যতিৰেকী উভয় প্রকাৰ দৃষ্টান্তৰ সহায়ত নিৰ্ধাৰণ কৰা হয় তাক অন্বয়ী ব্যতিৰেকী অনুমান বােলা হয়। যেনে— 

সকলাে ধোঁৱাযুক্ত বস্তুতে জুই আছে 

পর্বতখনত ধোঁৱা আছে 

ஃ পর্বতখনত জুই আছে। (অন্বয়ী দৃষ্টান্ত) 

য'ত জুই নাই তাত ধোঁৱা নাই 

পর্বতটোত ধোঁৱা আছে 

ஃ পর্বতটোত জুই আছে। (ব্যতিৰেকী দৃষ্টান্ত) 

    এই প্ৰকাৰ অনুমানত এবাৰ হেতুপদ আৰু সাধ্যপদৰ মাজত থকা সদর্থক আৰু এবাৰ নঞর্থক দৃষ্টান্তৰ ওপৰত ভিত্তি কৰা হৈছে। এই দুই প্রকাৰ দৃষ্টান্তৰ জৰিয়তে একেটা সিদ্ধান্তই লাভ কৰা হয় যদিও সিদ্ধান্তৰ যথার্থতা নিশ্চিত কৰাৰ উদ্দেশ্যেদুই ধৰণৰ দৃষ্টান্তৰ সহায় লােৱা হয়। 

পাঠৰ মূলকথাঃ 

ভাৰতীয় দৰ্শনৰ সুকীয়া জ্ঞানােৎপত্তি তত্ব আছে। ইয়াত যথার্থ সত্য জ্ঞানক ‘প্রমা’ বােলা হয়। এই প্ৰমা হ’ল সুনিশ্চিত, সংশয়মুক্ত, অভ্রান্ত জ্ঞান। 

    প্রমাণ হ’ল যথার্থ জ্ঞান অর্থাৎ প্ৰমাৰ উৎস। ভাৰতীয় তর্কশাস্ত্র অনুসৰি প্রমাণ হ’ল যথার্থ জ্ঞান অর্জনৰ সবাতােকৈ সুৰক্ষিত উপায়। 

    ভাৰতীয় দর্শনত মুঠ ছয়বিধ প্রমাণক স্বীকৃতি দিয়া হৈছে। সেইবােৰ হ’ল (1) প্রত্যক্ষ, (2) অনুমান, (3) উপমান, (4) শব্দ, (5) অর্থাপত্তি আৰু (6) অনুপলব্ধি। 

    প্রমাণসমূহৰ ভিতৰত প্রত্যক্ষ প্রমাণক আটাইবােৰ দার্শনিক সম্প্রদায়ে স্বীকৃতি দিছে। প্রত্যক্ষ জ্ঞান স্বতন্ত্র স্বভাৱৰ অর্থাৎ ই বর্তি থাকিবলৈ আন কোনাে জ্ঞানৰ আলম ল'বলগীয়া নহয়। 

    সকলােবােৰ প্ৰমাণৰ ভিতৰত অনুমানৰ বিষয়ে ভাৰতীয় জ্ঞানমীমাংসাত সর্বাধিক বিস্তাৰিত আলােচনা হৈছে। একমাত্র জড়বাদী চার্বাক দর্শন বাহিৰে আন সকলােবােৰ সম্প্রদায়ে অনুমানক যথার্থ প্রমাণৰূপে স্বীকৃতি দিয়ে। অনুমানত জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত সত্যলৈ আগবঢ়া হয়। গতিকে প্রকৃতিগত দিশৰ পৰা ই স্বতন্ত্র স্বভাৱৰ নহয়। ই প্রাথমিকভাৱে প্রত্যক্ষ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে বাবে অনুমান হ’ল পক্ষে বা ব্যৱহিত জ্ঞান। 

    ভাৰতীয় দর্শনৰ প্ৰতিটো সম্প্রদায়ৰ নিজস্ব জ্ঞানােৎপত্তি তত্ত্ব থকা দেখা যায় যদিও তাৰ ভিতৰত ন্যায় দর্শনতেই প্রমা আৰু প্রমাণ সম্পর্কে সর্বাধিক বিস্তাৰিত তথা সুক্ষ্মাতিসূক্ষ্ম আলােচনা কৰা দেখা যায়। এনেবােৰ কাৰণতেই ন্যায় দর্শন প্রমাণ শাস্ত্ৰ নামেৰেও খ্যাত।

Type Himanku Bora