6.3.4    স্নায়ুকলা (Nervous tissue)

প্ৰাণীৰ সকলো জীৱিত কোষৰে সংবেদন আছে। কিন্তু কিছুমান কলাৰ কোষবোৰ এনে বিশেষ ধৰণেৰে গঠিত যে ইয়াৰ সহায়ত প্ৰাণীয়ে উদ্দীপনা, অনুভূতি আদি দেহৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। প্ৰাণীৰ মস্তিস্ক, স্নায়ুৰজ্জ আদি এইবোৰ কোষেৰে গঠিত। এনেধৰণৰ কোষবোৰক স্নায়ুকোষ বা নিউৰণ আৰু কলাবোৰক স্নায়ু কলা বুলি কোৱা হয়। নিউৰণ প্ৰধানতঃ কোষদেহ আৰু স্নায়ুপ্ৰবৰ্ধৰ দ্বাৰা গঠিত। কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰটো কোষদেহত থকা কোষষপ্ৰৰসত উপঙি থাকে।। দেহকোষৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট'প্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহকোষৰ পৰা কিছুমান চুটি আৰু শাখা- প্ৰশাখাযুক্ত স্নপ্ৰবৰ্দ্ধ ওলায়। এইবোৰক ড্ৰেনডাইট বোলে। এটা নিউৰণ প্ৰায় এক মিটাৰ পৰ্যন্ত দীঘল হয়। নিউৰণত থকা এক্সন, ডেনড্ৰাইট আদি স্নায়ুপ্ৰবৰ্দ্ধবোৰ সংযোজক কলাৰ দ্বাৰা আবৃত হৈ এডাল স্নায়ু গঠিত হয়। স্নায়ু কলাৰ দ্বাৰা সংবেদি অংশসমূহৰ পৰা সংজ্ঞাবাহী স্নায়ুসূত্ৰৰ জৰিয়তে স্নায়ুপ্ৰেৰণা কঢ়িয়াই নিয়াৰ ফলত প্ৰাণীৰ পেশীসমূহ লৰচৰ হয়।

প্ৰশ্নাৱলী

1. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

2. নিউৰণ দেখাত কেনেকুৱা হয়?

3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য় উল্লেখ কৰা।

4. এৰিওলাৰ কলাৰ কাৰ্যসমূহ কি কি?


Class 9 Science Assam SCERT Book

Type:- Bidyut Thakuria




Post ID : DABP005231