কলা

TISSUES

    আগৰ অধ্য়ায়ৰ পৰা আমি জানিব পাৰিলো যে সকলোবিলাক জীৱই কোষেৰে গঠিত। এককোষী জীৱৰ ক্ষেত্ৰত একেটা মাত্ৰ কোষেৰেই সকলোবিলাক জৈৱিক কাৰ্য সম্পন্ন কৰে। উদাহৰণ হিচাবে এককোষী জীৱ এমিবাই চলন, খাদ্য় গ্ৰহণ, ৰেচন আদি সকলোবিলাক কাৰ্য একেটা মাত্ৰ কোষেই নিয়ন্ত্ৰণ কৰে। কিন্তু বহু কোষী জীৱ বহু নিযুত কোষেৰেই গঠিত। এইবিলাকৰ কোষেই অধিক সংখ্য় কিছুমান নিৰ্দিষ্ট কাৰ্য সমাধা কৰিবৰ বাবে নিৰ্দিষ্ট বৈশিষ্ট আহৰণ কৰে। একোটা নিৰ্দিষ্ট কাৰ্য সমাধা কৰিবৰ বাবে নিৰ্দিষ্ট কোষ লগ লাগি এটা একোটা নির্দিষ্টকাৰ্যৰ বাবে কেইবা প্ৰকাৰৰ কোষ লগ লাগি একোটা সমষ্টিৰ সৃষ্টি কৰে। যিহেতু এনেবােৰ কোষৰ একোটা সমষ্টিৰ বিশেষ এটা কার্য সমাধা কৰাৰ সামর্থ থাকে সেয়েহে ইহঁতে অতি দক্ষতাৰে কাৰ্যটো সম্পন্ন কৰিব পাৰে। মানৱ শৰীৰৰ ক্ষেত্ৰত, চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন আৰু প্ৰসাৰণ কার্য সম্পাদন কৰে। স্নায়ু কোষে স্নায়ু প্ৰেৰণা বহন কৰে, ৰক্ত কলাই অক্সিজেন, আহাৰ, (Hormone) আৰু বর্জিত পদার্থ সৰবৰাহৰ কাম সম্পন্ন কৰে। উদ্ভিদৰ ক্ষেত্ৰত, আহাৰ আৰু পানী পৰিবহন সংবহন কলাই সম্পন্ন কৰে। অথাৎ বহুকোষী জীৱই শ্রমবিভাজন দেখুৱায়। জীৱ দেহৰ কোনাে এক নির্দিষ্ট কার্যৰ বাবে জড়িত কোষবিলাক সদায় একোটা সমষ্টি হিচাবে থাকে। ইয়াৰ অৰ্থ এইয়ে। যে এটা নির্দিষ্ট কাম সমাধা কৰিবৰ বাবে জীৱ দেহৰ নির্দিষ্ট স্থানত কোষবিলাক একেলগে গােট খাই থাকে। এনেদৰে কোষবিলাক নির্দিষ্ট শৈলীৰে সজ্জিত হৈ কলাৰ সৃষ্টি কৰে আৰু কলাবিলাকে বিভিন্ন কার্য অতি উৎকৃষ্টতাৰে সম্পন্ন কৰে। নির্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কার্য দক্ষতাৰে কোনাে কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বােলা হয়। তেজ, ফ্লোৱেম, পেশী আদি হ’ল কিছুমান কলাৰ উদাহৰণ। 

    একোটা নির্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্রকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে। 


Class 9 Science Assam SCERT Book

Type:- Bidyut Thakuria





Post ID : DABP005232