বাস্তৱবাদঃ

    জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্কৰ ফলশ্ৰুতিত জ্ঞানৰ উৎপত্তি হয়। যিজনে জ্ঞান আহৰণ কৰে তেওঁ হ’ল জ্ঞাতা। আকৌ জ্ঞাতাই যি বস্তুক জানে সেয়া হ’ল জ্ঞেয়। মুঠতে দেখা যায় জ্ঞান উৎপত্তি হ’বলৈ হ'লে আমাক দুটা বস্তুৰ প্রয়ােজন হয়। সেয়া হ’ল ক্রমে জ্ঞাতা আৰু জ্ঞেয়। জ্ঞাতা হ’ল জ্ঞানৰ বিষয়ী আৰু জ্ঞেয় হ’ল জ্ঞানৰ বিষয়। এতিয়া প্রশ্ন হ’ল জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি কি? এই প্রশ্নটোৰ উত্তৰ সাপেক্ষে জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্পর্কীয় আলােচনা প্রসংগত দর্শনত দুটা প্রধান মতবাদৰ উল্লেখ পােৱা যায়। সেয়া হ'ল ক্রমে বাস্তৱবাদ আৰু ভাৱবাদ। 

    জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয় তাক বাস্তৱবাদ বােলে। 

    জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সন্দৰ্ভত সততে প্রশ্ন উত্থাপন হয় এই যে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে নে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰসংগত বাস্তৱবাদৰ সমর্থকসকলে সাব্যস্ত কৰিছে যে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে। অর্থাৎ জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনাে মনৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে দেখা যায় যে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিৰূপিত নহয়। আমি জানাে বা নাজানাে বস্তু এটা বস্তু হিচাপে স্বতন্ত্রভাৱে অস্তিত্বশীল হৈ থাকিব। আমি জানিলেও বস্তুটো থাকিব আৰু নাজানিলেও বস্তুটো থাকিব। 

    জন লক, হােল্ট, পেৰী, আলেকজেণ্ডাৰ, ই মুৰ, ৰাছেল আদি দার্শনিকসকল হ'ল বাস্তৱবাদৰ সমর্থক। এওঁলােকৰ মতে, জ্ঞানৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে কোনাে এজন ব্যক্তিয়ে গুৱাহাটীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র নেদেখিব পাৰে, কিন্তু ইয়াৰ অর্থ এইটো নহয় যে সেই ব্যক্তিজনে নেদেখাৰ বাবে কলাক্ষেত্ৰৰ অস্তিত্ব নাই। অর্থাৎ কোনােবাই নেজানিলেও বস্তু হিচাপে বস্তুসমূহৰ অস্তিত্ব আছে। আমি নাজানাে কাৰণে কোনাে এটা বস্তু নাই বুলি কোৱাৰ কোনাে যুক্তি নাই। বাস্তৱবাদীসকলৰ মতে, জ্ঞানৰ বিষয়বস্তু সদায় মনৰ বাহিৰত স্বতন্ত্রভাৱে থাকে। বাস্তৱবাদ অনুসৰি সাব্যস্ত কৰা হৈছে যে বস্তুৰ অস্তিত্ব জ্ঞানৰ দ্বাৰা নিৰূপিত নহয়। ইয়াৰ বিপৰীতে বাস্তৱবাদী সকলে সাব্যস্ত কৰিছে যে জ্ঞান বস্তুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। জ্ঞানৰ বিষয়বস্তুৰ যদি স্বতন্ত্ৰ সত্তা নাথাকে তেন্তে কোনো জ্ঞান সম্ভৱ হ'ব নোৱাৰে। বাস্তৱবাদৰ সমৰ্থক সকলে উল্লেখ কৰিছে যে জ্ঞানৰ অসংখ্য বিষয় আছে আৰু সেয়েহে বিভিন্ন বস্তু সম্পৰ্কে আমাৰ বেলেগ বেলেগ জ্ঞান হয়। গতিকে সকলো বস্তুৰে স্বতন্ত্ৰ অস্তিত্ব আছে।



বাস্তৱবাদৰ বৈশিষ্ট্যঃ

    জ্ঞানৰ বিষয়বস্তু প্ৰকৃতি সম্পৰ্কীয় মতবাদ হিচাপে বাস্তৱবাদৰ কেতবোৰ বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহে জ্ঞেয় বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ হিচাপে বাস্তৱবাদক এক স্বকীয়তা প্ৰদান কৰিছে। বাস্তৱবাদৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল এনেধৰণৰ

(1) বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। অৰ্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে। নিজস্ব গুণেৰে সৈতে বস্তু বাহ্যিক জগতত অস্তুত্বশীল হৈ থাকে। নিজৰ অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। অৰ্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব অন্যনিৰপেক্ষ।

(2) জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰে। জ্ঞান আহৰণৰ ক্ষেত্ৰত মনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মনে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব নিৰূপণ কৰে। মনৰ লগত কোনো ধৰণৰ সম্বন্ধ নথকাকৈও বস্তু স্বতন্ত্ৰভাৱে অস্তিত্বশীল হৈ থাকিব পাৰে।

(3) বাস্তৱবাদীসকলৰ মতে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনাে অন্তর্নিহিত সম্পর্ক নাই। জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পর্ক সম্পূর্ণ বাহ্যিক। যিহেতু জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মননিৰপেক্ষ অস্তিত্ব আছে, সেয়েহে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনাে অন্তর্নিহিত সম্পর্ক নাই। 

(4) বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিরূপিত নহয়। অর্থাৎ কোনােবাই জনা বা নজনাৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নির্ভৰ নকৰে। উদাহৰণ স্বৰূপে কোনাে এজন মানুহে গুৱাহাটী বিশ্ববিদ্যালয় দেখা নাই। সেই মানুহজনে গুৱাহাটী বিশ্ববিদ্যালয় নেদেখা বাবেই গুৱাহাটী বিশ্ববিদ্যালয় নাই বুলি ক'ব নােৱাৰি। কোনােবাই দেখক বা নেদেখক, জানক বা নাজানক এখন বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় আছে আৰু থাকিব। জ্ঞানৰ বিষয়বস্তু হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্তিত্ব কোনাে জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয়। অর্থাৎ জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিরূপিত নহয়।

(5) বাস্তৱবাদীসকলৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্র জগত আছে। অর্থাৎ বিভিন্ন বস্তুৰে পৰিপূর্ণ এই জগতখন কোনাে প্রকাৰে মনৰ ওপৰত নিৰ্ভৰশীল নহয়। বস্তুময় এই জগতখনৰ প্ৰতিটো বস্তু মনৰ বাহিৰত স্বতন্ত্রভাৱে থাকে। মনৰ লগত বস্তুৰ সম্পর্ক ঘটক বা নঘটক, ই বস্তুৰ অস্তিত্বক কোনাে ধৰণে প্ৰভাৱিত নকৰে। গতিকে মনৰ বাহিৰত এখন স্বতন্ত্র বস্তুময় জগত আছে। 



বাস্তৱবাদৰ বিভিন্ন প্ৰকাৰঃ 

    বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মননিৰপেক্ষ অস্তিত্ব আছে। এই ক্ষেত্ৰত সকলাে বাস্তৱবাদী একমত। কিন্তু বস্তুৰ স্বতন্ত্র অস্তিত্ব সাপেক্ষে বস্তুৰ কিমানখিনি স্বতন্ত্রতা আছে আৰু এই ক্ষেত্ৰত বাস্তৱবাদৰ সমর্থকসকলৰ মাজত মতবিৰােধ আছে। এই প্রসংগত উল্লেখ কৰিব পাৰি যে সকলােবােৰ বস্তুৰে দুটা দিশ আছে। সেয়া হ’ল ক্রমে দ্রব্যত্ব আৰু গুণ। দ্রব্যত্বৰ ফালৰ পৰা জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্রতাক সকলাে বাস্তৱবাদীয়ে মানি লৈছে। কিন্তু দ্রব্যক আশ্রয় কৰি থকা গুণবােৰৰ স্বৰূপ সন্দৰ্ভত বাস্তৱবাদৰ সমর্থকসকলে ভিন্ন মত ব্যক্ত কৰিছে। ইয়াৰ ফলশ্রুতি বাস্তৱবাদৰ বিভিন্ন প্রকাৰৰ সৃষ্টি হৈছে। বাস্তৱবাদৰ বিভিন্ন প্রকাৰবােৰ হ’ল 

(1) সৰল বাস্তৱবাদ (Naive Realism)

(3) বিজ্ঞানসন্মত বাস্তৱবাদ (Scientific Realism)

(3) নব্য-বাস্তৱবাদ (Neo-Realism)

(4) নব্য-সবিচাৰ-বাস্তৱবাদ (Neo-Critical-Realism)

Type Himanku Bora