ভাৱবাদঃ

    জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্পর্কীয় মতবাদ হিচাপে ভাৱবাদ এক উল্লেখযােগ্য মতবাদ। গ্রীক দার্শনিক প্লেটো, বার্কলি, হেগেল, ইমানুৱেল কান্ট আদি, দার্শনিকসকল ভাৱবাদৰ সমর্থক। ঐতিহাসিক দৃষ্টিকোণৰ পৰা গ্রীক দার্শনিক প্লেটোক ভাৱবাদৰ প্রৱর্তক বুলি ক'ব পাৰি। ভাৱবাদীসকলৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ ফলশ্রুতিত জ্ঞানৰ উৎপত্তি হয়। ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র, মননিৰপেক্ষ অস্তিত্ব নাই। কিয়নাে যি বস্তু মননিৰপেক্ষ অর্থাৎ যি বস্তুৰ মনৰ লগত কোনাে সম্বন্ধ নাই তাক মনে কোনােপধ্যে জানিব নােৱাৰে। জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞেয় বস্তুৰ স্বতন্ত্র, মননিৰপেক্ষ অস্তিত্ব অস্বীকাৰ কৰা হয় তাক ভাৱবাদ বুলি কোৱা হয়। 

    ভাৱবাদ অনুসৰি সকলাে বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। জ্ঞানৰ বিষয়বস্তুবোেৰ নিজস্ব গুণেৰে সৈতে জ্ঞাতা মনৰ ওপৰত নিৰ্ভৰশীল। গতিকে ভাৱবাদীসকলৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত অবিচ্ছেদ্য সম্বন্ধ আছে। এওঁলােকৰ মতে মনৰ ধাৰণাৰ বাহিৰে একো নাই। মনৰ বাহিৰত বাহ্যিক জগতখনৰ স্বতন্ত্রতা নাই। ভাৱবাদীসকলৰ মতে, মন বা আত্মাই হ’ল পৰম সত্তা। সকলাে বস্তু মনৰ ভিতৰত থাকে। 

    দার্শনিক প্লেটোৰ দিনৰে পৰা ভাৱবাদে আধ্যাত্মিকতাৰ পৃষ্ঠপােষকতা কৰি আহিছে। এই ফালৰ পৰা ভাৱবাদীসকলে জগতখনক মন বা আত্মাৰ বিস্তৃতি বুলি ভাবে। জ্ঞানতাত্বিক দিশৰ পৰভাৱবাদীসকলে মন বা চিন্তাৰ জগতক অধিক যথার্থতা প্রদান কৰিছে। সেয়েহে ভাৱবাদীসকলে সাব্যস্ত কৰিছে যে মনেই সত্তা , বস্তু মনৰ এক উপবস্তুহে। এই বিশ্বজগত স্বয়ংসম্পূর্ণ নহয়। ভাৱবাদীসকলে বিশ্ব পৰিক্ৰমাৰ অন্তৰালত এক আভ্যন্তৰীণ ঐক্যত বিশ্বাস কৰে। 



ভাৱবাদৰ বৈশিষ্ট্যঃ 

    জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্বন্ধীয় মতবাদ হিচাপে ভাৱবাদৰ কেতবােৰ বিশেষ বৈশিষ্ট্য আছে। সেইবােৰ হ’ল এনেধৰণৰ— 

(1) ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব। মনৰ ওপৰত নিৰ্ভৰশীল। ভাৱবাদীসকলৰ মতে জ্ঞানৰ বিষয়বস্তুৰ মননিৰপেক্ষ স্বতন্ত্র অস্তিত্ব নাই। যিবােৰ বস্তুক আমাৰ মনে। জানিব নােৱাৰে তেনেবােৰ বস্তুৰ অস্তিত্বক ভাৱবাদীসকলে যথার্থ বুলি বিবেচনা নকৰে। 

(2) ভাৱবাদৰ সমর্থকসকলৰ মতে বস্তুতকৈ মনৰ প্রাধান্য বেছি। কিয়নাে জাগতিক বস্তুবােৰৰ অস্তিত্ব মনৰ দ্বাৰা নিয়ন্ত্রিত হয়। এওঁলােকৰ মতে, মনৰ অস্তিত্ব অবিহনে বাহ্যিক জগত খন পােৱা নাযায়। ভাৱবাদীসকলৰ মতে, এক চৈতন্য মনৰ অবিহনে বাহ্যিক জগতখনৰ অস্তিত্ব সম্ভৱ নহয়। 

(3) ভাৱবাদীসকলৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে উদ্দেশ্যধর্মী। অর্থাৎ ভাৱবাদীসকলৰ চিন্তাধাৰাৰ অন্তৰালত এখন উদ্দেশ্যধর্মী জগত আছে। এই উদ্দেশ্যধর্মী জগতখন হ’ল যি প্রকৃতিগতভাৱে আধ্যাত্মিক। উদ্দেশ্যধর্মী জগতখন নিত্য, শ্বাশ্বত, নিৰন্তৰ আৰু অবিনশ্বৰ। 

(4) ভাৱবাদে ঈশ্বৰ, আত্মা, মন আদিৰ অস্তিত্বক বিশ্বাস কৰে। ভাৱবাদীসকলে ঈশ্বৰ, আত্মা, মন আদিক সত্তা বুলি গণ্য কৰে। ভাৱবাদ অনুসৰি ঈশ্বৰ জগতৰ পৰা বিচ্ছিন্ন নহয়। পৰম সত্তা হিচাপে ঈশ্বৰ জগত প্রক্রিয়াৰ মাজতে ব্যাপ্ত। ঈশ্বৰেই হ'ল এই বিশ্বজগতৰ মূল লক্ষ্য আৰু চালিকা শক্তি। 

(5) ভাৱবাদীসকলে প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰােপ কৰে। ভাৱবাদৰ সমর্থকসকলে নৈতিক মূল্যবােৰৰ এক বস্তুনিষ্ঠ ভিত্তি আগবঢ়ায়। এই ফালৰ পৰা ভাৱবাদীসকলে সাব্যস্ত কৰে যে প্রমূল্যবােৰ ব্যক্তি অথবা সামাজিকতাৰ ঊর্ধ্বত। এওঁলােকৰ মতে, আত্মজ্ঞানেই হ’ল পৰম প্রমূল্য, বাকী সকলােবােৰ প্ৰমূল্য ইয়াৰ অধীন। ভাৱবাদীসকলে বিশ্বাস কৰে যে ব্যক্তিয়ে হ’ল নৈতিক কর্তা যি প্ৰমূল্য আৱিস্কাৰ কৰিব পাৰে। 

(6) ভাৱবাদীসকলে মানৱ অস্তিত্বৰ গুৰুত্ব স্বীকাৰ কৰে। মানুহেই হ’ল জগতৰ কেন্দ্রবিন্দু, মানুহক বাদ দি কোনাে কথা ভাবিব নােৱাৰি। যদিও মানুহ এই জগত প্রক্রিয়াৰে অংশ, তথাপি মানুহ আধ্যাত্মিক জীৱ। কিয়নাে মানুহক জড় বস্তুলৈ ৰূপান্তৰ কৰিব নােৱাৰি। 

ভাৱবাদৰ প্ৰকাৰঃ 

    সকলোবােৰ ভাৱবাদীয়ে স্বীকাৰ কৰে যে জ্ঞানৰ বিষয় বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব ব্যক্তি মনৰ ওপৰত নিৰ্ভৰশীল নে পৰম মনৰ ওপৰত নিৰ্ভৰশীল এই ক্ষেত্ৰত ব্যাখ্যাৰ তাৰতম্য অনুসৰি ভাৱবাদৰ বিভিন্ন প্রকাৰ পােৱা যায়। সেইবােৰ হ’ল ক্রমে এনে ধৰণৰ— 

(1) আত্মগত ভাৱবাদ (Subjective Idealism) 

(2) বস্তুগত ভাৱবাদ (Objective Idealism) 

(3) অৱভাষিক ভাৱবাদ (Phenomenalistic Idealism)

Type Himanku Bora