কাছাৰৰ জনগোষ্ঠীসকল


    অসমৰ দক্ষিণ প্ৰান্তৰ তিনিখন নাম-কাছা, হাইলাকান্দি আৰু কৰিমগঞ্জ। এই জিলা তিনিখনৰ মাজেদি প্ৰবাহিত নৈখনৰ নাম বৰাক। এই নৈখনৰ নামৰ লগত সঙ্গতি ৰাখি জিলা তিনিখন একেলগে বৰাক উপত্যকা বুলি কোৱা হয়।

    বৰাক উপত্যকাত বিভিন্ন জাতি আৰু উপজাতি বা নানা গোষ্ঠীৰ মানুহৰ বসবাস কৰি আছে। সামাজিক-অৰ্থনৈতিক ৰাজনৈতিক ক্ষেত্ৰত নানা সময়ত সংঘটিত ঘটনাপ্ৰৱাহৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ বৰাক উপত্যকাত আহি বসতি স্থাপন কৰিছে। প্ৰতিটো গোষ্ঠীৰ মানুহে নিজা ভাষা-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। বেলেগ বেলেগ ভাষা আৰু সংস্কৃতিৰ মানুহৰ সহাবস্থানৰ কাৰণে নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক Anthropological garden অৰ্থাৎ 'নৃতত্ত্বৰ বাগিছা' বুলি অভিহিত কৰিছে।

    বৰাক উপত্যকাত বসবাসকাৰী জনগোষ্ঠীসমূহৰ নাম, গোষ্ঠীসমূহৰ প্ৰধান উৎসৱৰ নাম আৰু উৎসৱ অনুষ্ঠিত হোৱাৰ সময় তলত উল্লেখ কৰা হৈছে

জনগোষ্ঠী নাম          প্ৰধান উৎসৱ নাম          উৎসৱৰ অনুষ্ঠীত   

                                                                               হোৱাৰ সময়

বঙ্গীয় সমাজ               {শাৰদীয় দূৰ্দা পূজা                  _____

                                     {(হিন্দু) ঈদ (মুছলমান)

মণিপুৰী                          লাই হৰাউবা                            -------

মণিপুৰী বিষ্ণুপ্ৰিয়া           ৰাসযাত্ৰা                                 নৱেম্ভৰ

ভোজপুৰী                         ছটপূজা                                 নৱেম্ভৰ

অসমীয়া                            বিহু                                        এপ্ৰিল 

ৰাজবংশী                           বিহু                                         এপ্ৰিল

ৰাজস্থানী                           মহাবীৰ জয়ন্তী                        মাৰ্চ

বৰ্মন (ডিমাছা)                    বুসু                                           জানুৱাৰী

ৰংমাই নাগা                        গাণ্ড নাঈ                                 নৱেম্বৰ/                                                                                                   ডিচেম্বৰ                    

মাৰ                                  চিকপুই ৰুঐ                   চিকপুই ৰুঐ

কার্বি                                কার্বি ৰেসাে নিমচো       ফেব্ৰুৱাৰী

                                         আৰং গাজে ৰিয়াং

ৰিয়াং                                হােজাগিৰি                     নৱেম্বৰ

খাচিয়া                               চেনখাচি চেনগ্রিতে       ফেব্ৰুৱাৰী

ভেইকেই                           চাওয়াং কুট                   অক্টোবৰ

কুকি , পৈতে                     মিমকূট                         জানুৱাৰী

 মিজো                              চাপচাৰ কূট                   মাৰ্চ

সিমতে,গাংতে                  কূট                                নৱেম্বৰ

চাকমা                               বুদ্ধপূর্ণিমা                    এপ্রিল

 চিৰু                                  চাকথাৰকম                  অক্টোবৰ

চৰৈ ৰাংখল,শাকচেপ        খোদয়                          ফেব্ৰুৱাৰী

নেপালি                              দশেই তিহাৰ               চেপ্টেম্বৰ /                                                                                               অক্টোবৰ

      চান্দ্রমাহ অনুসৰি ইছলাম ধৰ্মৰ বর্ষগণনা কৰা হয়। এই কাৰণে ঈদ-উল-ফিতৰ উৎসৱৰ সময় প্রতি বছৰে সলনি হয়। খ্রীষ্টান ধর্মাৱলম্বীসকলৰ প্রধান উৎসৱ বৰদিন পালিত হয় ২৫ ডিচেম্বৰ তাৰিখে । 

    বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে জীৱিকা নির্বাহ কৰে — খেতি-বাতি , ব্যৱসায় আৰু চাকৰি। 

    অসম ফুটবল সংস্থা গঠিত হৈছিল ১৯৪৬ চনত। বৰাক উপত্যকাৰ বঙ্গীয় সমাজৰ সুনীল মােহন আছিল সংস্থাটোৰ প্ৰতিষ্ঠাপক কোষাধ্যক্ষ। তেওঁ অসম হকী সংস্থাৰাে সভাপতি মনােনীত হৈছিল। ১৯৫১ চনত মুম্বাইত আৰু ১৯৫৭ চনত হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্রফি ফুটবল প্রতিযােগিতাত তেওঁ অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ আছিল।

     মহিলা সমাজৰ উন্নয়নৰ কাৰণে আজীৱন গঠনমূলক কামত ব্ৰতী আছিল মালতী শ্যাম। তেওঁৰ নেতৃত্বত ১৯৩৮ চনত প্রতিষ্ঠিত হৈছিল নাৰী কল্যাণ সমিতি'। মহিলাসকলৰ প্রতিভা বিকাশৰ উদ্দেশ্যেৰে উক্ত সমিতিয়ে বিভিন্ন প্রকল্প গ্রহণ কৰিছিল। মালতী শ্যামৰ ঐকান্তিক প্রচেষ্টাৰ ফলতে বৰাক উপত্যকাৰ মহিলা সমাজে সামাজিক অৱৰােধ উপেক্ষা কৰি ১৯৩৫ চনত প্ৰথম ৰঙ্গমঞ্চত অৱতীৰ্ণ হৈছিল।

     উত্তৰ-পূৱ ভাৰতৰ প্রতিটো জনগােষ্ঠীৰ নিজা লােকনৃত্যৰ শৈলীটো তেওঁলােকৰ সাতামপুৰুষীয়া ঐতিহ্য। উৎসৱ-পার্বণ আদিৰ অত্যাৱশ্যকীয় অঙ্গ নৃত্য -গীত। মুকুন্দ দাস ভট্টাচাৰ্য্যই লােকনৃত্যৰ সংৰক্ষণ, প্রচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযােগ্য অৱদান আগবঢ়াইছে। জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে তেওঁক ১৯৯৭ চনত ‘ বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হৈছিল।

    অসমৰ বুৰঢঞ্জী আৰু পুৰাতত্ত্ব গৱেষণাৰ চৌহদত ৰাজমোহন নাথৰ অসামান্য। তেওঁ আছিল অভিযন্তা। কিন্তু তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গৱেষণা। এই সন্দৰ্ভত  তেওঁৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম The Background of Assamese Culture'.। গ্ৰন্থখন প্ৰথম প্ৰকাশিত হৈছিল ১৯৪৮ চনত। শ্ৰেীমন্ত শঙ্কৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও ৰাজমোহন নাহন নাথে চৰ্চা কৰিছিল। তিনিচুকীয়া চহৰত ১৯৫৮ চনত অনুষ্ঠিত 'অসমআছিল।

    বুৰঞ্জীবিদ কামালুদ্দীন আহমদ আছিল কৰিম সাহিত্য সভা'ৰ ত্ৰয়োদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি গঞ্জ কলেদৰ বুৰঞ্জী বিভিগৰ মুৰব্বী অধ্যাপক পৰৱৰ্তী সময়ত তেওঁ অধ্যক্ষ হৈছিল। কামালুদ্দীন আহমদে সাহিত্য চৰ্চাও কৰিছিল। তেওঁৰ সম্পাদিত সাহিত্য পত্ৰখনৰ নাম 'দিগ্বলয়'। অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ  নাম 'The Art and Arihitecture of Assam (1994)। শতিধিক গৱেষণা-নিন্ধৰ লগতে লগতে তেওঁ উপন্যাস আদি সৃজনশীল সাহিত্যও ৰচনা কৰিছিল। 

    বৰাক উপত্যকাৰ বৰ্মণ সমাজৰ সেইবাজনো বিশিষ্ট ব্যক্তি যেনে - নন্দন বৰ্মণ, মণিচৰণ বৰ্মণ, নলিনীন্দ্ৰ কুমাৰ বৰ্মণ আৰু কুমাৰ বৰ্তমান নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি। 

    ৰাজমন্ত্ৰী বংশ নন্দলাল বৰ্মণ আছিল সমাজসেৱক। এজন প্ৰতিপত্তিশালী ব্যৱসায়ী হিচাপে তেওঁ সমাজত মান পাইছিল। বৰ্মণ সমাজৰ মানুহে তেওঁক সন্মানসূচক 'মিলাউ' আৰু আন সমাজৰ মানুহে 'মহাজন' বুলি সম্বোধন কৰিছিল। শিক্ষানুৰাগী নন্দলাল বৰ্মণে গঞা ল'ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে কাছাৰ জিলাৰ বৰখলাত ১৯০১ চনত এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমান নাম 'ৰাজা গোবিন্দচন্দ্ৰ মেমোৰিয়েল স্কুল'।

    ডিমাচা ভাষাতত্ত্ব সন্দৰ্ভত প্ৰথম গ্ৰন্থ ৰচনা কৰিছিল মণিচৰণ বৰ্মণে। কুৰি শতিকাৰ প্ৰথম ভাগত প্ৰকাশিত গন্থখনৰ নাম 'হৈড়িম্ব ভাষা প্ৰবেশ'।

    নলিনীন্দ্ৰ কুমাৰ বৰ্মণ আছিল শিক্ষক। ১৯৩০ চনপ জুন মাহত বৰ্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যো গ দিছিল। ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম The Queen of Cachar or Herambo and the History of the Cacharis'. ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অঙ্গ হ'ল কীৰ্তন। নলিনীন্দ্ৰ কুমাৰ বৰ্মণে শৰাধৰ কীৰ্তন পদাৱলীৰ এখন সংকলন প্ৰকাশ কৰিছিল। উক্ত গ্ৰন্থখনৰ  নাম 'হৈড়িম্বৰাজ গোবিন্দচন্দ্ৰকৃত হিন্দু শাস্ত্ৰীয় শ্ৰাদ্ধাদিৰ কীৰ্তন গীতকা'।

    ছাত্ৰাবস্থাৰ পৰাই অনিল কুমাৰ বৰ্মণে সমাজসেৱামূলক কামত আগবাঢ়ি আহিছিল। ১৯৪২ চনত তেওঁ 'ডিমাছা ছাত্ৰ সমিতিক, নামেৰে এটা সংস্থা গঠন কৰিছিল। কৰ্মজীৱনত আইন ব্যৱসাত ব্যস্ত থাকিলে তেওঁ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ লগত যুক্ত আছিল। বহুদিন তেওঁ 'নিখিল কাছাৰ হৈড়িম্ব বৰ্মণ সমিতি'ৰ সভাপতি আছিল।

    ৰঙমাইনগা জনগোষ্ঠীৰ গাইনগামলঙ কামেই অসম ৰাজ্যিক ফুটবল দলৰ খেলুবৈ আছিল। নিজা সামাজত তেওঁ ত্ৰুীড়া সংস্কৃতিৰ প্ৰসাৰ ঘটাইছিল।

    সমাজসেৱক ৰিয়াঙ লুয়াঙ ৰিপোও ৰঙমাইনগা সমাজৰ কলা-কৃষ্টিৰ বিকাশৰ বাবে আজীৱন কাম কৰিছিল। ইৰুংবম চন্দ্ৰ সিংহ মণিপুৰী সমাজত প্ৰথম অৰ্থনীতি বিজ্ঞানৰ সান্মষিক স্নাতক আছিল। গঞা ল'ৰা-ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ নানাবিধ সদৰ্থক প্ৰয়াস চলাইছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা তহবিল গঢ়ি তোলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমান নাম 'খেলম হাইস্কুল'।

    সৌগাইজমে বসন্ত কুমাৰ সিংহ সন্তোষ ট্ৰফি  ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক দলৰ খেলুৱৈ আছিল।

    মণিপুৰী বিষ্ণুপ্ৰিয়া সমাজ ৰাজকুমাৰ চেনাৰিক সিংহ  আৰু গুৰু বিপিন সিংহ নৃত্যকলাৰ ক্ষেত্ৰত দুজন অবিস্মৰণীয় ব্যাক্তি। ছাত্ৰ-ছাত্ৰীক মণিপুৰী নৃত্যকলা শিকোৱাৰ কাৰণে ৰাজকুমাৰ চেনাৰিক সিংহক ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনলৈ মাটি নিছিল। নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ  বাবে গুৰু বিপিন সিংহক ১৯৬৬ চনত 'সঙ্গীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী কালছোত তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ পৰা 'কালিদাস সন্মান' লাভ কৰিছিল। কলকাতাত 'মণিপুৰী নৰ্তনালায়' নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন কৰিছিল।

    জগত মোহন সিংহ আছিল এগৰাকী শিক্ষক আৰু সু-সাহিত্যিক। মণিপুৰী বিষ্ণুপ্ৰিয়া ভাষাত তেওঁ কাব্য, নাটক, প্ৰৱন্ধ আদি ৰচনা কৰিছিল। তেওঁ নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।


Type : Priyam Jyoti Patar