2.1.1    মিশ্ৰণৰ প্ৰকাৰ (TYPES OF MIXTURES)

উপাদানবােৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি মিশ্রণ কেবাটাও শ্রেণীত ভগাব পাৰি ।

কাৰ্যকলাপ..................................2.1

তােমালােকৰ শ্ৰেণীৰ ছাত্ৰবিলাক চাৰিটা দলত (group) ভাগ হােৱা一 A, B, C আৰু D

    A দলে লােৱা一 এটা কাচৰ বিকাৰত এচামুচ কপাৰ ছালফেট            আৰু 50 mL পানী। B দলে লােৱা দুই চামুচ কপাৰ ছালফেট                আৰু 50 mL পানী।

    C আৰু D দলে বেলেগ বেলেগ পৰিমাণৰ কপাৰ ছালফেট আৰু পটেছিয়াম পাৰমাংগানেট বা সাধাৰণ নিমখ লৈ ভালদৰে মিহলাই মিশ্রণ তৈয়াৰ কৰা।

    ৰঙৰ সমানতা (uniformity of colour) আৰু মিশ্ৰণৰ গাঁথনি (Texture) মন কৰা।

•  A আৰু B দলে সকলো অংশতে একে সংযুতি আৰু একে ৰঙৰ মিশ্রণ পাবা। এনে মিশ্ৰণক সমসত্ব মিশ্রণ (Homogeneous mixture) বা দ্ৰৱণ বোলে। সমসত্ব মিশ্ৰণৰ দুটিমান উদাহৰণ হ'ল 一 (i) নিমখৰ পানী আৰু আৰু (ii) চেনীৰ দ্ৰৱ। A আৰু B দলে দ্ৰৱণ দুটাৰ ৰঙৰ তুলনা কৰা। দুয়োটা দ্ৰৱণৰ ৰঙৰ গাঢ়তা ভিন ভিন হব। ইয়াৰ পৰা ঠাৱৰ কৰিব পাৰি যেসমসত্ব মিশ্ৰণটোৰ সংযুক্তি বেলেগ বেলেগ হব পাৰে।

•   C আৰু D দলে পোৱা মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাবে স্পষ্ট আৰু সকলো অংশতে সংযুক্তি বেলেগ বেলেগ। এনেকুৱা মিশ্ৰণক অসমসত্ব মিশ্ৰণ (Heterogeneous mixture) বোলে। লোৰ গুড়ি আৰু নিমখ, নিমখ আৰু গন্ধক, পানী আৰু তেল আদি কেতবোৰ অসমসত্ব মিশ্ৰণৰ উদাহৰণ।


Class 9 General Science Assam SCERT Book. (Chapter 2)

Bidyut Thakuria.