সংগীতঃ

তোমালোকে তানসেনৰ নাম শুনিছা? তানসেন আকবৰৰ ৰাজসভাৰ এজন বিখ্যাত গায়ক আছিল। অতীজৰে পৰা ভাৰতত সংগীতে সমাদৰ লাভ কৰি আহিছে। মোগলযোগতো আকবৰ, বাবৰ আৰু হুমায়ুনৰ পৃষ্ঠপোষকতাত দেশ-বিদেশৰ বহু সংগীতজ্ঞই আহি মোগল ৰাজসভা সুশোভিত কৰিছিল। আকবৰ এজন কণ্ঠশিল্পী হোৱাৰ লগতে বাদ্যযন্ত্ৰতো তেওঁৰ যথেষ্ট জ্ঞান আছিল। আকবৰে তানসেনক সেই যুগৰ শ্ৰেষ্ঠ গায়ক হিচাপে স্বীকৃতি দিছিল। আনহাতে ছাহজাহানো এক অপূৰ্ব কণ্ঠৰ অধিকাৰী আছিল।   

সাহিত্যঃ 

মোগলসকলৰ দিনত সাহিত্যৰো উত্তৰণ ঘটিছিল। বিশেষকৈ পাৰ্ছী ভাষাক কেন্দ্ৰ কৰিয়েই এই সাহিত্যবোৰৰ বিকাশ হৈছিল। এই সময়খিনিত বিভিন্ন প্ৰাদেশিক ভাষাইও ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। বহুকেইজন মোগল 


সম্রাটৰ ৰাজসভা পাছী আৰু তুকী ভাষাৰ বিশিষ্ট পণ্ডিতসকলে শুৱনি কৰিছিল। অতি ব্যস্ততাৰ মাজতাে বাবৰে তুর্কী ভাষাত তুজুক-ই-বাবৰী' নামৰ বিখ্যাত আত্মজীৱনীমূলক গ্রন্থখন ৰচনা কৰিছিল। মােগল সম্রাট হুমায়ুনাে এজন সু-সাহিত্যিক আছিল। আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ দিনত ৰচনা কৰা গ্ৰন্থসমূহ ইতিহাসৰ অমূল্য সম্পদ। আকবৰৰ শাসনকালত পাছিয়ান গদ্য-সাহিত্যত নৱ জাগৰণৰ সৃষ্টি হৈছিল। সংস্কৃত, আৰৱী, তুর্কী আৰু গ্ৰীক ভাষাৰ বহুত কিতাপ পাছী ভাষালৈ অনুবাদ কৰা হৈছিল। অনুবাদ সাহিত্যক উৎসাহিত কৰিবলৈ তেওঁ এটা বিশেষ বিভাগো খুলিছিল।

মােগল যুগত ভালেকেইগৰাকী নাৰীয়েও পাছী সাহিত্যলৈ অৱদান আগবঢ়াইছিল। এইসকলৰ ভিতৰত বাবৰ, ঔৰংগজেৱ আৰু ছাহজাহানৰ জীয়ৰী ক্রমে গুলবদন বেগম, জেবুন্নিছা আৰু জাহানাৰাই প্রধান।

মােগল যুগত কেৱল পাছী সাহিত্যৰেই যে বিকাশ হৈছিল এনে নহয়, হিন্দী আৰু ব্ৰজাৱলী সাহিত্যৰৰ উত্তৰণ ঘটিছিল। বহুতাে মুছলমান লেখকে প্রাদেশিক আৰু হিন্দী ভাষাত পুথি ৰচনা কৰিছিল। এই সময়ৰ হিন্দী ভাষাৰ কেইখনমান উল্লেখযােগ্য গ্রন্থ আছিল ‘পদ্মাৱত’, ৰামচৰিত মানস ’ আৰু সুৰসাগৰ।

মোগল যুগৰ শেষৰফালে পাৰ্ছীৰ ঠাইত উৰ্দু ভাষাই লাহে লাহে গা কৰি উঠে। মোগল সম্ৰাট মহম্মদ ছাহে উৰ্দু সাহিত্যৰ পৃষ্ঠপোষকতা কৰিবলৈ গৈ দক্ষিণৰ পৰা 'ৱালী' নামৰ এজন কবিক ৰাজসভালৈ আমন্ত্ৰণ কৰি আনিছিল। তেওঁ অতি পাঞ্জলভাৱে গজল, ৰুবায়াত আৰু মনচবী পৰিৱেশন কৰি শ্ৰোতা আৰু পঢুৱৈ সমাজক আপ্লুত কৰিছিল। আকবৰ কেৱল ধৰ্মৰ ক্ষেত্ৰতেই উদাৰ নাছিল, সাহিত্যৰ ক্ষেত্ৰতো তেওঁৰ বিশাল ব্যক্তিত্বৰ প্ৰকাশ ঘটিছিল। সংস্কৃত ভাষাৰ বিকাশত তেওঁ সকলো প্ৰকাৰে উৎসাহ যোগাইছিল। কেইবাজনো গুনী-জ্ঞানী সংস্কৃত পণ্ডিতক তেওঁৰ ৰাজসভাত স্থান দিছিল।  ছাহজাহান আৰু তেওঁৰ পুত্ৰ দাৰাইও সংস্কৃত ভাষা আৰু পণ্ডিতসকলক ষথেষ্ট সন্মান কৰিছিল। মোগলৰ সম-সাময়িক মাৰাঠা আৰু বাংলা সাহিত্যৰো সেই সময়ত বিকাশ লাভ কৰা পৰিলক্ষিত হৈছিল।


Class 7 Social Science 

Type: Nayan Moni Deka