ন্যায়াধীশৰ নিযুক্তি

ন্যায়াধীশৰ নিযুক্তি ৰাজনৈতিক বিতৰ্কৰ পৰা যুক্ত নহয়। ই ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক অংগ।ন্যায়পালিকাৰ নিযুক্তি সিদ্ধান্ত দুটা কাৰকৰ দ্বাৰা প্ৰভাৱিত হব পাৰে। প্ৰথমতে, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশসকলৰ মনোভাৱ আৰু ব্যক্তিত্ব। দ্বিতীয়তে, সংবিধানখন কিদৰে ব্যাখ্যা কৰা হয়। ন্যায়ধীশৰ নিযুক্তি এই কাৰক দুটাৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰে। এক সক্ৰিয় আৰু দৃঢ় নাইবা নিয়ন্ত্ৰিত আৰু অংগীকাৰবদ্ধ ন্যায়পালিকাৰ সম্পৰ্কে ন্যায়ধীশসকলৰ দৃষ্টিভংগী আৰু ৰাজনৈতিক দৰ্শনে এখন বিধেয়কৰ ভাগ্য নিৰ্ণয় কৰে। মন্ত্ৰীসভা, ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ- এই সকলোৱে ন্যায়পালিকাৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰভাৱ খটুৱায়।

    ভাৰতৰত মুখ্য ন্যায়াধীশৰ নিযুক্তি ক্ষেত্ৰত এটা নিৰ্দিষ্ট  পৰম্পৰা গঢ়ি উঠিছে। এই পৰম্পৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ্যতম ন্যায়াধীশজনক ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশৰূপে নিয়োগ কৰে। অৱশ্যে, এই পৰম্পৰা দুবাৰ ভংগ কৰা হৈছিল। ১৯৭৩ চনত ৰাষ্ট্ৰপতিয়ে তিনিজন জ্যেষ্ঠ ন্যায়াধীশক অতিক্ৰম কৰি কনিষ্ঠ ন্যায়ধীশ এ.এন,ৰায়ক মুখ্য ন্যায়াধীশ পদত নিয়োগ কৰিছিল। আকৌ ১৯৭৫চনত জ্যেষ্ঠ ন্যায়াধীশ এইচ, আৰ, খান্নাক, নিযুক্তি নিদি, ন্যায়াধীশ এম,এইচ বেগক মুখ্য ন্যায়াধীশ পদত নিয়োগ কৰিছিল।

  উচ্চতম ন্যায়ালয়ৰ আৰু উচ্চ ন্যায়লয়ৰ আন আন ন্যায়াধীশসকলৰ ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি নিযুক্তি দিয়ে। প্ৰকৃততে ন্যায়াধীশ নিযুক্তিৰ চূড়ান্ত গ্ৰহণ ক্ষমতা মন্ত্ৰীসভাৰ হাতত ন্যস্ত হৈ আছে।  গতিকে, মুখ্য ন্যায়াধীশৰ লগত আলোচনা কৰাৰ কিবা মূল্য আছেনে?

    ১৯৮২ চনৰ পৰা ১৯৯৮ চনৰ মাজত ন্যায়াধীশৰ নিযুক্তি সম্পৰ্কে উচ্চতম ন্যায়ালয়ত বহুবাৰ আলোচনা হৈছিল। আৰম্ভনিতে, মুখ্য ন্যায়াধীশৰ ভূমিকা কেৱল পৰামৰ্শমূলক বুলি ন্যায়ালয়ে অনুভৱ কৰিছিল । কিন্তু পিছলৈ মুখ্য ন্যায়াধীশৰ মতামত ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰাটো বাধ্যতামূলক বুলি মত পোষণ কৰিছিল। শেষত ন্যায়াধীশ নিযুক্তিৰ এক নতুন পদ্ধতি গ্ৰহণৰ সিদ্ধান্ত  লোৱা হয়। এই সিদ্ধান্ত অনুসৰি উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিয়ে যে মুখ্য ন্যায়াধীশে চাৰিজন জ্যেষ্ঠ ন্যায়াধীশৰ লগত আলোচনা কৰি ন্যায়াধীশৰ নাম নিযুক্তিৰ বাবে মনোনীত কৰিব। এইদৰে উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ নিযুক্তিৰ নাম মনোনয়নৰ এক সামূহিক মানদগুৰ নীতি প্ৰতিষ্ঠা কৰিছে। সেয়েহে বৰ্তমান সময়ত ন্যায়াধীশৰ নিযুক্তিত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ চাৰিজন ন্যায়াধীশৰ সিদ্ধান্তই অধিক গুৰুত্ব  প্ৰায়। এইদৰে দেখা যায় যে ন্যায়পালিকাৰ নিযুক্তি প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয় আৰু মন্ত্ৰীসভাই উল্লেখযোগ্য় ভূমিকা পালন কৰে।

Type sumit Patar

Class 11 Political Science