ভাৰতীয় সংবিধান

ভাৰতৰ্বষ এনে এখন দেশ য' ত নানা জাতি,উপজাতি, বিভিন্ন ধৰ্মানম্বী আৰু বিভিন্ন সংস্কৃতিৰ লোকে বসবাস কৰে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত স্বতন্ত্ৰভাৱে ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ এখন সংবিধানৰ প্ৰয়োজন হয়। ভাৰতবাসীৰ এই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ বাবে কেবাটাও পৰ্যায় অতিক্ৰম কৰিব লগা হৈছিল। অৱষেশত অশেষ কষ্টৰ বিনিময়ত ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত ইয়াক কাৰ্যকৰী কৰা হয়। আমাৰ দেশৰ সংবিধানখনে কিদৰে পূৰ্ণতা লাভ কৰিলে তাৰ এটি ঐতিহাসিক পটভূমি আছে। আমি এই বিষয়ে সংক্ষেপে আলোচনা কৰো আহা-

ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিঃ            

      তোমালোকে পাঠ্য়পুঠিৰ ইতিহাস খণ্ডত চিপাহী বিদ্ৰোহৰ বিষয়ে  অৱগত হৈছা। ১৮৫৭ চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্ত কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণই বিদ্ৰোহ কৰে। ফলস্বৰূপে তাৰ পিছৰ বছৰটোত অৰ্থাৎ ১৮৫৮ চনত বৃটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলণ্ডৰ ৰাণীৰ প্ৰত্য়ক্ষ শাসনলৈ নিয়ে। ইয়াৰ পিছৰে পৰা ভাৰতত আধুনিক শাসন ব্য়ৱস্থা গঢ়ি তুলিবলৈ বৃটিছ চৰকাৰে বিভিন্ন সময়ত কিছুমান আইন প্ৰণয়ন কৰিছিল।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইংৰাজ চৰকাৰে সময়ে সময়ে প্ৰণয়ন কৰা আইনবোৰৰ যোগেদিয়া ভাৰতবৰ্ষখন শাসন কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য় কেইখনমান আইন তলত উল্লেখ কৰা হ'ল-

  • ১৮৬১ চনত বৃটিছ চৰকাৰে 'ভাৰত পৰিষদ আইন'(Indian Councils Act) গ্ৰহণ কৰে। এই আইনখনেই ভাৰতীয় প্ৰশাসনক বিকেন্দীকৰণ কৰি ভাৰতত প্ৰতিনিধিত্বমূলক শাসন ব্য়ৱস্থাৰ সূচনা কৰিছিল।
  • ১৮৯২ চনৰ সংশোধিত 'ভাৰত পৰিষদ আইন' গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য় নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনে ভাৰতীয় লোকসকলৰ সন্তুষ্ট কৰিব পৰা নাছিল। 
  • ১৯০৯ চনত ভাৰত চৰকাৰ আইন (Govt. of India Act) গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাতো সন্তুষ্ট হোৱা নাছিল। এই আইনখনক 'মৰ্লে মিণ্টো সংস্কাৰ আইন' বুলিও জনাযায়।
  • ১৯১৯ চনত 'ভাৰত চৰকাৰ আইন' ভাতবৰ্ষত এক প্ৰকাৰৰ স্বায়ত্ব শাসন ব্য়ৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও ই অতি সীমিত পৰিসৰৰ আছিল। 
  • ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন মতে পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্য়ৱস্থা প্ৰৱৰ্তন কৰা হয়।  
  • ১৯৪৭ চনৰ জুলাই মাহত বৃটিছে সংসদত গূহীত হোৱা আইন অনুসৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে 
এইখিনিতেই উল্লেখ কৰিব পাৰি যে শাসনৰ আৰম্ভণীৰে পৰা শিক্ষিত ভাৰতীয় লোকসকলে বৃটিছে চৰকাৰখনত তেওঁলোকৰ অৰ্ন্তভূক্তিৰ দাবী কৰি আহিছিল। তেওঁলোকৰ হেঁচাৰফলত বৃটিছ চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আইনৰ দ্বাৰা সীমিত সংখ্য়ক ভাৰতীয় লোকক শাসন ব্য়ৱস্থাত অংশ গ্ৰহণৰ বাবে পদক্ষেপ লৈছিল। ১৯২২ চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল। ইয়াৰ পিছত ১৯২৮ চনত স্বৰাজ পাৰ্টিয়েও সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল। এনেদৰে ভাৰতীয়সকলৰ মাজত এখন সংবিধানৰ বাবে প্ৰবল জনমত গঢ় লৈ উঠিছিল। ১৯২৭ চনত চাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা চাৰ চাই মন কমিচনৰ প্ৰতিবেদন মতে ভাৰতৰ এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়। ১৯৩৪ চনত ভাৰতীয় জাতীয় কংগেছ দলে এখনসংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। বৃটিছ চৰকাৰে চাইমনৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মাতামত বিনিময় কৰিবৰ বাবে তিনিখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰিছিল। এই মেজমেলৰ প্ৰস্তাৱৰ ভিত্তিত ওপৰত উল্লেখ কৰা ১৯৩৫ চনৰ 'ভাৰত চৰকাৰ আইন'গ্ৰহণ কৰা হয়। এই আইনখনক ভাৰতীয় সৈংবিধানিক ইতিহাসত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য় কৰা হয়। দ্বিতীয় মহাযুদ্ধৰ (১৯৩৯-১৯৪৫) আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্ৰিয় হৈ পৰে। বৃটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্য়ে ১৯৪০ চনত 'আগষ্ট প্ৰস্তাৱ'ৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানী লৈছিল। সেই অনুসৰি ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এখ সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাব আগবঢ়ায়। এই প্ৰস্তাব অনুসৰিয়েই ভাৰতীয়ৰ সংবিধান সভা গঠিত হয়। ° ৰাজেন্দ্ৰ প্ৰসাদক এই সভাৰ সভাপতিৰূপে নিৰ্বাচিত কৰা হাছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। ১৯৪৭ চনৰ ২৯ চনৰ ২৯ আগষ্ট তাৰিখে ° আম্বেদকাৰক সভাপতিৰূপে লৈ ৬ জন সদস্য়ৰ সৈতে এখন খৰাচ কমিটি গঠম কৰা হয়। (সিপিঠিত 'জানি থওঁ আহা' কথাখিনি পঢ়িলে এই কমিটিৰ সদস্য়সকলৰ বিষয়ে সবিশেষ জানিব পাৰিবা) ১৯৪৮ চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ প্ৰায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মতামত ব্য়ক্ত কৰিবৰ বাবে ৮ মাহ সময় দিয়া হয়। ১৯৮৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ সভাপতি ° ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানখনত স্বাক্ষৰ কৰে। তাৰ পিচতেই সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰালৈকে ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। উল্লেখযোগ্য় যে সংবিধান সভাৰ সভাপতি ° ৰাজেন্দ্ৰ প্ৰসাদকেই স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ দিয়া হয়। ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ সময়ত পূথিৱীৰ কেইবাখনো দেশৰ সংবিধানৰ পৰা কেইটামান আদৰ্শ গ্ৰহণ কৰা হৈছে। সেই আদৰ্শসমূহ হ'ল-

বৃটিছ সংবিধানৰ পৰা - সংসদীয় গণতন্ত্ৰ 

আয়াৰলেণ্ড সংবিধানৰ পৰা - ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি

ফৰাছী সংবিধানৰ পৰা - স্বতন্ত্ৰতা, সমতা, ভ্ৰাতৃত্ববোধ 

মাৰ্কিন যুক্তৰাষ্ট্ৰ সংবিধানৰ পৰা - মৌলিক অধিকাৰ 

কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা -যুক্তৰাষ্ট্ৰীয় শাসন ব

                                                                                ব্য়ৱস্থা 

সংবিধান প্ৰণয়নত অসমৰ ভূমিকাঃ

ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নত অসমৰ অৱদানৰ বিষয়ে আলোচনা কৰোতে আমি তলত দিয়া ব্য়ক্তিসকলৰ নাম উল্লে কৰিব লাগিব। তেওঁলোক হ'ল- চৈয়দ মহম্মদ ছাদুল্লা, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰেভাৰেণ্ট জে জে এম নিকলছ্-ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিনী কুমাৰ চৌধৰী আৰু আব্দুৰ ৰৌফ। তেওঁলোকৰ মাজৰ চৈয়দ মহম্মদ চাদুল্লা আছিল সংবিধান সভাৰ খৰচা কমিটিৰ সদস্য়। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচীত জাতি-জনজাতি আৰু পাৰ্বত্য় জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্য়ালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধান ষষ্ঠ অনুসূচী অন্তৰ্ভূক্ত কৰা। এই  অনসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয় আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ব শাসনৰ ব্য়ৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য় ব্য়ক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা গ্ৰহণ কৰিছিল। সমগ্ৰ দেশৰ লগতে নিজ ৰাজ্য়ৰ স্বাৰ্থত তেওঁলোকে সহমত পোষণ কৰিছিল যাতে ৰাজ্য়ৰ সকলো শ্ৰেণীৰ লোকে সংবিধান প্ৰদত্ত সুবিধাসমূহ লাভ কৰিব পাৰে।



Class 8 Social Science 

Type: Dimi Bora