মৌলিক অধিকাৰ

এখন স্বাধীন ৰাষ্ট্ৰৰ নাগৰিকসকলৰ ব্য়ক্তিত্ব বিকাশ আৰু স্বচ্ছন্দভাৱে জীয়াই থাকিবলৈ এটা সুন্দৰ বাতাৱৰণৰ প্ৰয়োজন। বিভিন্ন পৰিস্থিতিত নাগৰিকসকলে উপভোগ কৰিব পৰা সা-সুবিধাৰ বাতাৱৰণেই হৈছে অধিকাৰ। যেনে- বিদ্য়ালয়ত শিক্ষা গ্ৰহণৰ সুবিধা পালেহে এটি শিশু শিক্ষিত হৈ ভৱিষ্য়তে সুনাগৰিক হ'বলৈ সক্ষম হ'ব। গতিকে তেওঁক শিক্ষা লাভ কৰাৰ অধিকাৰ দিব লাগিব। তেতিয়াহে তেওঁৰ বিকাশ ঘটিব। আমাৰ দেশৰ সংবিধানে এইদৰে কেইটামান অধিকাৰ সকলো নাগৰিকক দিছে। এই অধিকাৰবিলাক সাব্য়স্ত কৰাত কোনোৱেই কাকো বাধা দিব নোৱাৰে। সেয়ে ইয়াক মৌলিক অধিকাৰবোৰকনো কিয় মৌলিক অধিকাৰ বুলি কোৱা হয় তলৰ চিত্ৰপটকেইখন দ্বাৰা বুজিবলৈ চেষ্টা কৰোঁ আহা- মালিকনীয়ে জডোৰ জুলুমকৈ পৰিণীতাক কাম কৰোৱাই মাকৰ লগতে আহিবলৈ নিদিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে থানাত এটা গোচৰ ৰুজু কৰা হ'ল।মাকৰ আৰু মাতৃগোটৰ মহিলাসকলে এইদৰে আইনী ব্য়ৱস্থা লোৱাৰ বাবে পৰিণীতাই লোকৰ ঘৰত বন কৰা ছোৱালী হৈ নাথাকি সংবিধানে প্ৰদান কৰা শিক্ষা গ্ৰহণৰ অধিকাৰ লাভ কৰিলে। এই দৰে নাগৰিকসকলৰ প্ৰতিভা আৰু ব্য়ক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকীৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলে হয়। এই মৌলিক অধিকাৰসমূহ উলংঘা কৰিলে তাৰ প্ৰতিৰক্ষাৰ বাবে নাগৰিকসকলে ন্য়ায়ালয়ৰ কাষ চাপিব পাৰে। 

বৰ্তমান আমাৰ সংবিধানৰ তৃতীয় অধ্য়ায়ত ১৪ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ ছয় প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা আছে। এই মৌলিক অধিকাৰসমূহ হ'ল-  

১। সমতাৰ অধিকাৰ                    

২। স্বাধীনতাৰ অধিকাৰ               

৩। শোষণৰ বিৰুদ্ধে অধিকাৰ   

৪। শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ 

৫। ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ

৬। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ

এতিয়া আমি ভাৰতীয় সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰো আহা-

সমতাৰ অধিকাৰ ঃ

ভাৰতবাসীৰ মাজত সকলো প্ৰকাৰৰ অৰ্থনৈতিক, ৰাজনৈতিক  অসমতা দূৰ কৰি নাগৰিকসকলক সমান মৰ্যাদা প্ৰদান কৰাৰ উদ্দেশ্য় সংবিধানৰ ১৪ নং অনুচ্ছেদ পৰা ১৯নং অনুচ্ছেদলৈ সমতাৰ অধিকাৰ প্ৰদান কৰিছে। নিচেই তলৰ ছবিখনলৈ মন কৰাচোন। এনেধৰণৰ প্ৰতিমূৰ্ত্তি তোমালোকে ন্য়ায়ালয়ত দেখিবলৈ পাবা। এই প্ৰতিমূৰ্ত্তিৰ অৰ্থ হ'ল আইনৰ চকুত সকলো সমান। দেশৰ মুৰব্বী ৰাষ্ট্ৰপতিৰ পৰা সাধাৰণ বনুৱালৈকে সকলোৱে সংবিধান আইন মানি চলিব লাগে। আইনমতে সকলো জাতি, বৰ্ণ, ধৰ্ম, ধনী-দুখীয়া জন্মস্থান নিৰ্বিশেষে সমানভাৱে বিদ্য়লয়, বজাৰ-সমাৰ, ৰাজহুৱা উদ্য়ান, বাট-পদুলি, পুখুৰী-নাদ আদি ব্য়ৱহাৰ কৰিব পাৰিব। ইয়াত বাহিৰেও চৰকাৰী চাকৰিৰ নিয়োগৰ ক্ষেত্ৰত যোগ্য়তা অনুসৰি সুযোগ সুবিধা লাভ কৰিব। আমাৰ সংবিধানে সামাজিক বৈষম্য় আৰু কুসংস্কাৰ দূৰ কৰি সমতা স্থাপনৰ বাবে সমাজত অস্পৃশ্য়তা নিষিদ্ধকৰণ কৰিছে। সমাজত বিভিন্ন কামৰ বাবে শ্ৰেণী বিভাগ আছে যদিও মানুহ হিচাপে কোনো উচ্চ-নীচ নহয় আৰু আইনে সকলোকে সমান মৰ্যাদা প্ৰদান কৰিছে। অস্পৃশ্য়তা আমাৰ দেশৰ এক সামাজিক ব্য়ধি। এই অধিকাৰ সমাজৰ বৈষম্য়তা দূৰ কৰি এই সুস্থসবল, সংস্কতিবান দেশ গঢ়াত সহায় কৰে। 

স্বাধীনতাৰ অধিকাৰ ঃ

এখন স্বাধীন আৰু গণতান্ত্ৰীক দেশৰ জনসাধাৰণৰ অভাৱ-অভিযোগ আৰু দৈনন্দিক জীৱনৰ সমস্য়াসমূহ সমাধান কৰিবৰ বাবে আমাৰ এখন চৰকাৰ আছে। সংবিধানে ১৯ নং অনুচ্চেদৰ পৰা ২২ নং অনুচ্ছেদলৈ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ কাৰণে এই অধিকাৰ প্ৰদান কৰিছে। তোমালোকে ইতিমধ্য়ে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 'প্ৰচাৰ মাধ্য়ম আৰু গণমাধ্য়ম' পাঠটিত সংবাদ পত্ৰ, ৰেডিঅ,' টি ভি ইন্টাৰনেট আদিৰ জৰিয়তে কেনেদৰে আমি মনৰ ভাব প্ৰকাশ কৰাৰ স্বাধীনতা লাভ কৰিছো সেই বিষয়ে জানি আহিছাহক। এতিয়া তলৰ ছবি কেইকনলৈ মন কৰাচোন- 'মিলনজ্য়োতি মহিলা আৰু 'জনকল্য়াণ সন্মিলিত সংঘ'ই হাতত প্লেকাৰ্ড লৈ কেনেদৰে 'মহিলাক সুৰক্ষা দিয়ক', 'মূল্য় বৃদ্ধি ৰোধ কৰক'আদি শ্ল'গান দি শোভাযাত্ৰা কৰিছে। শোবযাত্ৰাৰ ছবিখন কেইখন চাই বুজিব পাৰি যে ভাৰতবৰ্ষৰ নাগৰিকৰসকলে তেওঁলোকৰ সমস্য়াসমূহ সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী কৰিব পাৰে। এনেদৰে হাতত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ নোলোৱাকৈ সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নাগৰিকসকলে সমবেত হোৱাৰ অধিকাৰো লাভ কৰিছে।  জনকল্য়ণ সন্মিলিত সংঘ, মিলনজ্য়োতি মহিলা সমিতিৰ দৰে প্ৰয়োজন অনুসৰি নাগৰিকসকলে বিভিন্ন অনুষ্ঠান গঠন কৰিব পাৰে আৰু এই অনুষ্ঠানসমূহৰ দ্বাৰা সমাজৰ বিভিন্ন উন্নয়সমূলক কাম কৰিব পাৰে। তাৰ বাহিৰে নাগৰিকে ভূ-খণ্ডত স্থায়ীভাৱে বসবাস কৰি যিকোনো বৃত্তি, জীৱিকা, ব্য়ৱসায়-ব্য়ণিজ্য় কৰাৰ অধিকাৰো পাইছে। স্বাধীনতা অধিকাৰৰ অন্য়এক উল্লেখযোগ্য় দিশ হ'ল-কোনো ব্য়ক্তৰ অপৰাধ প্ৰমাণ নোহোৱা পৰ্যন্ত আৰক্ষীয়ে শাস্তি বিহিব নোৱাৰিব। কোনো ব্য়ক্তিক কাৰণে নোহোৱাকৈ ২৮ ঘন্টাতকৈ অধিক সময় আৰক্ষীয়ে আটক কৰি ৰাখিলে ব্য়ক্তিজনে আইনৰ সহায় ল'ব পাৰিব। স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্গত এটা উল্লেখযোগ্য় দিশ হৈছে শিশুৰ শিক্ষাৰ অধিকাৰ। ইতিমধ্য়ে সংবিধানৰ ২১ (ক) অনুচ্ছেদ মতে ৬-১৪ বছৰলৈ সকলো শিশুকে বিনামুলীয়া শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে। সম্প্ৰতি শিক্ষাৰ অধিকাৰ আইন, ২০০৯ অনুসৰি চৰকাৰী অনুদানেৰে প্ৰতিষ্ঠা কৰা শইক্ষানুষ্ঠানসমূহত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, নিৰ্বিশেষে সকলো শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য় হ'ব। শিশুৰ এই শিক্ষা গ্ৰহণত কোনেও বাধা প্ৰদান কৰা নোৱাৰিব। এই পাঠৰ ছবি পূষ্ঠাত তোমালোকে পৰিণীতাৰো যে শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছে সেই বিষয়ে জানিলা। এই শিশু শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে পৰিণীতাহঁতৰ দৰে অনেক শিশুৰ শিক্ষা লাভৰ পথ মুকলি কৰা হৈছে। মাতৃগোটৰ মাতূসকলেও শিশুসকলক শিক্ষা প্ৰদান কৰা হয় যে এক অতি প্ৰয়োজনীয় কৰ্তব্য় সেইকথা উপলদ্ধি কৰি মন্টু ঠিকাদাৰৰ ঘৰৰ পৰা পৰিণীতাক আনি বিদ্য়ালয়ত নাম ভৰ্তি কৰাৰ ব্য়ৱস্থা কৰিছে।শিক্ষাৰ অধিকাৰ আইন  ২০০৯ চনৰ প্ৰধান  উদ্দেশ্য় হৈছে- ৬-১৪ প্ৰতিজন শিশুৰ ৮ বছৰীয়া বিনামূলীয়া আৰু বাধ্য়তামূলক শিক্ষা নিশ্চিতকৰণ, ৬ বছৰ বয়সলৈকে বিদ্য়ালয়ত নাম ভৰ্তি নকৰাকৈ থকা আৰু প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নকৰা শিশুক উপযুক্ত শ্ৰেণীত নাম ভৰ্তিকৰণ কৰোৱা আদি। 



Class 8 Social Science 

Type: Dimi Bora