খাদ্য়ঃ আমি ক'ৰ পৰা পাওঁ 

  

তোমালোকে আজি ঘৰত কি কি খাই আহিছা? তোমালোক ৰ বন্ধু-বান্ধৱীসকলে কি খাই আহিছে জানি লোৱা। তোমালোকে বাৰু কালি আৰু আজিও একেই খাদ্য় খাইছিলানে? আমি সকলোৱে ভিন ভিন সময়ত ভিন ভিন খাদ্য় গ্ৰহণ কৰোঁ- নহয়নে বাৰু ?                   

  তোমালোকৰ বিদ্য়ালয়ক বন্ধু-বান্ধৱীবোৰক সোধা য়ে দিনটোৰ ভিতৰত তেওঁলোকে কি কি বিভিন্ন ধৰণৰ খাদ্য় খায়। ভাৰতৰ বিভিন্ন ৰাজ্য়ত থকা বন্ধু-বান্ধৱীসকলৰ পৰাও তোমালোকে এনে ধৰণৰ তথ্য় পাব পাৰা নেকি চোৱাচোন। এনেকুৱা সকলোবোৰ খাদ্য়ৰ নাম বন্ধু-বান্ধৱীৰ পৰা সংগ্ৰহ কৰি তালিকা ১.১ত অন্তৰ্তূক্ত কৰা।                 

  আমি খোৱা খাদ্য়বোৰত বহু ভিন্নতা পৰিলক্ষিত হয়। এই খাদ্য়বস্তুসমূহ কিহৰ পৰা বাৰু প্ৰস্তুত কৰা হয়? ঘৰত ৰন্ধা ভাতৰ বিষয়ে ভাবি চোৱাচোন। আমি চাউল লওঁ আৰু ইয়াক পানীত সিজাওঁ। সেয়েহে  ভাত ৰান্ধোতে কেৱল দুটা উপকৰণ যেনে চাউল আৰু পানীৰ প্ৰয়োজন হয়।                                                                 

   আনহাতে, কিছুমান খাদ্য়বস্তু বিভিন্ন ধৰণৰ উপকৰণেৰে প্ৰস্তুত কৰা হয়। পাচলিৰ আজ্ঞা ৰান্ধিবৰ বাবে আমাক বিভিন্ন ধৰণৰ পাচলি, নিমখ, মছলা, তেল ইত্য়াদিৰ প্ৰয়োজন হয়।                       

    তোমালোকৰ সমনীয়া বা ঘৰত থকা জ্য়েষ্ঠসকলৰ সহায়ত তালিকা ১.১ত অন্তৰ্ভূক্ত হোৱা খাদ্য়বস্তুসমূহৰ কেইটামান বাছি লোৱা আৰু আলোচনা কৰি এই খাদ্য়বস্তুসমূহ প্ৰস্তুতকৰণত ব্য়ৱহাৰ হোৱা উপকৰণৰসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰা। সেইবোৰ তালিকা ১.২ত অন্তৰ্ভূক্ত কৰা। তলত কিছুমান উদাহৰণ দাঙি ধৰা হ'ল। এই তালিকাত আৰু কিছুমান বস্তুৰ নাম সংযোজন কৰা।                         

   আমি কি দেখিলোঁ? আমি দেখিলোঁনে যে কিছুমান খাদ্যবস্তুৰ ক্ষেত্ৰত উপকৰণৰসমূহ একেই থাকে ? শ্ৰেণীকক্ষত আলোচনা কৰা। পিছে এই উপকৰণৰবোৰনো ক'ৰ পৰা আহে ?    

১.২ খাদ্য় সামগ্ৰী আৰু ইয়াৰ উৎসমূহ

 তালিকা ১.২ত অন্তৰ্ভূক্ত হোৱা উপকৰণসমূহৰ কিছুমানৰ উৎস আমি সহজেই ধাৰণা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে ফল-মূল আমি পাচলিসমূহ। এইবোৰ বাৰু ক'ৰ পৰা পাওঁ ? নিশ্চয়, উদ্ভিদৰ পৰা। নহয়নে ! ঘেহু আৰু ধানৰ উৎসবো কি ? তোমালোকে নিশ্চয় ধাননি পথাৰ বা ঘেঁহুৰ পথাৰত শাৰী শাৰীকৈ থকা গছবোৰ দেখিছা; এইবোৰেই আমাক এই শস্য়বোৰ দিয়ে। আনহাতে খাদ্য়বস্তুযেনে গাখীৰ, কণী, মাংস, মাছ, আদি প্ৰাণীৰ পৰা পাওঁ।                         

    আগতে তালিকাভূক্ত কৰা খাদ্য়বস্তু সমূহ চাওঁ আহা। এতিয়া ইয়াৰ উপকৰণ আৰু উৎসসমূহ জানিবলৈ চেষ্টা কৰাচোন। তালিকাৰ খালী ঠাইবোৰ পূৰ কৰা আৰু অধিক উদাহৰণ সংযোজন কৰা।

   ক্ৰিয়াকলাপ ৩ ৰ পৰা আমি কি সিদ্ধান্তলৈ  আহিব পাৰোঁ ? শস্য়, মাহ, শাক-পাচলি, ফুল-মূল আদি বিভিন্ন খ্য়াদ্য় উপকৰণৰ উৎস হৈছে- উদ্ভিদ। প্ৰাণীয়ে আমাক গাখীৰ, কণী আৰু মাংসৰ যোগান ধৰে। সাধাৰণতে গৰু, ছাগলী আৰু ম'হ আদি সামগ্ৰী পৃথিৱীৰ সকলো ঠাইতে ব্য়ৱহাৰ হয়। তোমালোকে আন কিছুমান প্ৰাণীৰ নাম ক'ব পাৰানে যিয়ে আমাক গাখীৰ দিয়ে ? 

১.৩ খাদ্য় হিচাপে উদ্ভিদৰ অংশ আৰু প্ৰণীৰ পৰা উৎপাদিত  বস্তু 

উদ্ভিদবোৰ আমাৰ খাদ্য়ৰ এবিধ উৎস। ইয়াৰ কোনবোৰ অংশ বাৰু খাদ্য়ৰ উৎস ?                                                                                   

   আমি বহুতো শাকজাতীয় খাদ্য় খাওঁ। কিছুমান উদ্ভিদৰ ফলবোৰ খাওঁ। কেতিয়াবা উদ্ভিদৰ মূল বা শিপা, কেতিয়াবা কাণ্ড আনকি ফুলো খাদ্য় হিচাপে খাওঁ।

    তোমালোকে কেতিয়াবা ৰঙালাউ গছৰ ফুলবোৰ পিঠাগুড়িত ডুবাই ভাজি খাইছানে ? খাই চাবাচোন !                                                 

   কিছুমান উদ্ভিদৰ বা ততোধিক অংশ খোৱাৰ উপযোগী হয়। সৰিয়হ গছ বীজবোৰে আমাক তেল দিয়ে আৰু পাতবোৰ শাক হিচাপে খাওঁ। তোমালোকে বাৰু কলগছৰ বিভিন্ন অংশ খাদ্য় হিচাপে গ্ৰহণ কৰাৰ অভিজ্ঞতা  আছেনে ? এনেকুৱা আৰু কিছুমান উদ্ভিদৰ কথা চিন্তা কৰা যিবোৰৰ দুই বা ততোধিক অংশ খাদ্য় হিচাপে গ্ৰহণ কৰা হয়।   

    যিবোৰ খাদ্য়বস্তুৰ উপকৰণৰসমূহ উদ্ভিদৰ পৰা আহৰণ কৰা হয়, তেনেকুৱা খাদ্য়সামগ্ৰীসমূহ তোমালোকে সন্নিবিষ্ট কৰা তালিকা ১.৩ ৰ পৰা বাছি লোৱা। উদ্ভিদৰ কোন অংশৰ পৰা ইয়াক পোৱা যায়? তালিকা ১.৪ ত দেখুওৱা ধৰণে খাদ্য় সামগ্ৰী আৰু উদ্ভিদৰ অংশসমূহ বাছি উলিয়াই তালিকাভূক্ত কৰা।                                                 

   শুকান বুট বা মগুমাহৰ বীজ কেইটামান লোৱা। এটা পাত্ৰ পানীৰে পূৰ্ণ কৰি তাত এই বীজবোৰ এদিনৰ বাবে আছুতীয়াকৈ ৰাখি থোৱা। পিছদিনাখন পাত্ৰটোৰ পৰা আটাইখিনি পানী সম্পূৰ্ণৰূপে আঁতৰাই কেৱল বীজবোৰ পাত্ৰটোত ৰাখা। এতিয়া বীজবোৰ তিতা কাপোৰেৰে মেৰিয়াই একাষৰীয়াকৈ থৈ দিয়া। পিছদিনাখন বীজবোৰ পৰ্যৱেক্ষণ কৰি সেইবোৰৰ কিবা পৰিৱৰ্তন দেখিলানে?                                   

    বীজবোৰৰ পৰা এটা সৰু বগা অংশ ওলাই অহা দেখা পাবা। যদি তেনেকুৱা হৈছে তেতিয়া হ'লে বীজবোৰে গজালি মেলা বুলি কোৱা হয়। যদি তেনেকুৱা হোৱা নাই, তেনেহ'লে বীজবোৰ পানীৰে ধুই লোৱা আৰু বীজবোৰৰ পৰা পানিখিনি আঁতৰাই আৰু এদিনৰ বাবে এখন তিতা কাপোৰেৰে মেৰিয়াই একাষৰীয়াকৈ থৈ দায়া। চোৱাচোন, পিছদিনাখন বীজবোৰৰ পৰা গজালি ওলাইছেনে নাই।             

   গজালি ওলোৱা এই বীজবোৰ ধুই লোৱাৰ পাছত তোমালোকে সেইবোৰ খাব পাৰা সিজাবও পাৰি। মজলা মিহলাই ইয়াক সোৱাদযুক্ত লঘু আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰি। তোমালোকে বাৰু জানানে আমি মৌ-জোল ক'ৰ পৰা পাওঁ বা ইয়াক কি দৰে প্ৰস্তুত কৰা হয় ? বহুতো মৌ-মাখিয়ে গুণ্গুণাই থকা মৌ-চাক কেতিয়াবা দেখিছানে? মৌ-মাখিবোৰে ফুলৰ পৰা মিঠা ৰস সংগ্ৰহ কৰি মৌ- জোললৈ পৰিবৰ্তিত কৰি মৌ-চাকত জমা কৰে। এই ফুলবোৰ আৰু ইহঁতৰ মিঠা ৰস বছৰটোৰ মাত্ৰ এটা নিৰ্দিষ্ট সময়তহে পোৱা যায়। সেয়েহে মৌ-মাখিবোৰে ফুলৰ মিঠা ৰসবোৰ গোটেই বছৰ জুৰি সিহঁতৰ ব্য়ৱহাৰৰ বাবে মৌ-চাকত জমা কৰি থয়। যেতিয়া আমি এনেকুৱা এটা মৌ-চাক বিচাৰি পাওঁ, তেতিয়া তাত মৌ-মাখিবোৰে জমা কৰি ৰখা খাদ্য়বোৰ মৌ-জোল হিচাপে সংগ্ৰহ কৰোঁ।   

১.৫ প্ৰাণীবোৰে বাৰু কি খায় ?

তোমালোকৰ ঘৰত যতন ল'ব পৰাকৈ কুকুৰ, মেকুৰী, ম'হ নাইবা ছাগলীৰ দৰে পোহনীয়া প্ৰাণী আছেনে ? তেতিয়া হ'লে তুমি সেই প্ৰাণীবোৰ গ্ৰহণ কৰা খাদ্য় সম্পৰ্কে নিশ্চয় জানা। আন প্ৰাণীবোৰে বাৰু কি খাব পাৰে ? কেৰ্কেটুৱা, পাৰ চৰাই, জেঠী নতু বা সৰু পতংগবোৰে কি খাদ্য লক্ষ্য় কৰিছানে ?                                           

    তালিকা ১.৫ ত বিভিন্ন প্ৰাণীৰ নাম সন্নিবিষ্ট কৰা হৈছে। সেইবোৰৰ কিছুমানে গ্ৰহণ কৰা খাদ্য়ৰ প্ৰকাৰো উল্লেখ কৰা হৈছে। তালিকাৰ খালী থকা ঠাইবোৰ বাকী প্ৰণীবোৰে খোৱা খাদ্য়ৰ নামেৰে পূৰ কৰা। সন্নিবিষ্ট হোৱা প্ৰাণীবোৰক তলত উল্লেখ কৰা ধৰণে শ্ৰেণীভূক্ত কৰা। যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায়, সিহঁতক শ্ৰেণী ১ ত ৰাখা। এইবোৰক তৃণভোজী প্ৰামী বুলি কোৱা হয়। যিবোৰ প্ৰাণীয়ে আন প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে, সিহঁতক শ্ৰেণী ২ ত ৰাখা। এইবোৰ প্ৰাণীক মাংসভোজী বুলি কোৱা হয়। উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য় হিচাপে গ্ৰহণ কৰা প্ৰাণী তোমালোকে বাৰু তালিকাখনত দেকিছানে ? তেনেবিলাক প্ৰাণীক শ্ৰেণী ৩ ত ৰাখা। সেই প্ৰাণীবোৰক সৰ্বভোজী প্ৰাণী বোলা হয়। তালিকা ১.৬ ৰ দৰে এখন তালিকা প্ৰস্তুত কৰা আৰু তাত দেখুৱাৰ দৰে সিহঁতক তিনিটা স্তম্ভত পৃথকভাৱে ভৰোৱা।                                 

     আমি  জানো যে আমা মাজৰে বহুতে পৰ্যাপ্ত পৰিমাণৰ খাদ্য় খাবলৈ নাপায়। আমি আমাৰ দেশত অধিক খাদ্য় উৎপাদনৰ বিভিন্ন উপায় বিচাৰি উলিওৱা প্ৰয়োজন। অকল সেয়াই যথেষ্ট নহয়, আমি নিশ্চিত কৰিব নাগিব যাতে ইয়াৰ জৰিয়তে আমাৰ প্ৰতিজনৰ বাবে খাদ্য় সহজলভ্য় হয়।     



Class 6 Science

Type: Dimi Bora