7.6  নামাকৰণ (Nomenclature)

জীৱৰ প্ৰণালীবদ্ধ কিয় প্ৰয়োজন হয়?

  কাৰ্যকলাপ...........................7.3

•    তোমালোকে জনা বেলেগ বেলেগ ভাষাত তলত উল্লেখিত প্ৰাণী আৰু উদ্ভিদসমূহৰ নাম উল্লেখিত প্ৰাণী আৰু উদ্ভিদৰ নাম লিখা ঃ

    1. বাঘ        2. ম'ৰা চৰাই        3.পৰুৱা

    4. নিম        5. ভেট                6. আলু

    একেটা প্ৰাণীকেই বেলেগ বেলেগ ভাষাত ক'বলৈ বা লিখিবলৈ যাওঁতে কিছু সমস্য়াৰ সন্মুখীন লগা হ'ব পাৰে। এই সমস্য়াটো সমাধান কৰিব পাৰি বৈজ্ঞানিক নামাকৰণৰ দ্বাৰা। বিভিন্ন পদাৰ্থসমূহৰ একেটা চিহ্ন আৰু সংকেচৰ দ্বাৰা বিশ্বৰ সকলো ঠাইতে চিনাকি হোৱাৰ দৰেই একোটা বৈজ্ঞানিক নামেৰে এটা প্ৰাণীক সকলো ঠাইতে একে আৰু পৃথিৱীৰ সকলো অঞ্চলতে জীৱৰ চিনাক্তকৰণত এই নামকে ব্য়ৱহাৰ কৰা হয়।

    আজিৰ বিশ্বত ব্য়ৱহৃত জীৱৰ বৈজ্ঞানিক নামাকৰণ পদ্ধতিটো ওঠৰশ শতিকাতেই কেৰোলাচ লিনিয়াচে ব্য়ৱহাৰ কৰিছিল। একে লক্ষণবিশিষ্ট জীৱসমূহ একেলগে ৰাখি কৰা শ্ৰেণীবিভাজনৰ উদ্দেশ্য়ই হৈছে জীৱৰ নামাকৰণৰ সহায়ত কৰা। কিন্তু যেতিয়া প্ৰকৃত প্ৰজাতিৰ নাম ৰখা হয়, তেতিয়া ইয়াত অন্তৰ্ভুক্ত শ্ৰেণীবিভাজনৰ সম্পূৰ্ণ তালিকাখনত ৰখা নহয়। ইয়াৰ পৰিৱৰ্ত্তে নিৰ্দিষ্ট জীৱৰ 'প্ৰজাতি' আৰু 'জাতি'ৰ নামহে উল্লেখ কৰা যায়। গোটেই পৃথিৱীতেই এই নাম লেটিন ভাষাত লিখাটো মানি লোৱা হয়।

    বৈজ্ঞানিক নাম লিখোতে কেইটামান নিয়ম মানি চলা হয়। 

    1. 'জাতিৰ' নামৰ প্ৰথম আখৰটো বৰফলাত লিখা হয়।

    2. 'প্ৰজাতি'ৰ নামটো সৰুফলা আখৰেৰে লিখা হয়।

    3. বৈজ্ঞানিক নামটো মুদ্ৰণত 'ইটালিক' কৰি ৰখা হয়।

   4. হাতে লিখা অৱস্থাত বৈজ্ঞানিক নামটো 'জাতি' আৰু 'প্ৰজাতি' বেলেগ বেলেগ তলত আঁচ টনা হয়।

  কাৰ্যকলাপ...........................7.3

•  সাধাৰণতে দেখা যিকোনো পাঁচবিধ উদ্ভিদ আৰু প্ৰাণীৰ বৈজ্ঞানিক নাম বাচি উলিওৱা। চিনাক্তকৰণত এই নামৰ লগত সাধাৰণতে ব্য়ৱহাৰ কৰা নামৰ কিবা সাদৃশ্য় আছেনে?



Type:- Bidyut Thakuria.

Class 9 Science Assam SCERT Book (Chapter 7)