সাংবিধানিক দৰ্শনৰ অৰ্থ কি?

বহুলােকে বিশ্বাস কৰে যে সংবিধানখন আইনৰ এক সংমিশ্রণ , আৰু আইনসমূহ হৈছে , মূল্যবােধ তথা নৈতিকতাতকৈ পৃথক । সেয়েহে আমি সংবিধানৰ তত্বসমূহক বিধিগত বা আইনগত দৃষ্টিৰেহে বিশ্লেষণ কৰিম , ৰাজনৈতিক দার্শনিক তত্বৰে নহয় । এইটো সত্য যে সকলোবােৰ আইনত নৈতিকতা নেথাকে , কিন্তু বেছিভাগ আইনেই মূল্যবােধ লগত দৃঢ়ভাৱে জড়িত থাকে । উদাহৰণস্বৰূপে-- আইনে মানুহৰ মাজত ভাষা বা ধৰ্মৰ ভিত্তিত সৃষ্টি হােৱা ভেদাভেদ নির্মূল কৰে । তেনেদৰেই আইন সমতাৰ লগত জড়িত হৈ থাকে । আমি সমতাক মূল্য দিও বাবেই এনেবােৰ আইন প্রচলিত হয় । সেইবাবেই আইন । আৰু নৈতিক মূল্যবােধৰ মাজত সম্পর্ক আছে ।

     সেইবাবে আমি সংবিধানক এখন মূল্যবােধ ভিত্তিক দলিল হিচাপে চাব পাৰাে । আমি সংবিধানক ৰাজনৈতিক দার্শনিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰাটো প্রয়ােজন । সংবিধানৰ ৰাজনৈতিক দার্শনিক তত্ত্ব বুলিলে কি বুজো ? আমাৰ মনত তিনিটা বিষয় আছে - 

* প্রথমতে আমি সংবিধানৰ ধাৰণামূলক গাঁথনিটো বুজি ল’ব লাগিব । ইয়াৰ অর্থ কি ? লগতে সংবিধানত উল্লেখ থকা  অধিকাৰ নাগৰিকত্ব  সংখ্যালঘু  গণতন্ত্র ইত্যাদি শব্দসমূহৰ প্রকৃত অর্থ কি ? 

 * সংবিধানত উল্লেখ থকা গুৰুত্বপূৰ্ণ ধাৰণাসমূহক সমাজ আৰু ৰাজনীতিৰ ক্ষেত্ৰত এক দৃষ্টিভংগীৰ যােগেদি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছাে । সংবিধানত থকা আদর্শসমূহৰ বিষয়ে আমি বিশদভাৱে জানিব লাগিব ।

* ভাৰতীয় সংবিধানক খচৰা কমিতিৰ বাদানুবাদ অধ্যয়নৰ যােগেদি এক উচ্চ পৰ্য্যায়ৰ তাত্বিক স্তৰলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে , লগতে সংবিধানৰ মূল্যবােধসমূহক ন্যায়িকভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে । সংবিধান প্রণেতাসকলে 


ভাৰতীয় ,মাজ আৰু ৰাজনীতিৰ চলোৱাৰ বাবে হাতত লোৱা মূল্যবোধসমূহৰ কিছুমান কাৰণ আছে। প্ৰায় ভাগেই যদিও বিশদভাৱে আলোচনা কৰা হোৱো নাই।

ৰাজনৈতিক দাৰ্শনিক তত্বই সংবিধানৰ কেৱল নৈতিকতাকেই প্ৰকাশ নকৰে আৰু বাবীৰো মূল্যায়ণ নকৰে, ই আমাৰ ৰাজনীতিৰ মূল্যবোধসমূহ বিবিধ দৃষ্টিভংগীৰে নিৰ্মাণ কৰাত সহায় কৰে। এইটো নিশ্চিত যে প্ৰায়বোৰ আদৰ্শই প্ৰত্যাখ্যান, আলোচনা বিতৰ্কৰ লগতে প্ৰতিদ্বন্দ্বিতাৰ দিশত বিভিন্ন সমালোচনা সম্মুখীন হয়। এই আদৰ্শৰসমূহৰ বিবিধ বিশ্লেষণাত্মক, আৰু কেতিয়াবা ইচ্ছাকৃত - ভাৱেও নিজ স্বাৰ্থত ব্যৱহাৰ কৰা হয়। গতিকে, আমি পৰীক্ষা কৰি চাব লাগিব যে- সাংবিধানিক আদৰ্শ আৰু ইয়াৰ প্ৰকাশৰ মাজত থকা সম্পৰ্কৰ বিশ্লেষণ কি? কেতিয়াবা একেটা আদৰ্শই বিভিন্নজনে বিভিন্ন ধৰণৰে প্ৰকাশ কৰে। যিহেতু সংবিধানৰ আদৰ্শসমূহৰ কৰ্ত্তৃত্বশীল, সেয়ে আদৰ্শ আৰু মূল্য বোধৰ মাজত হোৱা বিবাদ নিৰাময় বাবে এই আদৰ্শসমূহক ব্যৱহাৰ কৰা প্ৰয়োজন। 

 ১৯৪৭ চনৰ জাপানৰ সংবিধান শান্তি সংবিধানৰূপে জনাজাত । প্ৰস্তাৱনাত লিখা আছে যে— " We the Japanse people  desire peace for all time and are deeply conscious of the high deals controlling human relationship

 জাপানৰ সংবিধানৰ দর্শন সেইবাবেই শান্তিৰ আদৰ্শৰ ওপৰত প্রতিষ্ঠিত । জাপানৰ সংবিধানৰ নৱম অনুচ্ছেদ মতে ,

 ১ ) আন্তৰাষ্ট্ৰীয় শান্তি , ন্যায় আৰু নির্দেশৰ ভিত্তিত স্থাপিত । জাপানীসকলে যুদ্ধক ৰাষ্ট্ৰৰ সার্বভৌম অধিকাৰৰূপে অস্বীকাৰ কৰিছে , লগতে আন্তৰাষ্ট্ৰীয় বিবাদসমূহ মীমাংসাৰ বাবে কোনাে ধৰণৰ শক্তি প্রয়ােগৰ ক্ষেত্ৰত সমর্থন জনােৱা নাই ।

 ২ ) নির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ বাবে তেওঁলােকে সামৰিক , নৌ আৰু বায়ু সেনাবাহিনীৰ লগতে অন্যান্য যুদ্ধৰ প্রয়ােজনসমূহ ব্যৱহাৰৰ পৰা বিৰত থাকে ...। ইয়েই এইটোৱেই প্রমান কৰে যে সংবিধান এখন প্রণয়নৰ ক্ষেত্ৰত সংবিধান প্রণেতাসকলে কেনেধৰণেৰে প্ৰভাৱ পেলায় ।

Type Sumit Patar

Class11 Political Science11