শ্ৰমৰ সমমৰ্যাদা ঃ

"মোৰ মায়ে কাম নকৰে, ঘৰতে থাকে....!!"

'সুমিত্ৰা হাজৰিকা এগৰাকী সহজ-সৰল হাঁহিমুখীয়া গৃহিণী। গিৰীয়েক অৰুণ হাজৰিকা চৰকাৰী চকৰিয়াল। তেওঁলোকৰ একেজনী ছোৱালী নাম অঞ্জলি, ষষ্ঠ শ্ৰেণীত পঢ়ে। সুমিত্ৰাৰ শাহুৱেক পূণ্যপ্ৰভা হাজৰিকা বহুদিনৰ পৰা ইটো-সিটো বেমাৰত আক্রান্ত। অৰুণ হাজৰিকা ৰাতিপুৱা আঠবজাতেই খাই-বৈ কামলৈ ওলাই যায় আৰু সন্ধিয়া ঘূৰি আহে। ঘৰখনৰ সমস্ত কামৰ দায়িত্ব সুমিত্রাৰ ওপৰত। ৰন্ধা বঢ়া, ধােৱা-পখলা আদি দৈনন্দিন কামবােৰৰ উপৰি অঞ্জলিৰ পঢ়া শুনাৰ তদাৰকী কৰা, শাহুৱেকৰ দৰব-পাতিৰ খেয়াল ৰখা, আলহী সােধা আদি কামবােৰাে তেওঁ এফালৰ পৰা নিয়াৰিকৈ কৰে। মুঠৰ ওপৰত সুমিত্রাই এই সকলােবােৰ তেওঁৰ কর্তব্য আৰু দায়িত্ব বুলি ভাবে। সিদিনা দেওবাৰ। আবেলি পৰত সুমিত্রাই ঘৰ সাৰি আছিল। এনেতে ম'বাইল ফোনটো বাজি উঠাত তেওঁ অঞ্জলিক ফোনটো ধৰিবলৈ ক'লে। কোনে ফোন কৰিছিল সুমিত্রাই গম পােৱা নাছিল— আপােনমনে নিজৰ কাম কৰি আছিল। ঘৰ সৰা ধুলিখিনি চপাবলৈ গৈ হঠাৎ সুমিত্রা থমকি ৰ'ল। অঞ্জলিয়ে হাঁহি হাঁহি উচ্চস্বৰত কাৰােবাক কৈছে— নাই নাই মােৰ মায়ে কাম নকৰে, ঘৰতে থাকে। কথাষাৰ অঞ্জলিয়ে দুবাৰ কৈছিল। কি প্ৰসংগত সৰু ছােৱালীজনীয়ে কথাষাৰ কৈছিল সুমিত্রাৰ জানিবলৈ মন নগ’ল। সাধাৰণতে সুমিত্রাই ঘৰৰ বা বাহিৰৰ সৰু-সুৰা কথাবােৰত মন নিদিয়ে। অৰুণ হাজৰিকা কামৰ পৰা ঘূৰি অহাৰ পৰত শাহুৱেকে প্রায়ে কয়—‘সি গােটেই দিনটো গেবাৰি খাটি উভতিছে। সোনকালে খোৱা-লোৱাৰ দিহা কৰা।' সুমিত্ৰায়ো ল'ৰলৰিকৈ তেওঁৰ আল-পৈচান ধৰে। কেইদিমান আগতে ওচৰৰ মানুহ এগৰাকীয়ে কথাৰ মাজতে কৈ পালালে一'তোমাৰ ভাল দিয়া। কষ্ট নকাৰকৈ সময় কটাব পাৰিছা।' কথাষাৰে সুমিত্ৰাক কিছু জোকাৰি গৈছিল যদিও তেওঁ একো উত্তৰ দিয়া নাছিল। এইবাৰ মানুহে এনেয়ে কোৱা কথা বুলি সহজভাৱে লৈছিল। কিন্তু আজি অঞ্জলিয়ে ফোনত কাৰোবাক তেওঁ কাম নকৰা বুলি কোৱা কথাষাৰে সুমিত্ৰাক যেন বাৰেপতি আঘাত কৰিছে......'মোৰ মায়ে কাম নকৰে, ঘৰতে থাকেয।' সৰু ছোৱালীজনীয়ে কথাষাৰ মাকক দুখ দিবলৈ কোৱা নাই বুলি সুমিত্ৰাই জানে। তাইৰ দোষ নাই, পৰিৱেশে তাইক শিকাইছে। সুমিত্ৰাৰ মনত প্ৰশ্ন কিছুমান তোলপাৰ লগালে।  


Class 7 Social Science 

Type: Nayan Moni Deka