ব্যক্তিগত স্বাধীনতা

 সংবিধানৰ প্ৰথম গুৰুত্বপূর্ণ দিশটো হৈছে ব্যক্তিগত স্বাধীনতা। ই এটা শতিকাৰ বিবৰ্তনৰ মাজেৰে অহা মানসিক আৰু ৰাজনৈতিক কার্যৰ ফলস্বৰূপ। উন্নৈশ শতিকাৰ আগভাগত , ৰামমােহন ৰায়ে বৃটিছ ঔপনিৱেশ ৰাষ্ট্ৰই সংবাদ মাধ্যমৰ স্বতন্ত্রতা খর্ব কৰা কাৰ্যক প্রতিবাদ কৰিছিল। তেখেতে কৈছিল যে ৰাষ্ট্রৰ মূল কর্তব্য হৈছে প্রত্যেকজন ব্যক্তিৰ নিজস্ব প্রয়ােজনখিনি প্ৰকাশৰ বাবে এক মাধ্যমৰ দৰকাৰ। সেইবাবে ৰাষ্ট্র এখনে সংবাদ মাধ্যমৰ অধিকাৰক সীমাৱদ্ধ কৰিব নােৱাৰে। একে ধৰণে ভাৰতীয়সকলে বৃটিছ শাসনৰ সময়ত এক স্বাধীন মাধ্যমৰ দাবী কৰিছিল। সেইবাবেই ভাৰতীয় সংবিধানৰ এক গুৰুত্বপূর্ণ অংশ হৈছে – মতামত প্রকাশ স্বাধীনতা। লগতে স্বতন্ত্রতাক সকলাে দিশৰ পৰাই সীমাৱদ্ধ কৰি ৰখাটো সংবিধানৰ লক্ষ্য । ৰাওলাট আইনক বিৰােধিতা কৰােতে স্বতন্ত্রতা আন্দোলনকাৰীসকলে তেওঁলােকৰ নিজস্ব স্বতন্ত্রতাকে আওঁকান কৰিছিল। এইবিলাক আৰু অন্যান্য ব্যক্তিগত স্বতন্ত্রতাসমূহ হৈছে , উদাৰবাদীসকলৰ এক অংশ। এই ভিত্তিতেই ক'ব পাৰি যে , ভাৰতীয় সংবিধানখন উদাৰবাদী ভাৱধাৰাৰ ওপৰত নির্মিত হৈছে।  ইতিমধ্যে মৌলিক অধিকাৰৰ অধ্যায়টোতেই সংবিধানে কিদৰে ব্যক্তিগত স্বতন্ত্রতাক গুৰুত্ব দিছে , সেই বিষয়ে আলােচনা কৰা হৈছে। সংবিধানখন প্রণয়ন কৰাৰ ৪০ বছৰ পূৰ্বৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছে ব্যক্তিগত অধিকাৰক অনায়াসে গুৰুত্ব দিয়া দেখা যায়।

Type Sumit Patar

Class 11 Political Science  




Post ID : DABP004009