খাদ্য় উপাদান 

প্ৰথম পাঠত আমি খোৱা খাদ্য়ৰ বিভিন্ন তালিকা প্ৰস্তুত কৰিছিলোঁ। আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ খাদ্য়সমূহ চিনাক্ত কৰি ভাৰতৰ মানচিত্ৰত বহুৱাইছিলোঁ।                                                                       

     এবিধ আহাৰত ৰুটি, দাইল আৰু বেঙেনাৰ তৰকাৰী থাকিব পাৰে। আন এবিধত ভাত, দাইল আৰু বেন্দিৰ ভাজি থাকিব পাৰে আৰু আন এবিধ আহাৰত বাত, মাজৰ আঞ্জা আৰু পাচলিৰ তৰকাৰী থাকিব পাৰে।                                                                                     

    আমাৰ আহাৰত সাধাৰণতে শস্য়ৰ পৰা প্ৰস্তুত কৰা অতি কমেও এবিধ ব্য়ঞ্জন (Item) থাকে। আন ব্য়ঞ্জনবোৰৰ ভিতৰত দাইল অথবা মাংস আৰু শাক-পাচলি থাকে। ইয়াৰ লগত দৈ, মাখন, গাখীৰ আৰু আচাৰ আদিও থাকিব পাৰে। বিভিন্ন অঞ্চলৰ কিছুমান আহাৰৰ উদাহৰণ তালিকা ২.১ত দিয়া হ'ল। ১নং পাঠৰ মানচিত্ৰত বহুওৱা খাদ্য়সমূহ বাছি লোৱা। এইবোৰৰ উপৰিও আৰু কিছুমান আহাৰ তালিকা ২.১ত অন্তৰ্ভূক্ত কৰা। কেতিয়াবা আমাৰ আহাৰত এি সকলোবোৰে ব্য়ঞ্জন নাথাকিবও পাৰে।ভ্ৰমণৰ সময়ত আমি যাত্ৰাপথত যি পাওঁ তাকে খাওঁ। কিছুমানৰ বাবে সকলো সময়তে এই বিভিন্ন ধৰণৰ খাদ্য় বস্তুবোৰ খোৱা সম্ভৱপৰ নহ'ব পাৰে। আহাৰৰ বিন্নতাৰ কিছুমান বিশেষ কামৰ বাবে আমাৰ দেহক বিভিন্ন ধৰণৰ খাদ্য়ৰ প্ৰয়োজন বুলি তোমালোকে ভাবানে?  

২.১ বিভিন্ন খাদ্য়বস্তুত কি থাকে ?

আমি জানো যে সাধাৰণতে প্ৰতি সাজ আহাৰ এবিধ বা বহুবিধ উপকৰণেৰে প্ৰস্তুত কৰা হয়, যিবোৰ আমি উদ্ভিদ বা প্ৰাণীৰ পৰা পাওঁ। সেইবোৰ উপকৰণত কিছুমান উপাদান থাকে যিবিলাক আমাৰ শৰীৰৰ বাবে প্ৰয়োজন এই উপাদানসমূহক পৰিপোষক (nutrients) বোলে। আমাৰ খাদ্য়ৰ প্ৰধান পৰিপোষকসমূহ হৈছে কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন, স্নেহপদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। ইয়াৰ উপৰিও আমাৰ আহাৰত আঁহজাতীয় খাদ্য় আৰু পানী থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে প্ৰয়োজন।                                                                         

    সকলো খাদ্য়ত এই সকলোবোৰ পৰিপোষক থাকেনে ? কিছুমান সাধাৰণ পদ্ধতিৰে আমি ৰন্ধা খাদ্য় অথবা কেঁটা খাদ্য় উপকৰণত এটা বা বেছি পৰিপোষক থাকেনে নাথাকে পৰীক্ষা কৰিব পাৰোঁ। অন্য় পৰিপোষকসমূহৰ পৰীক্ষা কৰাটো সহজ। আমি এইবোৰ পৰীক্ষা কৰি আমাৰ পৰ্যৱেক্ষমসমূহ তালিকা ২.২ ত লিপিবদ্ধ কৰোঁ আহা। 

  এই পৰীক্ষাসমূহ কৰিবলৈ তোমালোকক আয়'ডিন কপাৰ ছালফেটআৰু কষ্টিক ছ'ডাৰ দ্ৰৱৰ প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও তোমালোকক কেইটামান টেষ্ট টিউব আৰু এটা ড্ৰপাৰ লাগিব।           

     ৰন্ধা আৰু কেঁচা কাদ্য় সামগ্ৰীত এই পৰীক্ষাসমূহ কৰিবলৈ চেষ্টা কৰা। তালিকা ২.২এ তোমালোকক এই পৰীক্ষাবোৰৰ পৰ্যবেক্ষণবোৰ লিপিবদ্ধ কৰিবলৈ আভাষ দিব। কিছুমান খাদ্য়বস্তু এই তালিকাখনত দিয়া হৈছে। তোমালোকে এই পৰীক্ষাসমূহ ইয়াত থকা বা সহজে পোৱা অন্য় খাদ্য়বস্তুৰ বাবে কৰিব পাৰা। এই পৰীক্ষাসমূহ খুব সাৱধানতাৰে কৰিবা আৰু কোনো ৰাসায়নিক দ্ৰব্য় খাবলৈ বা সোৱাদ ল'বলৈ চেষ্টা নকৰিবা।                                                                            

   যদি প্ৰয়োজনীয় দ্ৰব্য়সমূহ প্ৰস্তুত হৈ নাথাকে তেন্তে তোমালোকৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে তলত দিয়া ধৰণে প্ৰস্তুত কৰি দিব। আহা, আমি বিভিন্ন খাদ্য়বস্তুত কাৰ্ব'হাইড্ৰেটৰ অৱস্থিতিৰ পৰীক্ষাটো আৰম্ভ কৰোঁ। বিভিন্ন প্ৰকাৰৰ কাৰ্ব'হাইড্ৰেঠ প্ৰধানকৈ শ্বেতদসাৰ বা ষ্টাৰ্চ (starch) আৰু শৰ্কৰাৰ ৰূপত পোৱা যায়। আমি খাদ্য় বস্তুত শ্বেতসাৰ থকাটো সহজে পৰীক্ষা কৰিব পাৰোঁ। 

শ্বেতসাৰৰ পৰীক্ষা 

অলপ পৰিমাণৰ খাদ্য়বস্তু বা কেঁচা উপকৰণবিধ লোৱা। ২ বা ৩ টোপাল লঘু (diluted) আয়'ডিন দ্ৰব্য় ইয়াত যোগ কৰা (চিত্ৰ ২.১)। খাদ্য়বস্তুৰ ৰঙৰ কোনো পৰিবৰ্তন হৈছে নেকি পৰ্যৱেক্ষণ কৰা। খাদ্য়বস্তুৰ ৰং নীলা- ক'লা ৰঙলৈ সলনি হৈছে নেকি ? নীলা-কলা ৰঙে শ্বেতসাৰ থকাটো বুজায়।                                                                     

   আন খাদ্য়বস্তুসমূহত পুনৰ এি পৰিক্ষাটো কৰি সেইবোৰত শ্বেতসাৰ আছে নে নাই চোৱা। তোমাৰ পৰ্যৱেক্ষণসমূহ তালিকা ২.২ত অন্তৰ্ভূক্ত কৰা। 

প্ৰ'টিনৰ পৰীক্ষা

অলপ পৰিমাণৰ খাদ্য়বস্তু পৰীক্ষাৰ কাৰণে লেৱা। যদি পৰীক্ষা কৰিবলৈ লোৱা খাদ্য়খিনি গোটা হয়, তেন্তে প্ৰথমতে গুড়ি কৰি পাউদাৰ বা মণ্ডকৰি লোৱা আৱশ্য়ক।  খাদ্য়বস্তুখিনিৰ অলপ পৰিমাণ খুন্দি বা পিহি লোৱা। ইয়াৰে অলপমান এটা পৰিষ্কাৰ পৰীক্ষানলীত লোৱা আৰু ১০ টোপাল পানী দি পৰীক্ষা নলীটো জোকাৰি লোৱা।

   এতিয়া, ড্ৰপাৰৰ সহায়ত ২ টোপাল কপাৰ ছালফেট দ্ৰব আৰু ১০ টোপাল কষ্টিক ছ'ডাৰ দ্ৰব্য় পৰীক্ষা নলীত মিহলাই দিয়া (চিত্ৰ ২.২)। পৰিক্ষা নলীটো ভালকৈ জোকাৰ আৰু কিছুসময়ৰ বাবে স্থিৰ কৰি ৰাখা। তোমালোকে কি দেখিছা ? পৰীক্ষা নলীত থকা বস্তুখিনি বেঙুনীয়া ৰঙে খাদ্য়বস্তুত প্ৰ'টিন থকাটো সূচায়।এতিয়া আন খাদ্য় সামগ্ৰীত এই পৰীক্ষাটো পুনৰ কৰি চাব পাৰা। 

স্নেহ পদাৰ্থৰ পৰীক্ষা 

অলপ পৰিমাণৰ খাদ্য় বস্তু লোৱা। এডোখৰ কাগজেৰে ইয়াক মেৰিয়াই লোৱা। এতিয়া ইয়াক ভাঙি গুড়ি কৰি লোৱা সাৱধান হ'বা যাতে কাগজখন ফালি নাযায়। এতিয়া কাগজখন মেলি ভালদৰে পৰ্যৱেক্ষণ কৰা। তেলৰ দাগ আছেনে ? কাগজখন পাহাৰৰ বিপৰীতে ধৰা। তেলতৰ দাগৰ মাজেৰে ক্ষীণ পোহৰ দেখিবলৈ পাইছানে?

  কাগজত তেলেতীয়া দাগ  লাগিলে খাদ্য়বস্তুত স্নেহ পদাৰ্থ থকাটো সূচায়। খাদ্য়বস্তুত কেতিয়াবা কম পৰিমাণৰ পানী থাকিব পাৰে। সেই কাৰণে খাদ্য়বস্তু এবিধ কাগজেৰে ঘঁহি লোৱাৰ পিছত কাগজখন অলপ সময়ৰ বাবে শুকাবলৈ দিব লাগে। খাদ্য়বস্তুখিনিত যদি পানী থাকে, তেন্তে অলপ সময়ৰ পিছত পানীখিনি শুকাই যাব। ইয়াক পিছতো যদি কোনো তেলেতীয়া দাগ নাথাকে তেন্তে খাদ্য়বস্তুখিনিত কোনো স্নেহ পদাৰ্থ নাই।                                                                       

    এই পৰীক্ষাবোৰে কি বুজায় ? তুমি পৰীক্ষা কৰা সকলোবোৰ খাদ্য়বস্তুত স্নেহ পদাৰ্থ, প্ৰ'টিন আৰু শ্বেতসাৰ আছে নে ? এবিধ খাদ্য়বস্তুতে এটাতকৈ বেছি পৰিপোষক আছে নেকি ? এনেকুৱা খাদ্য়বস্তু পাইছানেকি য'ত ইয়াৰ এটাও পৰিপোষক নাই ? খাদ্য়বস্তুত থকা এই তিনিটা পৰিপোষকৰ বাবে আমি কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন আৰু স্নেহ পদাৰ্থ পৰীক্ষা কৰিছিলো কৰিছিলোঁ। ইয়াৰ উপৰিও বিভিন্ন খাদ্য়বস্তুত আন পৰিপোষক যেনে, ভিটামিন আৰু খনিজ লৱণ থাকে। এই সকলোবোৰ পৰিপোষক আমাক কিয় প্ৰয়োজন হয়?  

২.২ বিভিন্ন পৰিপোষকে আমাক শৰীৰত কি কৰে ?

কাৰ্ব'হাইড্ৰেটে প্ৰধানকৈ আমাৰ দেহত শক্তি যোগায়। নেস্থপদাৰ্থয়ো আমাক শক্তি যোগায়। প্ৰকৃততে একে পৰিমাণৰ কাৰ্ব'হাইড্ৰেট থকা খাদ্য়সমূহ 'শক্তিদায়ক খাদ্য়' বুলি কোৱা হয়।                                       

     শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনৰ বাবে প্ৰ'টিনৰ প্ৰয়োজন। প্ৰ'টিন থকা খাদ্য়বস্তুবোৰক সাধাৰণতে 'শৰীৰ বৰ্দ্ধক খাদ্য়' বুলি কোৱা হয়।   

     বিভিন্ন ৰোগৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰিবলৈ ভিটামিনৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও ভিটামিনে আমাৰ চকু, হাড়, দাঁতৰ আলু সুস্থ কৰি ৰখাত সহায় কৰে। ভিটামিনসমূহ বিভিন্ন ধৰণৰ আৰু ইহঁতক বিভিন্ন নামেৰে জনা যায়। ইয়াৰে কিছুমান হ'ল ভিটামিন A, ভিটামিন C, বিটামিন D, বিটামিন E বিটামিন আৰু K। ইয়াৰ উপৰি ভিটামিন B কমপ্লেক্স নামৰ এক শ্ৰেণী ভিটামিন আছে। আমাৰ শৰীৰক কম পৰিমাণে এই সকলোবোৰ ভিটামিন প্ৰয়োজন হয়। A ভিটামিন আমাৰ শৰীৰৰ ছাল আৰু চকু ভালে ৰাখে। ভিটামিন C য়ে আমাক বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। ভিটামিন D য়ে আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ কাৰণে কেপছিয়াম ব্য়ৱহাৰ কৰাত সহায় কৰে। বিভিন্ন বিটামিনেৰে সমুদ্ধ খাদ্য়বস্তুসমূহ ২.৬ ৰ পৰা  ২.৯ চিত্ৰসমূহত দেখুওৱা হৈছে।                                                          

     আমাৰ শৰীৰত কম পৰিমানে খনিজ লৱণসমূহৰ আৱশ্য়ক হয়। শৰীৰৰ সঠিক বৃদ্ধি আৰু সুস্বাস্থ্য় ৰক্ষা কৰিবলৈ প্ৰতিবিধ খনিজ লৱণৰ আৱশ্য়ক। বিভিন্ন খনিজ লৱণৰ উৎসসমূহ দেখুওৱা হৈছে।   

   বেছিভাগ খাদ্য়বস্তুত সাধাৰণতে ইটাতকৈ বেঠি পৰিপোষক থাকে। তোমালোকৰ পৰ্যৱেক্ষণবোৰ তালিকা ২.২ত লিপিবদ্ধ কৰোঁতে এই কথাটো হয়তো লক্ষ্য় কৰিছিলো। যি কি নহওক কোনো এবিধ খাদ্য়বস্তুত এটা নিৰ্দিষ্ট পৰিপোষক আন পৰিপোষকবোৰতৈ বেছি পৰিমাণে থাকিব পাৰে। উদাহৰণস্বৰূপে ভাতত আন পৰিপোষকতকৈ কাৰ্ব'হাইড্ৰেট বেছি পৰিমাণে থাকে। সেয়েহে আমি কওঁ যে ভাত হ'ল 'কাৰ্ব'হাইড্ৰেট সমূদ্ধ' খাদ্য় উৎস।                                                         

 এই পৰিপোষকবোৰৰ বাহিৰেও আমাৰ শৰীৰত আঁহযুক্ত খাদ্য়(dietary fiber) আৰু পানীৰ প্ৰয়োজন। আঁহযুক্ত খাদ্য়ক ৰুক্ষাহাৰ (roughage) বুলি কোৱা হয়। এই ৰক্ষাহাৰ বা আঁহ আমাৰ কাদ্য়ত প্ৰধানকৈ উদ্ভিদে যোগান ধৰে। আঁহৰ মূল উৎসসমূহ হ'ল- গোটা শস্য়, মাহজাতীয় শস্য়, আলু, সতেজ ফল-মূল আৰু শাক-পাচলি। আঁহে আমাৰ শৰীৰত কোনো পৰিপোষকৰ যোগান নধৰে, কিন্তু ই হৈছে আমাৰ খাদ্য়ৰ এটা প্ৰয়োজনীয় উপাদান যিয়ে খাদ্য়ৰ আয়তন বঢ়ায়। ই আমাৰ খাদ্য়ৰ হজম নোহোৱা অংশ ওলাই যোৱাত সহায় কৰে।                                                                                         

  খাদ্য়বস্তুৰ পৰা পৰিপোষকসমূহ শৰীৰে শোষণ কৰাত পানীয়ে সহায় কৰে। ইয়াৰ উপৰিও ই আমাৰ শৰীৰৰ পৰা ঘাম আৰু প্ৰস্ৰাৱ আকাৰে বৰ্জিত পদাৰ্থ ওলাই যোৱাত সহায় কৰে। সাধাৰণতে আমাৰ দেহৰ বেছিভাগ প্ৰয়োজনীয় পানী আমি খোৱা জুলীয়া পদাৰ্থ যেনে- পানী, গাখীৰ আৰু চাহৰ পৰা পাওঁ। ইয়াৰ উপৰি বেছি ভাগ ৰন্ধা খাদ্য়ত আমি পানী পোৱা অন্য় উৎস আছে নেকি চাওঁ আহা।                         

    এটা বিলাহী বা নেমুৰ নিচিনা ফল লোৱা। ইয়াক সৰু সৰু টুকুৰাকৈ কাটা। এই কামটো কৰোঁতে তোমালোকৰ হাত দুখন তিতিছে নেকি? তোমালোকৰ ঘৰত শাক-পাচলি আৰু ফল-মূল কাটোঁতে, বাকলি গুচাওঁতে, ৰুকোঁতে বা পিহোঁতে সাৱধানেৰে পৰ্যৱেক্ষণ কৰিবা। তোমালোকে কেতিয়াবা পানী নথকা সতেজ শাক-পাচলি বা ফল-মূল পাইছানে? আমি দেখিবলৈ পাওঁ যে বেছিভাগ খাদ্য়বস্তুত পানী থাকে। আমাৰ দেহৰ প্ৰয়োজনবোৰ কিছু পৰিমাণে সেই পানীৰ দ্বাৰা পূৰণ হয়। ইয়াৰ উপৰিও বহুত খাদ্য়বস্তু ৰান্ধোতে পানী দিয়া হয়।  



Class 6 Science 

Type: Dimi Bora