6.2.2 স্থায়ী কলা (Permanent Tissue)

ভাজক কলাৰে গঠিত কোষবিলাক পিছত কি হয়গৈ? সিহঁতে পিছলৈ বিভাজন ক্ষমতা হেৰুৱাই এক বিশেষ ভূমিকা গ্রহণ কৰে। ইয়াৰ ফলশ্রুতিত সিহঁতে স্থায়ী কলালৈ পৰিৱৰ্তন হয়। এই প্রক্রিয়াত ভাজক কলাৰ কোষবােৰে সিহঁতে স্থায়ী আকাৰ আকৃতি ধাৰণ কৰি নির্দিষ্টভাৱে কোনাে কার্য কৰিবৰ বাবে সাজু হৈ উঠে আৰু ইয়াকে বিভেদন (Differentiation) বুলি কোৱা হয়। ভাজক কলাৰ পৰা এনেদৰে বিভেদন ঘটি বিভিন্ন প্ৰকাৰৰ স্থায়ী কলাৰ গঠন হয়।




Class 9 General Science Assam SCERT Book (Chapter 6)

Bidyut Thakuria