8.4    লেখৰ যোগেদি গতিৰ বৰ্ণনা (Graphical Representation of Motion)

    বিভিন্ন ধৰণৰ ঘটনাৰ মূল তথ্যবোৰ লেখৰ যোগেদি সহজে প্ৰকাশ কৰিব পাৰি। উদাহৰণস্বৰূপে, এদিনিয়া ক্ৰিকেট খেল এখনৰ সম্প্ৰচাৰত উলম্ব দণ্ড ৰেখাবোৰে দল এটাৰ প্ৰত্য়েক অ'ভাৰৰ ৰাণৰ হাৰ বুজায়। গণিতত পাইছা যে সৰল ৰেখাৰ আকৃতিৰ ৰেখাৰ দুটা চলকৰ সৰল সমীকৰণ এটা সমাধান কৰাত সহায় কৰে।

    বস্তুৰ গতি বৰ্ণনা কৰিবলৈ আমি ৰেখা লেখ ব্য়ৱহাৰ কৰিব পাৰো। এই ক্ষেত্ৰত ৰেখা লেখে এটা ভৌতিক ৰাশি, যেনে দূৰত্ব বা বেগ আন এটা ভৌতিক ৰাশি, যেনে সময়ৰ ওপৰত কেনেধৰণে নিৰ্ভৰ কৰে তাক প্ৰদৰ্শন কৰে।

 

Class 9 General Science Assam SCERT Book (Chapter 8)

Type:- Bidyut Thakuria.