তিৱাসকলৰ


    তিৱা সকল প্ৰাচীন কালৰে পৰা অসমত বাস কৰি অহা এটা নৃগোষ্ঠী। ভাষিক দিশৰ পৰা এওঁলোক ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহওৰ বড়ো থালৰ লোক। বৰ্তমান এই গোষ্ঠী লোকসকল অসমৰ নগাঁও মৰিগাঁও কামৰুপ কাৰ্বিআংলং যোৰহাট ধেমাজী লক্ষীমপুৰ শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত সিচঁৰতি হৈ আছে। তিৱাসকল সূক্ষ্মভাৱে যদিওবা দাঁতিঅলীয়া পাহাৰীয়া আৰু থলোৱালী বুলি তিনিটা ভাগত বিভক্ত কৰা হয়। বৰ্তমান পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপে দুটা ভাগতহে ভগোৱা হয়। 

    ইতিহাসৰ পাতত তিৱাসকল স্হান মন কৰিৱলগীয়া। তিৱা বীৰ জোঙাল বলহু প্ৰাক ঐতিহাসিক যুগৰ এজন কিংৱদন্তিমূলক ৰজা।মধ্যযুগতো গোভা নেলী খলা চহৰীকে ধৰি কেইবাখনো সৰু বৰ ৰাজ্য তেওঁলোকৰ নেতৃত্বত কপিলী উপত্যকাত স্হিতি লাভ কৰিছিল। তদুপৰি আহোমৰ ৰহা আৰু জাগী চকীৰ অধীনত পাঁচো ৰাজ্য আৰু সাতু ৰাজ্য বুলি বাৰখন সৰু ৰাজ্য ধৰি দমাল দন্দৱা আদি ৰাজ্যৰ জন্ম হৈছিল। ১৮৩৫ খ্ৰীষ্টাব্দত গোভা ৰজাই তিনিজন ব্ৰিটিছক ধৰি আনি কালী গোসাঁনীৰ আগত দি ইংৰাজৰ ৰোষত পৰি ৰাজ্য হেৰুৱাব লগা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তিৱাসকলৰ বিশেষ অৱদান আছে। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ ফুলগুৰি ধেঁৱা ৰ জন্ম আৰু নেতৃত্ব দিছিল তিৱাসকলে বিদ্ৰোহৰ অপৰাধত চোৱাবৰ লালুঙকে ধৰি বহু লোকৰ প্ৰাণ যোৱাৰ উপৰি এঘাৰজন লোক যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল। বিয়াল্লিছৰ গণ আন্দোলনতো তিৱা জনজাতিৰ ব্যক্তি হেমৰাম পাটৰ শ্বহীদ হৈছিল।
 
    মূলতঃমাতৃসূএীয় অৱস্হাৰ পৰা উদ্ভৱ হোৱা তিৱা সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। দুই-ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী লগ হৈ এটা কুল বা খুটা এক বা ততোধিক কুল লগ লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি কৰে। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰববীজনক ভৈয়ামত জেলা বুলি কোৱা হয় আৰু পাহাৰত এখন পিনুঙৰ (খেলৰ সমকক্ষ) মুৰববীক লৰ বুলি কোৱা হয়। হাৰী কুঁৱৰী সমাজৰ এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদবী । ভৈয়াম অঞ্চলৰ প্ৰতিটো কুলৰে নিজা উপাসনা গৃহ বৰঘৰ বা নবাৰ ৰ উপস্হিতি মন কৰিবলগীয়া। আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰববীৰ জেলা বুলি কোৱা উপৰিও বাসগৃহটোক নবাৰ হিচাপে অভিহিত কৰা হয়। তাপৰ্যপুৰ্ণভাৱে পৰিয়াল কেন্দ্ৰিক পূজা অৰ্চনাবোৰো তাতেই সমাপন কৰা হয়। চামাদি বা ডেকাচাং পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। ধমীয় দিশৰ পৰা তিৱাসকল মূলতঃজড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক । প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰা উপৰিও উংসৱ পাৰ্বণত তেওঁলোকৰ পুৰ্বপুৰুষকো দেৱতা বুলি পূজা কৰে । পৰৱতী সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্হা যেনে-শাক্তবাদ বৈষ্ণৱবাদ শৈৱবাদ নৱবৈষ্ণৱাদৰ ওপৰতো তেওঁলোকে বিশ্বাস স্হাপন কৰে। ইয়াৰ বিপৰীতে পাহাৰ অঞ্চলবোৰত বিংশ শতিকাৰ আৰম্ভণিৰে পৰা খ্ৰীষ্টধৰ্মই গজালি মেলে।
 
    তিৱাসকল সাংস্কতিক ক্ষেএখন বিশেষভাৱে সমৃদ্ধ। মৰম চেনেহ আৰু ভাতৃবোধৰ বিৰল চানেকি জোনবিল মেলাখন প্ৰাচীন আৰ্থনীতি জীয়া দলিল। ইয়াৰ বাহিৰেও পাহাৰ অঞ্চলৰ বিভিন্ন পূজা উংসৱ পাৰ্বণবোৰ হৈছে –ৱানছুৱা ছগ্ৰা য়াংলী মুইনাৰী কাণ্ঠি লাংখন মাই ৰাৱা খাপালাং ৰাৱানে ফুজা পান্হাইচ্যৱা ইত্যাদি। আনহাতে ভৈয়াম অঞ্চলৰ উংসৱ পৰ্বণবোৰ হৈছে –জোনবিল মেলা বৰত গোসাঁই উলিওৱা মেলা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু ইত্যাদি। তিৱাসকলৰ কৰ্ম আৰু উংসৱ পাবৰ্ণবোৰত বিভিন্ন গীত মাত নৃত্য বাদ্য জড়িত হৈ আছে। বিভিন্ন কৰ্ম উংসৱ–পাৰ্বণ অনুযায়ী খ্ৰাম (ঢোল) বাৰ খ্ৰাম থকথৰৰক মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী) থোৰাং মহৰ শিঙৰ পেপা মুহুৰি আৰু খায়াং (তাল) ইত্যাদি বাদ্যযন্তৰ পয়োভৰ তিৱাসকল মাজত দেখা যায়।
 
    স্বকীয় বৈশিষ্ট্যপূৰ্ণ আকৰ্ষণীয় বিভিন্ন ফুল চানেযুক্ত বস্ত্ৰ তিৱাসকলে পৰিধান কৰে । পুৰুষে থানা তাগলা থেনাচ ফালি ফাগা ইত্যাদি কৰে। তদুপৰি কেইবাবিধৰ মণি যেনে–চাপল চিংলি ল কল পান্থা তিৱাসকলে পৰিধান কৰে।
 
    আমিষভোজী তিৱাসকলৰ টু মেছাম (কুকুৰাৰ) মঙহ আৰু ৱা মেচাম (গাহৰি মঙহ) প্ৰিয় খাদ্য। পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰি লৈ পান কৰা পানীবিধক তেওঁলোকে জ্যু বোলে। তিৱাসকল কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমকৈ উল্লেখ কৰা হল –

    ইন্দ্ৰচিং দেউৰী 

    তিৱা জনজাতি মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেএত আজীৱ সংগ্ৰাম কৰা অন্যতম ব্যক্তি হল ইন্দ্ৰচিং দেউৰী । তেওঁৰ জন্ম হৈছিল পশ্চিম কাৰ্বি-আংলং ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত ১৯৩২ চনত। মালচিং পোমা আৰু মামা আমচিৰ তেওঁ আছিল তৃতীয় পুএ। ১৯৩৯চনত কাবি–আলাং জিলাৰ বাউলাগোগ প্ৰাথমিক শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলা ডিমৌ হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়়িয়ই অথৰ অভাৱত শিক্ষা জীৱন সামৰি লগা হয়। ১৯৪৯ ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাটী সংস্পশলৈ আহি পিছলৈ যোগদান কৰি সক্ৰিয়ভাৱে কাম কৰিচিল।পাটীৰ থকা অৱস্হাত তেওঁ অনুভৱ কৰিছিল তিৱাসকল সামাজিক ৰাজনীতি অৰ্থনৈতিক আৰু শিক্ষাৰ দিশৰ দুৰস্হাৰ কথা। কিন্ত্ত ঘৰৰ অথনৈতিক অৱস্হাৰ তাগিদা পৰি তেওঁ ১৯৫১ চনত পশুপালন বিভাগত চাকৰি যোগদান কৰে যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে ১৯৫৩ চনত গাৰো পাহাৰ জিলাৰত তুৰাৰ পৰা চাকৰি ইস্তফা দি পুনৰ তিৱাৰ জাতি জাগ্ৰত কৰাৰ কামত ব্ৰতী হয়। 

    কাৰ্বি-আংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসসমুহ আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তিৱা সমাজক সমাজৰ লগত পৰিচয় কৰি মানসেৰে অতি কষ্টেৰে ইন্দ্ৰচিং দেউৰীয়ে বিন মাছলাই ৰবটচিং আমচি আৰু পদ্মকান্ত কাকতিকে আদি কৰি সচেতন ব্যক্তিসকলৰ সহযোগত ১৯৬০ চনত থাৰাখুঞ্জী গাৱত তিৱাচা মিচন নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে। এই অনুষ্ঠানে তিৱা গাঁওৰ সমুহ প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাপ্তস্য়সকলে বিদ্যালয় গঢ়ি পাঠদান কৰাৰ ব্যৱস্হা গ্ৰহণ কৰিছিল। তিৱা সমাজৰ কুটীৰ শিল্পক আগবঢ়াই নিয়াৰ বাবে মিচনে বিশেষ ভুমিকাৰ কৰাৰ ব্যৱস্হা গ্ৰহণ কৰিছিল।তেতিয়া ইন্দ্ৰচিং দেউৰীয়ে অ তিৱা অ তিৱা ছেৰাণ চাৱা নামে এটি জনপ্ৰিয় গীত ৰচনা কৰিছিল। 

    তিৱাচা মিচনৰ কাম চলি থকা সময়ত অল পাটী হিৰ্লচ লি়ডাৰ কনফাৰেন্স এ একাংশ তিৱা এলেকাৰ মেঘালয় ৰাজ্য গঠন দাবী উত্থাপন কৰাত ইন্দ্ৰচিং দেউৰীয়ে প্ৰতিবাদ কৰা সিন্ধান্ত লয়। কাৰণ ইতিপুৰ্ব সংযুক্ত মিকি পাহাৰ আৰু উওৰ কাছাৰ জিলা গঠনৰ সময়ত তিৱা বসতি প্ৰধান এলেকাত বিভাজিত হৈছিল। তিৱা উন্নয়নৰ হকে কাম কৰা অন্যতম এটা সংগঠন লালং দৰাবাৰ ১৯৬৭ চনত ইন্দ্ৰচিং দেউৰীৰ নেতৃত্বতেই জন্ম হৈছিল।

    ইন্দ্ৰচিং দেউৰী ডাঙৰীয়া পোন প্ৰথম বাৰৰ বাবে কাৰ্বি আংলং স্বায়ও শাসিত পৰিসদৰ ১৯৮১ পৰিষদৰ ১৯৮১ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত আমৰি সমষ্টিৰ পৰা লালং দৰবাৰৰ হৈ নিৰ্দলীয় প্ৰাথী প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল। 

    ইন্দ্ৰচিং দেউৰী ডাঙৰীয়া তিৱা সা্হিত্য সংস্কৃতিৰ ভঁৰালেকো চহকী কৰি থৈ গৈছে। তেওঁৰ বহু তিৱা কবিতা গীত বিভিন্ন আলোচনী আদিত প্ৰকাশ পাইছে। তাৰে ভিতৰতে তিৱা তচিমা গীতটো ইতিমধ্যে তিৱা জাতীয় হিচাবে তিৱাসকল গ্ৰহণ কৰিছে। এই জাতীয় সংগীতৰ সুৰ তেওঁ নিজে দিছিল। 

    ইন্দ্ৰচিং ডাঙৰীয়া তিৱা জাতি এজন কাণ্ডাৰী আছিল। তেওঁ একেধাৰে সংগঠক সমাজ সচেতনক সমাজ সংস্কাৰক লেখক গীতিকাৰ সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতি আছিল। সেইবাবে পাহাৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক ফা পকৈ (জাতি পিতা) বুলি সম্বোধন কৰিছিল। তিৱা জাতি জীয়াই থকালৈকে ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াও তিৱা জাতি মাজত সদায় জীয়াই থাকিৱ। তেওঁ ১৯৯৪ চনৰ ২০আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে। 

বলাইৰাম সেনাপতি

    অসমৰ সাহিত্য সংস্কৃতি জগতৰ এগৰাকী সু-প্ৰতিষ্ঠিত লেখক সংস্কৃতিৰ সাধক হল বলাৰাম সেনাপতি। তেওঁৰ জন্ম ১৯৩১ চনত ৩ মাৰ্চত নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধবাৰপুজীয়া গাঁওত। তেওঁ পিতাক আছিল বগাৰাম সেনাপতি আৰু মাক পদ্মেশ্বৰী বৰদলৈ। বাৰপুজীয়া এল.পি. আৰু এম ভি স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা সেনাপতি মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল নগাঁও গবৰ্ণমেন্ট হাইস্কুলত। ঘৰুৱা জঞ্জালৰ হেতু হাইস্কলীয়া শিক্ষা সমাপ্ত নকৰাকৈয়ে ডেকা বয়সত তেওঁ১৯৫৩ চনৰ পৰা ১৯৬৩ চনলৈ সংযুক্ত উওৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল ।মিকিৰ পাহাৰত কি ঘটিছে ,নামৰ ৰামধেনু ত প্ৰকাশিত প্ৰৱন্ধটো লিখা বাবে চৰকাৰকী বিষয়াৰ ৰোষত পৰি মাথোন ১০ বছৰ কাল শিক্ষকতা কৰি বৰথল এম.ই . স্কুলৰ প্ৰধান শিক্ষকৰ চাকৰিটো এৰি ঘূৰি আহিবলগীয়া হৈছিল আৰু কৃষিকৰ্মত মনোনিবেশ কৰিছিল। বলাইৰাম সেনাপতি ছাএাৱস্হাৰে পৰাই সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰতি আগ্ৰহী আছিল। তিৱাসকল গীত মাত নৃত্য বাদ্য এইবোৰৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেএত এক পদ্ধতিগত অনুশীলনৰ হকে প্ৰয়োজনীয় ব্যৱস্হা গ্ৰহণ কৰিছিল। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উংকৃষ্ট নি্দৰ্শন। তেওঁ তিৱা জনগোষ্ঠীৰ স্ককীয় সংস্কৃতি সংৰক্ষণৰ বাবে ,তিৱা কৃষ্টি সন্হা, গঠনৰ বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। তিৱা ভাষাটো প্ৰতিষ্ঠা কৰাৰ ক্ষেএত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। সেনাপতিৰ সৰহসংখ্যাক সাহিত্য ৰচনা অসমীয়া ভাষাতে সৃষ্টি হৈছে। ইয়াৰ দ্ধাৰা তেওঁ তেওঁ কেৱল তিৱা সাহিত্য ৰচনা অসমীয়া ভাষাত সৃষ্টি হৈছে।ইয়াৰ দ্বাৰা তেওঁ কেৱল তিৱা সাহিত্য সংস্কতিক সমৃদ্ধ কৰাই নহয় অসমীয়া সাহিত্য ভঁড়া্লো চহকী কৰি থৈ গৈছে। তেওঁ ৰামধেনু অলোচনীত সেই সময়ত বিভিন্ন লেখা মেলা জৰিয়তে অসমৰ সাহিত্য সংস্কতিৰ জগতখনৰ লগত পৰিচিত হৈ পৰে। গীতিকা সুৰকাৰ গায়ক সেনাপতিয়ে ১৯৫৪ চনত মুকুল নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্ৰকাশ কৰে। তেওঁ ৰামধেনু লিখা তিৱাসকলৰ,ৰাতিসেৱা,বিষয়ক প্ৰৱন্ধই সেইসময়ত সমকালীন অসমৰ বিদ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰিৱলৈ সক্ষম হৈছিল। সেনাপতি বহুদিন ধৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য আছিল। তেওঁ বাৰপূজীয়াত অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল। তদুপৰি তেওঁ ২০০০ চনত তিৱা মাথনলাই তখ্ৰা অৰ্থা তিৱা সাহিত্য সভাৰ সভাপতি আসনো অলংকৃত কৰিছিল। সাহিত্যিক হিচাপে তেওঁ উজ্জ্বল নিদৰ্শন হল অতীতৰ সন্ধানত (১৯৯৭) পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত (১৯৯৭) আৰু তিৱা জনগোষ্ঠীয় সংস্কতিত আলোকপাত তিৱা সমাজ আৰু সংস্কতি (২০১০) এই তিনিখন গ্ৰন্হ। পুস্তিকা আকাশত প্ৰকাশ পোৱা তেওঁ প্ৰদান কৰা তিৱা জনজাতি আৰু বৈষ্ণৱ সমাজৰ শীৰ্ষক অনন্তদেৱ স্মাৰক বক্তৃতা ৰ ভাষণটোত সেনাপতিৰ চিন্তা গভীৰতা আৰু সমাজ বিশ্লেষণৰ বিচক্ষণতা সুন্দৰ ৰুপত প্ৰকাশ পাইছে। সেনাপতি মৃত্যুৰ পাছত বলাইৰাম সেনাপতিৰ ৰচনাসমগ্ৰ প্ৰকাশ হয় ২০১৭ চনত। বিভিন্ন কাকত আলোচনী স্মৃতিগ্ৰন্হ মুখপএত তেওঁ নিয়মিত ভাৱে লেখা মেলা কৰিছিল। তাৰ ভিতৰত ৰামধেনু আমাৰ প্ৰতিনিধি সাদিনীয়া আসমীয়া নৱযুগ ৰিংছাং আজিৰ অসম আৰু গৰীয়সী আদিৰ নামৰ বিশেষভাৱে উল্লেখ কৰিব পাৰি।
    সাহিত্যৰ ক্ষেএখনলৈ তেওঁ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাবে১৯৯১ চনত অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পে়ঞ্চন আগবঢ়ায়। ইয়াৰ উপৰিও তিৱা সমাজ–সংস্কৃতিৰ একান্ত সাধক গৱেষক পণ্ডিত হিচাপে নগাঁও জিলা সাহিত্য সভাই ২০১১ চনত তিলক চন্দ্ৰ দেৱশৰ্মা স্মাৰক ড° সূৰ্য্য কুমাৰ ভূঁঞা বঁটা আৰু অসমৰ লোক সংস্কৃতিৰ সাধক হিচাপে বকুল বন ন্যাস অসমে ২০১১ চনত বকুল বন বঁটা প্ৰদান কৰিছিল। 
    বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীতি আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছে। আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত বলাইৰাম সেনাপতি ৰচিত গীতি আলেখ্য কেইখন হৈছে –নগাৰ নৰোওম গোসাঁই শ্ৰীৰাম ফুলগুৰিৰ ধেঁৱা তিৱা সমাজ সংস্কতি হেৰুৱা দিনৰ সুৰ আৰু স্বাধীনতা সংগ্ৰাম বিপ্লৱী গীত। 
    বিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ সৰল জীৱন যাপন কৰা অল্পভাষী এইগৰাকী মহান ব্যক্তিয়ে ২০১৪ চনত ১১মে ত ইহলীলা সম্বৰণ কৰে।